Sunday, April 19, 2026
0 Shares

বুদ্ধিৰ পৰীক্ষা

এবাৰ বীৰবলক সম্রাট আকবৰে বিদেশৰ এখন ৰাজ্যলৈ দূত হিচাপে পঠালে। সেই ৰাজ্যৰ ৰজাই বীৰবলৰ চতুৰ বুদ্ধিৰ বহুত কাহিনী শুনিছিল। বীৰবলক কিন্তু কোনাে দিনে দেখা নাছিল। বীৰবলৰ বুদ্ধিৰ পৰীক্ষা কৰি চোৱাৰ ইচ্ছাৰে ৰজাই এখন কৌশলৰ জাল তৰিলে। সেই দেশৰ নিয়ম অনুসৰি ৰাষ্ট্রদূত হৈ অহা লােকজনে প্রথমতে ৰজাক সম্ভাষণ জনাব লাগে। তাৰ পিছতহে অন্য সকলক। এই নিয়ম কেনেকৈ ৰক্ষা কৰে তাৰ প্রমাণ চাবলৈ ৰজাই নজন মানুহক একে ধৰণৰ ৰজাৰ পােচাক পিন্ধাই বীৰবল উপস্থিত হােৱাৰ দিনাখন ৰাজদৰবাৰৰ প্ৰৱেশ পথত থিয় কৰাই ৰাখিলে। তদুপৰি প্রকৃত ৰজাইও তেনে ধৰণৰ পােচাক পিন্ধি সেই ন জনৰ লগতে থিয় হৈ ৰ'ল।

প্রৱেশ পথত বীৰবলে দহজন ৰজাৰ পােচাক পিন্ধা ৰজা দেখি থতমত খালে। একেই পােচাক সকলােৰে। প্রকৃত ৰজাজনক বিচাৰি উলিওৱাৰ উপায় নাই। তাতে বীৰবলে প্রকৃত ৰজাজনক আগতে কোনােদিনে দেখা নাছিল। সেই অৱস্থাত বীৰবলে বুজি পালে যে তেওঁৰ বুদ্ধিৰ পৰীক্ষা কৰিবলৈহে এই ব্যৱস্থা কৰা হৈছে। বীৰবল বিপদত পৰিল। কিন্তু ধৈর্য ধৰি অলপ সময় থিয় হৈ দহজনকে ভালকৈ লক্ষ্য কৰিলে। তাৰপিছত প্রকৃত ৰজাজনৰ ওচৰলৈ গৈ সকলােৰে আগতে তেওঁক সম্ভাষণ জনালে।

বীৰবলৰ বুদ্ধি দেখি সকলাে আচৰিত হ'ল। প্রকৃত ৰজা অবাক হ’ল – কেনেকৈ বীৰবলে তেওঁক চিনি পালে সেই কথা ভাবি। কোনেও একো বুজি নাপালে।

ৰজা সিংহাসনত বহিল। বীৰবলেও নির্দিষ্ট আসন গ্রহণ কৰিলে। তেতিয়া ৰজাই ক'লে – “বীৰবল, ইমান দিনে আপােনাৰ বুদ্ধিমত্তাৰ কথা শুনি আছিলাে। আজি প্রমাণ পালাে। আপুনি সঁচাই বুধিয়ক। আমি সকলাে আচৰিত হৈছাে। কওঁকচোন কেনেকৈ আপুনি মােক চিনাক্ত কৰিলে। বীৰবলে হাঁহি হাঁহি ক'লে– “মহাৰাজ, মই আপােনালােক দহজনকে ভালকৈ লক্ষ্য কৰি দেখিলাে, আপােনাৰ চকুৱে মােক অনবৰত চাই আছিল। অন্য ন জনে আপােনালৈ চাই আছিল, মােৰ ফালে চোৱা নাই। আপুনি যি কৰিছে তাকেই তেওঁলােকে নকল কৰিছে। তেতিয়া সহজেই বুজি পালাে, আপুনিহে প্রকৃত ৰজা। আনবােৰ নকল।”

ৰজাই বীৰবলৰ বুদ্ধিৰ প্রশংসা কৰিলে আৰু উপযুক্ত পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment