Sunday, April 19, 2026
0 Shares

মোল্লা নাছিৰুদ্দিন আৰু পৰ্যটকৰ কাহিনী

এবাৰ মোল্লা নাছিৰুদ্দিন মক্কা আৰু মদিনালৈ তীৰ্থযাত্ৰাৰ বাবে গ'ল। যেতিয়া তেওঁ মক্কা গৈ পালে তাত তেওঁ এজন পৰ্যটকক অতি চিন্তান্বিত মনেৰে মছজিদৰ বাহিৰত ঘূৰি ফুৰা দেখিলে। প্ৰায় একে সময়তে পৰ্যটকজনেও মোল্লাৰ ফালে চকু দিলে। তেওঁ প্ৰায় লগে লগেই মোল্লা নাছিৰুদ্দিনৰ কাষ চাপি আহিল আৰু ক'লে- "মহাশয়! আপোনাক এই ঠাইৰে বাসিন্দা যেন লাগিছে। আপুনি মোক এই মছজিদৰ বিষয়ে কিবা অলপ হ'লেও তথ্য দিব পাৰিব নেকি?"

মোল্লাই পর্যটকৰ কথাৰ একো ওৰ নাপালে। তেতিয়া সেই পৰ্যটকনজনে মোল্লাক বুজাই দিলে যে তেওঁ মক্কালৈ ফুৰিবলৈ আহিছিল, কিন্তু তেওঁৰ ওচৰত থকা ভ্ৰমণ সম্পৰ্কীয় কিতাপখন ক'ৰবাত হেৰাই গৈছে। সেই কিতাপখনৰ সহায়তে তেওঁ সকলোবোৰ ঠাইৰ বিষয়ে জানে, বুজি পায় আৰু পৃথিৱীৰ বিখ্যাত বিখ্যাত ঠাই সমূহ ভ্ৰমণ কৰে। এতিয়া কিতাপখন তেওঁৰ হাতত নোহোৱাৰ বাবে এই মছজিদৰ বিষয়ে তেওঁ একোৱে বুজি পোৱা নাই।

পৰ্যটকজনৰ সকলোবোৰ কথা মোল্লাই মনোযোগেৰে শুনিলে আৰু তেওঁক ক'লে যে- "হয়। মই এই মছজিদ আৰু ইয়াৰ ঠাইবোৰৰ বিষয়ে ভালদৰেই জানো। মই আপোনাক এই মছজিদৰ বিষয়ে সকলো তথ্য দিব পাৰোঁ।" মোল্লাই অতি আগ্ৰহেৰে পৰ্যটকজনক মছজিদ আৰু ইয়াৰ চাৰিওফালৰ ঠাইৰ বিষয়ে অতি উৎসাহেৰে ক'বলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে যে এই মছজিদটো মহান আলেকজেণ্ডাৰে আৰৱ বিজয় কৰাৰ স্মৃতিচিহ্ন হিচাপে নিৰ্মাণ কৰিছিল।

পৰ্যটকজনে মোল্লাৰ কথাবোৰ অতি মনোযোগেৰে শুনিলে আৰু তেওঁ চিন্তা কৰিলে যে, মহান আলেকজেণ্ডাৰ দেখোন গ্ৰীক আছিল তেওঁতো মুছলমান নাছিল। পিছ মুহুৰ্ততে পৰ্যটকজনে মোল্লাক ক'লে-"মোৰ জ্ঞাত মতে আলেকজেণ্ডাৰ গ্ৰীক আছিল, মুছলমানতো নাছিল?" মোল্লাই তেতিয়া হাঁহি হাঁহি ক'লে যে- "হয়তো আপুনি কথাটো বিতং ভাৱে নাজানে। সেই যুদ্ধৰ বিজয় লাভ কৰি আলেকজেণ্ডাৰ অপৰিসীম সম্পদ লাভ কৰে। আৰু এয়া তেওঁ আল্লাৰ অনুগ্ৰহ হিচাপে গ্ৰহণ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।"

মোল্লাৰ কথাৰ প্ৰত্যুত্তৰ দি পৰ্যটকজনে ক'লে যে- "আলেকজেণ্ডাৰৰ সময়ততো পৃথিৱীত ইছলাম ধৰ্মৰ অস্তিত্বই নাছিল?" মোল্লাই ক'লে- "আপোনাৰ কথাটোত যুক্তি আছে সঁচা, কিন্তু যুদ্ধ শেষ হোৱাৰ পিছত আলেকজেণ্ডাৰে এটা নতুন ধৰ্মৰ প্ৰতিষ্ঠা কৰিলে। এই ধৰ্মই পিছলৈ ইছলাম নামেৰে জনাজাত হৈ পৰিল আৰু এই আলেকজেণ্ডাৰেই ইছলাম ধৰ্মৰ প্ৰৱৰ্তক।"

পৰ্যটকজনে মোল্লাৰ কথাখিনি শুনি মছজিদলৈ চাই ক'লে, "মই জনা মতে, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আছিল মহম্মদ হজৰত। মই এই বিষয়ে কিতাপতো পঢ়িছোঁ।" মোল্লাই ক'লে- "আপোনাৰ তথ্য শুদ্ধ, কিন্তু ই সম্পূৰ্ণৰূপে স্পষ্ট নহয়। আলেকজেণ্ডাৰকে মহম্মদ হজৰত নামে জনা যায়। তেওঁ নতুন ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ নাম সলনি কৰি মহম্মদ হজৰত ৰাখিছিল।"

পৰ্যটকজনে মোল্লাৰ কথাখিনি শুনি ক'লে যে- "এয়াতো আচৰিত তথ্য!" তাৰ পিছত তেওঁ মোল্লাক সুধিলে- "কিন্তু আলেকজেণ্ডাৰৰ ৰাজত্বকাল মহম্মদ হজৰতৰ বহু শতিকা আগতেই আছিল?" তেতিয়া মোল্লাই হাঁহি হাঁহি ক'লে, "হয়তো আপুনি আন এজন আলেকজেণ্ডাৰৰ বিষয়ে কৈ আছে। কিন্তু মই আপোনাক সেই আলেকজেণ্ডাৰৰ বিষয়ে কৈ আছিলোঁ যাক সকলোৱে হজৰত মহম্মদ বুলি জানিছিল।"

নীতিশিক্ষা: আমি সদায় নিজৰ তথ্যত বিশ্বাস ৰখা উচিত। কেতিয়াবা মানুহে ভুল বুজা-বুজিৰ ফলত অশুদ্ধ তথ্যৰে যুক্তি প্ৰদান কৰে, যি একো কামৰ নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment