Sunday, April 19, 2026
0 Shares

কাথাৰ আৰু হেনছেক

কাথাৰ আৰু হেনছেক

অতি পুৰণি কালৰ কাহিনী। পৃথিৱীখন তেতিয়াও আমাডিমা অৱস্থাত আছিল। সৰগৰ দেৱতাসকলৰ মনত এটা ডাঙৰ প্ৰশ্নই দেখা দিলে— ‘পৃথিৱীত থকা মানৱ জাতিক কোনে প্রতিপালন কৰিব?’ দেৱতাসকলে আলােচনা কৰি ঠিক কৰিলে যে ছংছাৰপ'ৰ ল’ৰাৰ ওপৰতে এনে এটি গধুৰ দায়িত্ব দিয়া হওক। তেতিয়া ছংছাৰ ৰেচ'ৰ ডাঙৰ ল'ৰাটোক দেৱতাসকলে মাতি আনিলে আৰু মানৱ জাতিক প্রতিপালন কৰাৰ দায়িত্ব তাৰ ওপৰত দি তাক পৃথিৱীলৈ যাবলৈ ক'লে।

ইফালে দেৱতাক আদৰিবৰ কাৰণে পৃথিৱীত আয়ােজন চলিল। দুটি সুন্দৰ ঘৰ সজোৱা হ'ল। এটি ঘৰ ৰং-চং দি চকুত লগাকৈ সজাই থােৱা হল, আনটো সাধাৰণভাৱে সজোৱা হ’ল। এইটো কিন্তু কাৰবি নিয়ম-নীতি মানি সজোৱা হেতুকে প্রথমটোতকৈ অধিক পৱিত্ৰ হ’ল। দেৱতাক আদৰিবলৈ দ’লা (দোলা) সাজি তাত ধুনীয়া ৰং দি চকুত-লগা কৰা হ'ল। দেৱতাক আদৰি অনাৰ দিনবাৰো ঠিক হ’ল। আহাৰ-পানীৰ কাৰণে ছংছাৰ ৰেচৰ জোৱায়েক ক্ৰ আৰু ৰংহাঙৰ ঘৰত আয়ােজন কৰা হ'ল।

নির্দিষ্ট দিনত ছংছাৰ ৰেচৰ ডাঙৰ ল'ৰাজন স্বৰ্গৰ পৰা নামি আহিল। আদবাটৰপৰা তেওঁক আগতে সজাই থােৱা দোলাত তুলি আদৰি অনা হ'ল। ঢােলে-ডগৰে আহি তেওঁ ভনীয়েকৰ ঘৰৰ ওচৰ পালেহি। ছংছাৰ ৰেচৰ জীয়েক কাএতে এখন্তেক জিৰণি ল'বলৈ ককায়েকক অনুৰােধ কৰিলে। তেওঁ ভনীয়েকৰ অনুৰােধ ৰক্ষা কৰি তাত এখন্তেক জিৰণি ল'লে। কাএতে হৰপ'-হৰলাং (মদ) আগত দি ককায়েকক সন্মান কৰিলে।

হৰপ'-হৰলাং খােৱাৰ কাৰণে হুংছাৰ ৰেচ’ৰ ল'ৰাজনৰ মন অশুচি হল আৰু তেওঁ মনৰ পৱিত্ৰতা হেৰুৱাই পেলালে। ছংছাৰ ৰেচৰ দেৱত্ব গুণ চাবৰ কাৰণে ৰাইজে বেয়া কঠীয়া ধান আনি সুন্দৰকৈ সজোৱা ঘৰত থৈছিল। ছংছাৰ ৰেচ’ৰ ল'ৰাই ভনীয়েকৰ ঘৰৰ পৰা আহি নির্দিষ্ট কৰি থােৱা ঘৰত ৰ'লহি। মনৰ পৱিত্ৰতা নথকা হেতুকে বেয়া কঠীয়াও গজালি মেলিব বুলি কোৱা কথাষাৰ নফলিল। কচুৰ মাজত এটা ভাল কচু আছিল। কেনেবাকৈ সেইডােখৰ কচুৰ পৰাহে গজালি মেলিলে। গতিকে ছংছাৰ ৰেচৰ ডাঙৰ ল'ৰাজনক 'ইংতি হেনছেক’ অর্থাৎ কচু ফৈদৰ ইংতি বুলি সকলােৱে মাতিবলৈ ধৰিলে।

ছংছাৰ ৰেচ’ৰ ডাঙৰ ল'ৰাজনৰ গাত দেৱত্ব গুণ নথকা হেতুকে দেৱতাসকলে সৰুজন ল'ৰাক পঠিয়াবলৈ থিৰাং কৰিলে। পূৰ্বৰ দৰেই তেওঁকো আদৰিবলৈ আয়ােজন কৰা হ'ল। পৃথিৱীখন অশুচি হৈ থকা বাবে তেওঁ স্বৰ্গৰ পৰা নামি নাহিল। বৰষুণৰ পানীৰে পৃথিৱীখন নিকা কৰাৰ পাছত তেওঁ স্বৰ্গৰ পৰা আহিবলৈ সাজু হ’ল। এছােৱা বাটৰ পৰা দোলাত কৰি আনিবলৈ ব্যৱস্থা চলিল। দোলাত পূৰৈ শাকৰ ৰং লাগি থকা বাবে তেওঁ দোলাত নাহি খােজকাঢ়ি আহিল।

এইদৰে ছংছাৰ ৰেচৰ দ্বিতীয়জনা লৰাক আদৰি অনা হ'ল। বাটত ভনীয়েকহঁতে এখন্তেক জিৰাই যাবলৈ অনুৰােধ কৰা সত্বেও তেওঁ ৰাইজৰ কর্তব্য শেষ নকৰা পর্যন্ত কাৰো ঘৰত নােসােমাবলৈ থিৰ কৰিলে। ৰং-বিৰঙৰ ঘৰত তেওঁ প্ৰৱেশ নকৰি পৱিত্ৰ অথচ সাধাৰণভাৱে সজোৱা ঘৰটোত আহি আশ্রয় ল’লেহি। ৰাইজে তেওঁৰ গাত দেৱত্ব গুণ চাব কাৰণে ভাল আৰু বেয়া ধানৰ সঁচ মিহলি কৰি আগত দিলেহি। তেওঁ ভাল চাই ধানৰ সচ বাছিহে সিঁচিব দিলে। এনেদৰে চিন্তা কৰি সঠিক সমিধান দিব পৰা কাৰণে তেওঁক 'ইংতি কাথা’ৰ বুলি সকলােৱে মাতিবলৈ ধৰিলে।

ছংছাৰ ৰেচৰ দ্বিতীয় লৰাক পুনৰ পৰীক্ষা কৰিবলৈ পৃথিৱীৰ ৰাইজে থিৰাং কৰিলে, সকলাে ৰাইজে মিলি আন এটি ঘৰ সজালে আৰু তাত তেওঁক বন্দী কৰি থলে। ৰাইজে ক'লে,- “ আপােনাৰ গাত যদি দেবত্ব গুণ আছে তেনেহ'লে জুইৰ মাজত আপুনি জীয়াই থাকিব পাৰিব।” তেওঁ ভাবিলে এইটো বৰ কঠিন পৰীক্ষা। তেওঁ তৎক্ষণাত শহুৰেক কাৰপু ৰেচ'(বন-ৰৌ)ক বাতৰি জনাই মুক্তিৰ উপায় বিচাৰিলে। এনে এটা বিপদৰ পৰা ৰক্ষা কৰিবলৈ শহুৰেক কাৰপু ৰেচ'ই তেওঁৰ ঘৰৰ পৰা জোঁৱায়েকৰ ঘৰলৈকে মাটিৰ তলেৰে এটা গাঁত কৰিব ধৰিলে। ছংছাৰ ৰেচৰ ল'ৰাই ৰাইজক এইদৰে কলে, – “দেৱতাসকল, মােৰ মৃত্যু আসন্ন। গতিকে মােৰ ল'ৰা- ছােৱালীয়ে লগত দিয়া মদপানী খাবলৈ দুদিনমান সময় দিয়ক।” তেওঁৰ অনুৰােধ ৰক্ষা কৰি ৰাইজে কিছুদিন অপেক্ষা কৰিলে। ইতিমধ্যে বন-ৰৌহঁতে তলে তলে সজা সুৰুঙাটো কৰি উলিয়ালে। দুদিনমানৰ অন্তত ৰাইজে ঘৰখনত জুই লগাই ঘৰটো জ্বলাই দিলে। জুই জ্বলি শেষ হ'লত তেওঁ সুস্থ শৰীৰে ৰাইজৰ আগত দেখা দিলে। পৃথিৱীৰ লােকে ছংছাৰ ৰেচ'ৰ দ্বিতীয়জন ল'ৰাক দৈৱশক্তি থকা বুলি হেমফু সন্মানেৰে সন্মানিত কৰিলে আৰু পৃথিৱীৰ ত্রাণকর্তা বুলি স্বীকাৰ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment