Sunday, April 19, 2026
0 Shares

মূৰ্খৰ তালিকা

এবাৰ এজন অচিনাকি বেপাৰীয়ে কেইটামান ঘোঁৰা বিক্রী কৰিবলৈ আকবৰৰ ওচৰলৈ আহিল। খুব ভাল জাতৰ ঘোঁৰা দেখি আকবৰে আটাইকেইটা ঘোঁৰা কিনিলে। সেই কেইটা ঘোঁৰা কিনাৰ উপৰিও তাতকৈ শক্তিশালী অন্য ঘোঁৰা দহটা আনিবলৈ আকবৰে বেপাৰীজনক ক'লে আৰু তাৰ কাৰণে আগধন হিচাপে দহ হাজাৰ মােহৰ বেপাৰীজনক দিলে। চতুৰ বেপাৰীজনে ভালেই পালে আৰু আগধন লৈ যি গল গ'লেই, উভটি হলে নাহিল।

এমাহ দুমাহকৈ বছৰ পাৰ হৈ গ'ল। বেপাৰীজন কিন্তু ঘূৰি নাহিল। এটা সময়ত আকবৰেও কথাটো পাহৰি গ'ল। কিন্তু পাহৰি নগ’ল বীৰবলে।

তাৰাে বহুদিন পিছত এদিন বাদছাহে বীৰবলক ৰাজ্যখনত থকা মূৰ্খ মানুহবােৰৰ এখন তালিকা প্রস্তুত কৰিবলৈ ক'লে। তালিকা প্রস্তুত কৰিবলৈ বীৰবলে সম্রাটৰ পৰা তিনিদিনৰ সময় বিচাৰিলে। সম্রাটেও সময় দিলে।

তিনিদিনৰ পিছত বীৰবলে মূৰ্খৰ তালিকা এখন প্রস্তুত কৰি আনি আকবৰক দিলে। তালিকাখনত চকু ফুৰাই প্ৰথমতেই নিজৰ নামটো দেখা পাই আকবৰ হতবাক হ’ল। খং আৰু ক্ষোভত আকবৰে সুধিলে– “বীৰবল, তােমাৰ ইমান সাহস ক’ৰ পৰা হ'ল? তালিকাখনৰ প্ৰথমতেই মােৰ নাম কিয়?”

বীৰবলে অতি শান্তভাবে উত্তৰ দিলে – “যিজন মানুহে অচিনাকি বেপাৰী এজনক বিশ্বাসত বিনা দ্বিধাই আগধন দিব পাৰে, সেইজন মানুহৰ নাম প্রথমতে নিলিখি কাৰ নাম লিখিব পাৰি জাহাপনা।”

সম্রাটৰ ঘোঁৰাৰ কাৰণে আগধন দিয়া কথাটো মনত পৰিল। সেইবাবেই বীৰবলে এই কাণ্ড কৰা বুলিও বুজি পালে। তথাপি ক'লে – “কিন্তু বেপাৰীজন এতিয়াওতাে ঘূৰি আহিব পাৰে। যদি আহে তেন্তে কি হ'ব?”

বীৰবলে গহীনাই উত্তৰ দিলে – “জাহাপনা, যদি সঁচাকৈয়ে বেপাৰীজন কেতিয়াবা ঘূৰি আহে, তেতিয়া আপােনাৰ নামটো কাটি তাত বেপাৰীজনৰ নামটো লিখি দিম।”

বীৰবলৰ উত্তৰ শুনি সম্রাটে খং কৰাৰ পৰিবৰ্তে প্রশংসাহে কৰিলে আৰু পুৰস্কাৰৰ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment