Sunday, April 19, 2026
0 Shares

বুকুৰ মাংস

এবাৰ দুজন মল্ল যােদ্ধাই যুদ্ধ কৰাৰ আগতে এটা চুক্তি কৰি লৈছিল। চুক্তিটো আছিল– যিজন হাৰে সেইজনে দেহৰ এক কেজি মাংস কাটি জয়ী হােৱা জনক দিব। দুয়ােজনে সেই চুক্তি মানি লৈ যুদ্ধ কৰিলে। অৱশেষত এজনৰ পৰাজয় হ’ল। পৰাজিতজনে তেতিয়া বিজয়ীজনক পিঠিৰ পৰা এক কেজি মাংস কাটি নিব কলে। বিজয়ীজনে কিন্তু পিঠিৰ পৰিবৰ্তে বুকুৰ ফালৰ মাংসহে বিচাৰিলে।

দুয়ােৰে মাজত এই বিষয়ে তর্ক লাগিল। অৱশেষত এই বিবাদ মিমাংসা কৰিবলৈ দুয়াে গৈ উপস্থিত হ’ল আকবৰৰ দৰবাৰত। আকবৰে বিচাৰৰ ভাৰ দিলে বীৰবলক। বীৰবলে তেতিয়া বিজয়ীজনক সুধিলে– “তােমাক কোন ফালৰ মাংস লাগে?”

বিজয়ীজনে ক'লে– “বুকুৰ মাংস লাগে।”

বীৰবলে সিন্ধান্ত দিলে– “ঠিক আছে বুকুৰ মাংসই কাটি লােৱা। কিন্তু মাংসহে নিব পাৰিবা। এটোপাল তেজো নিব নােৱাৰা।”

বীৰবলৰ ৰায় শুনি বিজয়ীজনে মাংসৰ আশা এৰি সেই মুহূৰ্ত্ততে দৰবাৰ ত্যাগ কৰিলে। বীৰবলৰ বুদ্ধিত আৰু এটা কঠিন সমস্যাৰ সমাধান হ’ল। আকবৰ সন্তুষ্ট হৈ বীৰবলক ইনাম দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment