Sunday, April 19, 2026
0 Shares

মিছৰংপৰ সাধু

মিছৰংপৰ সাধু

অতি পুৰণি কালৰ কথা। "মিছ'ৰংপ" (টোকা পৰুৱা) ৰ মােমায়েকে দূৰণিৰ পাহাৰত জুম-খেতি কৰিছিল। দিনৌ ভাতৰ টোপােলা লৈ সি মােমায়েকক ভাত দি আহে। এদিনাখন ভাতৰ টোপােলা লৈ যাওঁতে, চহং।ক'ল'ছ' (চুক ভেকুলী) য়ে মাজ বাটতে তাক আগভেটা দিলে। বাট এৰি নিদিয়া দেখি মিছ’ৰংপ'ই ভেকুলীক এইবুলি ক'লে,-“চহংক'ল'ছ', মােক বাট এৰি দিয়া। সােনকালে মােমাইদেউলৈ ভাত নিব লাগে।” উত্তৰত সি ক'লে, “মােৰ তলেদি সৰকি নােযােৱা কিয়? সকলােৱে দেখােন মােৰ তলেদিহে পাৰ হৈ যায়।”

“মােমাইদেউলৈ অনা ভাতৰ টোপােলা আছে কেনেকৈ মই তােমাৰ তলেদি পাৰ হব পাৰিম”— পৰুৱাই ক'লে। ভেকুলীয়েও বাট এৰি নিদিয়ে, পৰুৱাইয়াে ফালৰি কাটি নাযায়। দুয়ােৰে মাজত কথাৰ কটাকটি হৈ থা‌কোতে ভৰ দুপৰ হ'লহি। নিৰুপায় হৈ পৰুৱাই ভাবিলে, বহুত বেলি হ'ল। মােমাইদেউৰ চাগৈ বৰ ভোক লাগিছে। এইবুলি ভাবি সি ভেকুলীৰ দুই ঠেঙৰ মাজেৰে যাবলৈ চেষ্টা কৰিলে। এইদৰে যাওঁতে, ভেকুলীয়ে পৰুৱাৰ ওপৰত হেঁচা মাৰি ধৰিলে। পৰুৱাটোৱে উপায় নাপাই ভেকুলীৰ পেটত ৰাম কামােৰ দিলে। ভেকুলীয়ে বিষত তৎ নাপাই এটা দীঘল জাঁপ মাৰিলে। এনেদৰে জপিওৱাৰ ফলত, কাষত থকা বৃদ্ধ কেৰ্কেটুৱা (কাৰলে ছাৰপ’) ৰ জখলাত লাগিলত জখলাখন ভাগি থাকিল। কেৰ্কেটুৱাটোৱে চক্ খালে আৰু খঙত হানথাৰ' শুটিৰ ঠাৰি কাটি-ছিঙি পেলালে। হানথাৰ গুটিয়ে খং কৰি তলত চৰি ফুৰা ফাক বেলেংপি (এবিধ বনৰীয়া গাহৰি) ৰ পিঠিত কোব মাৰিলে। ফাক বেলেংপিৰ বিৰাট খং উঠিল আৰু বনৰীয়া কলগছ উভালি পেলালে। | ‘ভুঁইকোমােৰা' ৰবাব টেঙাৰ সদৃশ এবিধ লতাফল। ইয়াৰ বাকলি অতি তিতা। ইয়াৰ শাহ বৰ সােৱাদ।

উভাল খাই কলগছ জোপাই ৱ' আৰবিপি (এবিধ সৰু চৰাই) ৰ বাহ ভাঙি পেলালে। কলগছজোপাৰ কাষতে ইংনাৰ ন'থংপ’ (কাণ কলা হাতী)য়ে চৰি ফুৰিছিল। ৱ' আৰবিপিয়ে ভয়ত বিচূর্তি খাই ইংনাৰ ন’থংপৰ কাণত সােমালগৈ। কাণত কি সােমাল বুলি চক খাই ইংনাৰ ন’থংপ’য়ে শিল এডােখৰ গুৰিয়াই তললৈ বগৰাই পেলালে।

পাহাৰৰ নামনিত ৰাজকোঁৱৰে চিকাৰ কৰি ফুৰিছিল। খঙত একো নাই হৈ শিলডােখৰ বাগৰি বাগৰি গৈ ৰাজকোঁৱৰক হেঁচা মাৰি ধৰি তেওঁৰ মৃত্যু ঘটালে। ৰাজকোঁৱৰৰ মৃত্যু-সংবাদ পাই ৰজাই বিচাৰ কৰিলে। ওপৰৰ পৰা বাগৰি অহা শিলডােখৰে ৰাজকোঁৱৰৰ মৃত্যু ঘটালে বুলি ৰজাক কোনােবাই জনালে। ৰজাই শিলডোখৰক প্ৰশ্ন কৰিলে,-“হেৰ’ শিল, মােৰ ল'ৰাটোক তই কিয় হত্যা কৰিলি?” শিলডোখৰে ক'লে,-“হে হেমফু আৰনাম ৰেচ’ মই তললৈ বাগৰি গৈ ৰাজকোঁৱৰক নামাৰি আৰু মােৰ কি উপায় আছিল? কলা হাতীটোৱে মােক গুৰিয়াই তললৈ পেলাই দিছিল; মােৰ হাত নাইকিয়া, ভৰি নাইকিয়া, কিহেৰে মােৰ গতিক প্রতিবােধ কৰিম? আপােনাৰ লৰাটো মােৰ পথত ৰৈ আছিল আৰু সেয়েহে মই তেওঁৰ ওপৰেদি বাগৰিবলগীয়াত পৰিলাে।" তেতিয়া ৰজাই ক'লে,-“সেই কলা হাতীটোৰ কাৰণেই এনে দুর্ঘটনা হ'বলৈ পালে।” ৰজাই হাতীটোক ধৰি আনিবলৈ আদেশ দিলে। অনাত ৰজাই প্রশ্ন কৰিলে,- “হেৰ’ কলা হাতী, তই কিয় শিলডোখৰ বগৰালি?” হাতীয়ে উত্তৰত ক'লে,-“হে হেমফু আৰনাম, শিলত গােৰ নামাৰি মােৰ উপায় নাছিল। সেই দুষ্ট ৱ' আৰবিপিয়ে মােৰ কাণত সােমাই মােক তৰণি নােহােৱা কৰিলে। সেয়েহে মই শিলডোখৰত গােৰ মাৰি বগৰাই পেলাইছিলাে।”

ৰজাই ভাবিলে, সেই দুষ্ট চৰাইটোৰ গাতহে দোষ। এইবুলি তেওঁ চৰাইটোৰ কাষলৈ গ'ল। ৰজাই প্রশ্ন কৰিলে,-“হেৰ' দুষ্ট চৰাই, তই কিয় হাতীৰ কাণত সােমাইছিলি?” চৰাইটোৱে ক'লে,-“হে হেমফু, মই কিয় নােসােমাম? কলগছে মােৰ বাহ কোবাই ভাঙি পেলালে। মই নিৰুপায় হৈ হাতীৰ কাণত আশ্ৰয় লৈছিলাে।” তাৰ পাছত ৰজাই কলগছক সুধিলে, “হেৰ' কলগছ, তই কিয় আৰবিপিৰ ঘৰ ভাঙিলি?” আৰবিপিয়ে ক'লে,-“কিয় মই নাভাঙিম হেমফু? আৰনাম, সেই বনৰীয়া গাহৰিটোৱে মােৰ গুৰি উভালি পেলালে। শিপা নােহােৱা হেতুকে মই থিয় হৈ থাকিব নােৱাৰি বাগৰি পৰিছিলোঁ।”

ৰজাই এইবাৰ গাহৰিৰ ওচৰলৈ গ'ল আৰু তেওঁক প্রশ্ন কৰিলে,-“হেৰা কেৰ্কেটুৱা, তই কিয় হানথাৰ গছৰ ঠাৰি কুটি ছিঙিছিলি?”

“হে হেমফু আৰনাম! চংহক’ল'ছই মােৰ জখলাৰ ওপৰত জঁপিয়াই পৰি জখলাডাল ভাঙি পেলালে। মােৰ বাট নথকাত, হানথাৰ শুটিৰ ঠাৰি কুটি বাট উলিয়াইছিলো।”

ৰজাই ভাবিলে— সকলাে জগৰৰ মূল কাৰণ সেই ভেকুলী। এইবুলি ভেকুলীক প্রশ্ন কৰিলে,- “হেৰ চংহ’কল’ছ’! তই কাৰলেৰ জখলা কিয় নষ্ট কৰিলি?”

ভেকুলীয়ে গহীনাই উত্তৰ দিলে,“মই কিয় জপিয়াই নষ্ট নকৰিম? মােৰ পেটত পৰুৱাটোৱে কামােৰ দিয়াত, বিষত তৎ নাপাই জঁপিয়াইছিলোঁ। তাত কাৰলে’ৰ জখলা আছিল বুলি মই জনা নাছিলাে।”

এইবাৰ ৰজাই মিছ’ৰংপক প্রশ্ন কৰিলে,-“হেৰ মিছৰংপ’, তই কিয় ভেকুলীৰ পেটত কামুৰিছিলি?”

মিছৰংপ’য়ে ক'লে,-“মই কিয় নাকামুৰিম? ৰাতিপুৱাই মােমাইদেউৰ কাৰণে ভাত নিছিলোঁ। এই ভেকুলীটোৱে মােক বাট দিয়া নাছিল। বাট এৰি দিবলৈ কোৱাত, তাৰ ঠেঙৰ তলেদি মােক যাবলৈ ক'লে। মই তাৰ তলেদি যাওঁতে, সি মােক হেঁচা মাৰি ধৰিলে। মই নিৰুপায় হৈ তাৰ পেটত কামােৰ দিয়াটো সঁচা।”

ৰজাই বিচাৰ কৰি পালে—এই ভেকুলী আৰু টোকা পৰুৱাৰ কাজিয়াই ৰাজকোৱৰৰ মৃত্যুৰ মূল কাৰণ। গতিকে পৰুৰাক মূৰৰ চুলিৰে বান্ধি ওলমাই থলে আৰু ভেকুলীক চোৰাত পাতেৰে কোবাই শাস্তি দিলে। সেই ঘটনাৰ ফলত আজিকোপতি চুক ভেকুলীৰ ছালখন খঁহটা আৰু পৰুৱাৰ কঁকাল চিঞা হােৱা বুলি কাৰবি্ সকলৰ সকলােৱে বিশ্বাস কৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment