Sunday, April 19, 2026
0 Shares

শিক্ষকৰ বেতন

এদিন ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত ওলাই গৈ বীৰবল উপস্থিত হ’ল এজন ধনী সদাগৰৰ ঘৰত। টকা-পইচা খৰচৰ ক্ষেত্ৰত সদাগৰ আছিল বৰ হিচাবী। তদুপৰি বহুত মানুহকে ঠগাই বহুত সম্পত্তিৰ মালিক হৈছিল। বীৰবলক সদাগৰজনে চিনি পােৱা নাছিল। তথাপি দুয়াে ইটো সিটো কথা পতাৰ পিছত সদাগৰে বুজিলে যে বীৰবল এজন শিক্ষিত লােক।

সদাগৰৰ পুতেক আছিল তিনিজন। পুতেকহঁতক পঢ়াবৰ কাৰণে সদাগৰে নিয়ােগ কৰা শিক্ষকজনে ইতিমধ্যে কাম এৰি দিছিল। সেইবাবে তেওঁ এজন শিক্ষকৰ সন্ধানত আছিল। ল'ৰাকেইজনক পঢ়ুৱাৰ দায়িত্ব বীৰবলকে দিব বিচাৰিলে। সেইকথা জনােৱাত বীৰবলে সুধিলে - “মাহে মােক কিমান বেতন দিব?”

“আগতে যিজনে পঢ়াইছিল তেওঁক পিন্ধা কাপােৰ, থকা-খােৱা দিয়াৰ উপৰি মাহে দুই টকা বেতন দিছিলাে। আপােনাকো সেই হিচাবেই দিম।”

“আগৰ শিক্ষকজনতকৈ মই বেছি ভালকৈ পঢ়ুৱাম মহাশয়। গতিকে মােক বেতন বেছি লাগিব। সেয়ে কিমান দিব পাৰিব খাটাংকৈ কওক।” – বীৰবলে সুধিলে।

“ঠিক আছে আপােনাক তিনি টকা দিম। ইয়াতকৈ মই অধিক দিব নােৱাৰ।”

সদাগৰৰ কথা শুনি বীৰবলে হাঁহি হাঁহি সুধিলে– “মহাশয়, আপােনাৰ ঘোঁৰা ৰখীয়া আৰু ঘোঁৰাগাড়ী চালকৰ বেতন কিমান?”

“সিহঁতক পিন্ধা কাপােৰ, থকা-খােৱা দিয়াৰ উপৰি মাহে বিশ টকা বেতন দিওঁ।” – সদাগৰে জনালে।

“ঠিক আছে। তেনেহলে লিখা-পঢ়া শিকি লাভ কি হ’ল? বেতন মাহে তিনি টকা হ'ব। তাতকৈ ঘোঁৰা ৰখীয়া, ঘোঁৰা গাড়ী চালক হলে মাহে বিশ টকাকৈ বেতন পাব। আপােনাৰ পুত্ৰক লিখা-পঢ়া শিকোৱাতকৈ ঘোঁৰা ৰখীয়া বা ঘোঁৰা গাড়ী চালক হােৱাৰ শিক্ষাকে দিয়ক।” সেইদৰে কৈ বীৰবল যাবলৈ ওলাল। সদাগৰে লাজত তলমূৰ কৰিলে। বীৰবলেও নিজৰ ঘৰলৈ যাব ধৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment