Sunday, April 19, 2026
0 Shares

সুগন্ধিৰ মূল্য

বহু বছৰ আগৰ কথা। নন্দা নামৰ এখন নগৰীত এদিনাখন এজন ভিক্ষাৰীৰ খুব ভোক লগাত তেওঁ খোৱাৰ বাবে খাদ্য অলপ বিচৰাত এজন মানুহে তেওঁক কেইখনমান ৰুটি দিলে। তেতিয়া ভিক্ষাৰীজনে ৰুটিৰ লগত খোৱাৰ উপযোগী তৰকাৰীৰ সন্ধানত ওচৰৰ দোকান এখনত উপস্থিত হ'ল। তাত থিয় হৈ ভিক্ষাৰীজনে দোকানৰ মালিকক ৰুটিৰ লগত খোৱাৰ বাবে অলপ তৰকাৰী বিচাৰিলে। ভিক্ষাৰীজনক দেখিয়ে দোকানৰ গৰাকী খঙত অগ্নিশৰ্মা হৈ পৰিল আৰু ভিক্ষাৰীজনক লগে-লগে খেদি পঠালে।

মনৰ বেজাৰত ভিক্ষাৰীজনে তাৰ পৰা আঁতৰি আহিল যদিও পেটৰ তাড়নাত দোকানৰ গৰাকীৰ চকুৰ আঁৰ হৈ ৰান্ধনি ঘৰত সোমাল। তাত তেওঁ ধোঁৱা ওলাই থকা বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন দেখিলে। ধোঁৱা ওলাই থকা সুস্বাদু ব্যঞ্জনবোৰ দেখি ভিক্ষাৰীজনৰ মনলৈ ভাৱ আহিল যে যদি ৰুটিবোৰ সেই ভাপৰ ওপৰত ৰখা হয়, তেন্তে সেই শুকান ৰুটিবোৰত সুস্বাদু ব্যঞ্জনৰ সুবাস মিহলি হৈ যাব আৰু ৰুটিৰ লগত খাবলৈ কোনো ধৰণৰ ব্যঞ্জনৰ প্ৰয়োজনে নহ'ব। এইবোৰ ভাবিয়ে ভিক্ষাৰীজনে ৰুটিৰ স'তে খাবলৈ ব্যঞ্জন লোৱাৰ সলনি তাৰ পৰা ওলাই থকা ভাপৰ ওপৰতে শুকান ৰুটিবোৰ ৰাখি দিলে।

কিন্তু সেই সময়তে হঠাতে দোকানৰ গৰাকী তালৈ আহিল আৰু ভিক্ষাৰীজনে সুস্বাদু ব্যঞ্জন চুৰি কৰাৰ অপৰাধত তাক কৰায়ক্ত কৰিলে। ভিক্ষাৰীজনে তেওঁক হাতজোৰ কৰি ক'বলৈ ধৰিলে যে- "মই ব্যঞ্জন চুৰি কৰা নাই। মই কেৱল ব্যঞ্জনৰ অলপ সুবাসহে লৈছোঁ।" তেতিয়া মালিকে ভিক্ষাৰীজনক ভাবুকি দি ক'লে যে- "যদিও তই কেৱল সুবাসটো লৈছ, তথাপিও তই সেই সুবাসৰ বাবেও ঋণ পৰিশোধ কৰিব লাগিব।"

ভয়াতুৰ কণ্ঠত ভিক্ষাৰীজনে তেওঁক ক'লে, "মহাশয়, মোৰ হাতত বৰ্তমান এনেকুৱা একো বস্তুৱেই নাই যাৰে মই আপোনাৰ সুৱাসৰ মূল্য পৰিশোধ কৰিব পাৰিম।" তেতিয়া দোকানৰ গৰাকীয়ে খঙতে ভিক্ষাৰীজনক ধৰি মোল্লা নাছিৰুদ্দিনৰ আদালতলৈ লৈ গ'ল।

মোল্লা নাছিৰুদ্দিনে দোকানৰ মালিক আৰু ভিক্ষাৰীজনৰ কথাখিনি মনোযোগেৰে শুনিলে। দুয়োৰে কথাখিনি শুনি মোল্লাই কিছুসময় চিন্তা কৰিলে আৰু দোকানৰ গৰাকীক ক'লে- "আপুনি আপোনাৰ ব্যঞ্জনৰ সুবাস এই ভিক্ষাৰী জনে লোৱাৰ বিনিময়ত টকা বিচাৰিছে। নহয় জানো?" দোকানৰ মালিকে ক'লে-"হয়।"

তেতিয়া মোল্লাই দোকানৰ মালিকক ক'লে, "ঠিক আছে, মই নিজেই আপোনাৰ ব্যঞ্জনৰ সুবাসৰ বাবে দিব লগা ধন পৰিশোধ কৰিম।'' দোকানৰ গৰাকীয়ে এই কথাখিনি শুনিয়ে সুখী হৈ পৰিল আৰু মোল্লাক ধন দিবলৈ ক'লে। তেতিয়া মোল্লা নাছিৰুদ্দিনে তেওঁক ক'লে, "মহাশয়, মই আপোনাৰ পাচলিৰ সুবাসৰ মূল্য মুদ্ৰাৰে নহয় তাৰ শব্দৰেহে পৰিশোধ কৰিম।" তেওঁ কথাখিনি কৈ থাকোতেই জেপৰ পৰা কেইটামান মুদ্ৰা উলিয়াই দুয়োখন হাতত লৈ সেইবোৰ বজাই শব্দ কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত তেওঁ সেই মুদ্ৰাবোৰ পুনৰ পকেটত ভৰাই থ'লে।

এই সকলোবোৰ দেখি দোকানৰ গৰাকীয়ে আচৰিত হ'ল। তেওঁ মোল্লা নাছিৰুদ্দিনক প্ৰশ্ন কৰিলে- তেওঁ এয়া কেনেদৰে এই মূল্য পৰিশোধ কৰিছে! এনেদৰে জানো ঋণ পৰিশোধ কৰিব পাৰি? ইয়াৰ উত্তৰত মোল্লাই ক'লে, "মহাশয়! এই ভিক্ষাৰীজনে আপোনাৰ পৰা আপোনাৰ ব্যঞ্জনৰ সুবাস লৈছিল। সেইবাবে মই আপোনাক মুদ্ৰাৰ শব্দ শুনালোঁ। যদি এই ভিক্ষাৰীজনে আপোনাৰ পৰা তৰকাৰি ল'লেহেতেঁন আপোনাক মই কিছু মুদ্ৰা দি ভিক্ষাৰীৰ ঋণ পৰিশোধ কৰিলোঁহেতেঁন।" মোল্লাৰ যুক্তিপূৰ্ণ উত্তৰ শুনি দোকানৰ মালিকজনে শিৰ নত কৰি তাৰ পৰা গুচি গ'ল। ভিক্ষাৰীজনেও আনন্দ মনে নিজ ৰাস্তাৰে গুচি গ'ল।

নীতিশিক্ষা: প্ৰতিটো সমস্যাৰে জ্ঞান আৰু চতুৰতাৰে সমাধান উলিয়াব পাৰি, যেনেদৰে মোল্লা নাছিৰুদ্দিনে এই কাহিনীটোত দোকানৰ মালিকৰ সৈতে কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment