Sunday, April 19, 2026
0 Shares

মালিক আৰু ভৃত্য

এবাৰৰ কথা। দুজন মানুহৰ সমস্যাৰ সমাধান কৰিব নােৱাৰি কাজী চাহাবে সিহঁতক আকবৰৰ দৰবাৰলৈ পঠিয়ালে। দৰবাৰত মানুহ দুজনক এজন এজনকৈ সিহঁতৰ সমস্যাৰ কথা কবলৈ আকবৰে আদেশ দিলে।।

তেতিয়া এজনে ক'লে– “জাহাপনা, মােৰ নাম শ্বেৰ আলি। মই এজন ব্যৱসায়ী আৰু পাঁচ বছৰতকৈ বেছিদিন দিল্লীত আছোঁ। ইয়াৰ আগতে মই আফগানিস্থানত আছিলাে। এই মানুহজন মােৰ ভৃত্য আছিল। সি মােৰ সম্পত্তি চুৰি কৰি পলাইছিল। আজি মই তাক দেখাৰ লগে লগে ধৰি আনিছে।”

আনজনে প্রতিবাদ কৰি ক'লে– “জাহাপনা, এই মানুহজন মিছলীয়া। তাৰ নাম শ্বেৰ আলি নহয়, নাচিবাহে। সিহে মােৰ ভৃত্য আছিল। মােৰ ধন-সম্পত্তি চুৰি কৰি পলাইছিল। বহুত বছৰ বিচাৰি থকাৰ মূৰত আজিহে তাক পাইছোঁ।”

দিল্লীৰ বেপাৰীজনে ক'লে – “নহয় জাহাপনা, তাৰ নাম নাচিবা, মােৰ ভৃত্য।”

অন্যজনে লগে লগে ক'লে– “নহয় জাহাপনা, তাৰ নাম নাচিবা, মােৰ ভৃত্য।”

মানুহ দুজনৰ তর্ক শুনি আকবৰে ক'লে– “তােমালােকে মনে মনে থাকা। এই বিচাৰ বীৰবলে কৰিব।”

বীৰবল অলপ সময় নীৰবে ৰ’ল।

তেৱো ধৰিব পৰা নাছিল, কোন মালিক আৰু কোন ভৃত্য। কিন্তু বুধিয়ক বীৰবলে সেই কঠিন। সমস্যাৰ সমাধান কৰিবলৈ বেছি সময় নালাগিল। বীৰবলে ক'লে – “তােমালােক দুয়ােজন চকুমুদি বহি থাকা। মই এতিয়া ধ্যান কৰিম। ধ্যানত মই গম পাম তােমালােকৰ ভিতৰত কোনজন মিছলীয়া।” বীৰবলৰ কথামতে দুয়াে চকু মুদি বহি থাকিল। বীৰবলেও ধ্যান কৰাৰ ভাও জুৰিলে। ক্ষন্তেক পিছত বীৰবলে চকু মেলিলে আৰু ক'লে– “তােমালােকৰ ভিতৰত কোনজন মিছলীয়া সেইকথা মই গম পালাে। এতিয়া শাক্তি লবলৈ সাজ হােৱা।” তেতিয়া বীৰবলে ঘাটকক মাতি আনিবলৈ আদেশ দিলে। ঘাটকে মানুহ কটা দাখন লৈ উপস্থিত হােৱাৰ লগে লগে বীৰবলে নির্দেশ দিলে– “এই দুজনৰ ভিতৰত ভৃত্যজনক শিৰচ্ছেদ কৰা।”

ঘাটকে দাখন দাঙি লােৱাৰ লগে লগে দিল্লীৰ বেপাৰীজন। বীৰবলৰ ভৰিত লুটি খাই পৰিল আৰু তাৰ জীৱন বচাবলৈ কাকুতি। মিনতি কৰিলে। বীৰবলৰ উপস্থিত বুদ্ধিয়ে কাম দিলে। বীৰবলে জানিছিল যে দোষীজনে মৃত্যুৰ পৰা হাত সাৰিব খুজিবই। ভৃত্যজন চিনাক্ত হােৱাত বীৰবলে মিচিকীয়াই হাঁহিলে।

দিল্লীৰ বােপাৰীজনক কাৰাদণ্ডেৰে দণ্ডিত কৰা হ'ল। তদুপৰি ইজনৰ ধন সম্পত্তিবােৰাে ওভটাই দিবলৈ আদেশ দিয়া হ'ল।

এনে কঠিন সমস্যাৰ সমাধান কৰা কাৰণে আকবৰে বীৰবলক বহুত পুৰস্কাৰ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment