Sunday, April 19, 2026
0 Shares

সাম্প্রদায়িক সম্প্রীতি

সাম্প্রদায়িক সম্প্রীতি

ভূমিকা: এশ কোটি জনসংখ্যাৰ দেশ ভাৰত পুথিৱীৰ অন্যান্য প্ৰান্তৰ লোকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু ইয়াৰ বৈচিত্ৰতাৰ বাবে। ভাৰতীয় সভ্যতা অতি প্রাচীন। এই দেশত বাস কৰে বিভিন্ন ধর্ম, ভাষা, বর্ণ আৰু সম্প্ৰদায়ৰ লোক। ধৰ্ম আৰু অন্যান্য বিষয়ক কেন্দ্ৰ কৰি ইয়াত মাজে মাজে দেখা যায় বিভিন্ন সম্প্ৰদায়ৰ মাজত বিৰোধ, বিভেদ। এই বিৰোধ কেতিয়াবা চৰম ৰূপ লৈ ৰক্তক্ষয়ী হৈ পৰে। সম্পত্তিৰ ক্ষতি হয়, বহু নিৰপৰাধী মানুহে বিনা দোষত প্ৰাণ হেৰুৱাবলগীয়া হয়। ভাৰতত এই ধৰণৰ অনেক ঘটনাৰ উদাহৰণ আছে।

সাম্প্রদায়িক সম্প্রীতিৰ প্ৰয়োজনীয়তা: সম্প্রদায় হিচাপে বুজোৱা হয় কোনো দল, গোষ্ঠী, সংঘ বা সমাজক। এওঁলোকৰ মাজত সদ্ভাৱ বা ভ্রাতৃত্ববোধেই হ’ল সাম্প্রদায়িক সম্প্রীতি। কোনো দেশ বা সমাজত বসবাসকাৰী বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত সম্প্ৰীতিৰ অভাৱ হ’লে সেই দেশ বা সমাজৰ উন্নতি সম্ভৱ নহয়।বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত অবিশ্বাস, সন্দেহ আৰু অসহিষ্ণুতা থাকিলে দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে। সেয়েহে সকলো সম্প্ৰদায়ৰ মাজতেই প্রয়োজন একতাভ্রাতৃত্ববোধ। সকলোতকৈ উৰ্ধত যে দেশ, দেশৰ ঐক্য এই কথা সকলোৱে একে মুখে কামনা কৰা উচিত। কোন সম্প্রদায় উচ্চকোন নীচ বিচাৰ কৰি থকাতকৈ সকলোৱে মনত ৰখা উচিত যে আমি একে দেশৰ নাগৰিক।

সাম্প্রদায়িক বিৰোধিতাৰ স্বৰূপ: ভাৰতত ৰাজতন্ত্ৰ থকা অৱস্থাত কোনো কোনো ৰজাৰ মাজত সাম্প্রদায়িকতা বা ধর্মীয় গোড়ামি প্রৱল আছিল। কিন্তু তাৰ ফলত সাম্প্রদায়িক সংঘৰ্ষই দেশজুৰি ব্যাপক আকাৰ ধাৰণ কৰা নাছিল। ব্ৰিটিছ আমোলত ইংৰাজ শাসকৰ চক্ৰান্তত হিন্দু আৰু মুছলমানৰ মাজত বিৰোধ প্রবল হৈ উঠে। তাৰ ফলতেই আৰম্ভ হয় সংঘর্ষ, লুট পাট, হত্যা। স্বাধীন ভাৰততো সাম্প্রদায়িক বিৰোধ বাঢ়িয়েই আছে। মন্দিৰ-মছজিদ বিতর্ক, ধর্মীয় শোভাযাত্ৰা আদিক কেন্দ্ৰ কৰি হিন্দু-মুছলমানৰ মাজত বিবাদ দেখা যায় আৰু ই কেতিয়াবা সংঘৰ্ষৰ ৰূপ লয়। কেৱল সেয়াই নহয়, একেই ধৰ্মৰ বিভিন্ন সম্প্রদায় মাজতো উচ্চ বৰ্ণনিম্ন বর্ণ, বিভিন্ন ভাষাক লৈ বিৰোধ দেখা যায়, যিয়ে কেতিয়াবা ৰক্তাক্ত ৰূপ লয়। শেহতীয়াভাৱেও কেইবাখনো ৰাজ্যত জাতি, ধৰ্মক লৈ গণহত্যা চলি গৈছে। এইবোৰৰ পিছত আছে পৰস্পৰৰ প্ৰতি অবিশ্বাস, সন্দেহ, অসহিষ্ণুতা, ধর্মীয় গোড়ামি, ৰাজনৈতিক আৰু অর্থনৈতিক স্বার্থ।

সম্প্ৰীতি ৰক্ষাৰ প্ৰচেষ্টা: সমাজত বসবাসকাৰী বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত যে সম্প্ৰীতিৰ প্ৰয়োজন। তাত কাৰো দ্বিমত থাকিব নোৱাৰে। এই সন্দৰ্ভত বস্তৃতানুষ্ঠান, সমাৱেশ, শোভাযাত্রা আদিৰো আয়োজন কৰা পৰিলক্ষিত হয়। চৰকাৰ পক্ষৰ পৰাও আজিকালি বাতৰিকাকত, টেলিভিছনযোগে সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ বাবে প্ৰচাৰ চলোৱা দেখা যায়। পিছে বাহ্যিক প্ৰচাৰৰ সলনি এই ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিলেহে সফলতা আশা কৰিব পাৰি।

ছাত্ৰ সমাজৰ ভূমিকা: সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ বাবে ছাত্ৰ সমাজৰো কিছু দায়িত্ব আৰু কৰ্তব্য আছে কোনো বিষয়ক কেন্দ্ৰ কৰি সাম্প্রদায়িক উন্মাদনা গঢ় লৈ উঠিলে ছাত্ৰ সমাজ আগুৱাই আহিব লাগিব তাক বন্ধ কৰাৰ বাবে। বিভিন্ন অনুষ্ঠান, শোভাযাত্রা, জনকল্যাণমূলক কামেৰে বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত ধৰ্ম নিৰপেক্ষতা, মৈত্রী, ভাতৃত্ববোধ জগাই তুলিব লাগিব। অৱশ্যে শিক্ষানুষ্ঠানত ছাত্ৰক এই ক্ষেত্ৰত উপযুক্ত কৰিবলৈ ব্যৱস্থা কৰিব লাগিব।

সামৰণি: সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ বাবে সকলোৱে আন্তৰিকতাৰে আগুৱাই আহিব লাগিব। পৰস্পৰৰ প্রতি সন্দেহ, অবিশ্বাস, ঘৃণা দূৰ কৰিব লাগিব। এই বিষয়ত ৰাজনৈতিক দলবোৰৰ ভূমিকাও গুৰুত্বপূর্ণ। সন্দেহ, অবিশ্বাস দূৰ কৰি পৰস্পৰৰ মাজত ঐক্য আৰু শ্ৰদ্ধাবোধ জগাই অনুভৱ কৰিব লাগিব – আমি সকলো ভাৰতবাসী।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment