Sunday, April 19, 2026
0 Shares

মাতৃ প্ৰেম

আকবৰৰ দৰবাৰত এদিন বিচাৰ চলি আছে। তেনে অৱস্থাত দুজনী তিৰােতাই পৰস্পৰে কাজিয়া কৰি কৰি দৰবাৰত প্ৰৱেশ কৰিলে। এজনী তিৰােতাৰ কোলাত এটা সদ্যজাত কেছুৱা। কোলাত কেছুৱা নথকা জনীয়ে গােচৰ দিলে— “জাহাপনা, এইটো মােৰ ল’ৰা। এইজনীয়ে মই টোপনিত লালকাল হৈ থাকোঁতে মােৰ ওচৰৰ পৰা চুৰ কৰি নি তাইৰ মৃত কন্যাসন্তানক মােৰ ওচৰত থৈ গৈছে। মােৰ পুত্ৰক মােক ফিৰাই দিয়ক জাহাপনা।”

কোলাত কেছুৱা লৈ থকা তিৰােতাগৰাকীয়ে ক'লে– “জাহাপনা, তাই সম্পূর্ণ মিছা কথা কৈছে। তাই জন্ম দিছে এটা মৃত কন্যা সন্তান। এতিয়া তাই মােৰ লৰাটো তাইৰ সন্তান বুলি মিছা দাবী কৰি মােৰ ল'ৰাটো নিব খুজিছে। মই মােৰ ল'ৰাক কিয় দিম? মিছা কথা কোৱা কাৰণে তাইক শাস্তি দিয়ক জাহাপনা।”

আকবৰে বুজিলে, এই বিচাৰ বৰ জটিল হ’ব। সেইবাবে বিচাৰ কৰাৰ ভাৰ বীৰবলক দিলে। ইফালে দুয়ােজনী তিৰােতাই ল’ৰা সন্তানটো দাবী কৰি পৰস্পৰে কাজিয়া কৰি আছে। কাজিয়াৰ পৰা বুজা নাযায়– ল’ৰাটো কোনগৰাকীৰ।

কাজিয়া শুনি শুনি বীৰবল অলপ সময় মনে মনে থাকি ভাবিলে। তাৰপিছত সুধিলে– “তােমালােক দুয়ােজনী এটা সন্তানৰ মাতৃ হ'ব নােৱাৰা। দুজনীৰ ভিতৰত নিশ্চয় এজনীহে মাতৃ। বাৰু ঠিক আছে, তােমালােকৰ কোনােবাজনীয়ে সাক্ষী দিব পাৰিবানে?”

কেছুৱা লৈ থকা গৰাকীয়ে ক'লে– “মােৰ কোনাে সাক্ষী নাই। মই কিন্তু খাটাংকৈ কব পাৰোঁ যে ল’ৰাটো মােৰ।”

আনগৰাকীয়ে ক'লে– “মােৰাে কোনাে সাক্ষী নাই। সাক্ষী একমাত্র ভগৱান। কিন্তু ভগৱানে আহি সাক্ষী নিদিয়ে।”

বীৰবলে তেতিয়া গহীনাই ক'লে– “তােমালােক দুয়ােজনীয়ে ল’ৰাটো দাবী কৰিছা যেতিয়া দুয়োজনীকে দিব লাগিব। ল'ৰাটো মােক দিয়া। কটোৱালে ল’ৰাটো সমানে দুই ভাগ কৰি দুইজনীকে এভাগ এভাগ দিব। ইয়াৰ বাহিৰে অন্য কোনাে উপায় নাই।”

বীৰবলৰ সিদ্ধান্ত শুনি খালীহাতে থকা তিৰােতাজনীয়ে কান্দি কান্দি ক'লে– “দয়া কৰি মােৰ ল'ৰাটো নাকাটিব। কাটিলে মৰি যাব। মােক ল'ৰাটো নালাগে। সি জীয়াই থাকিলেই মই সুখী হ'ম।”

ল’ৰাটো লৈ থকা গৰাকীয়ে ক'লে– “ভালেই হ’ল। তাইক যেতিয়া নালাগে মােকেই দি দিয়ক।”

বীৰবলে তেতিয়া তাইৰ কোলাৰ পৰা ল’ৰাটো আনি আন গৰাকীক দি ক’লে "তােমাৰ সন্তান তুমি লােৱা। তুমিয়েই এই শিশুৰ মাতৃ। তুমি সঁচা কথা কৈছা। এই সন্তান তােমাৰ বাহিৰে অন্য কাৰাে নহয়।”

নিজৰ সন্তানক পাই মাতৃগৰাকী আনন্দিত হ’ল। বীৰবলক অশেষ ধন্যবাদ জনালে। মিছা কথা কোৱাৰ অপৰাধত অন্য গৰাকী মাতৃক বীৰবলে কাৰাগাৰলৈ পঠালে।

বীৰবলৰ উচিত বিচাৰ দেখি সকলােৱে বীৰবলক ধন্যবাদ জনালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment