Sunday, April 19, 2026
0 Shares

বীৰবল আৰু পগলা হাতী

বাদছাহ আকবৰৰ হাতীশালৰ এটা হাতী এদিন পাগল হ’ল। পগলা হাতীটোৱে হাতীশালৰ দুৱাৰ ভাঙি পথত ইফালে সিফালে ঘূৰি ফুৰিব ধৰিলে। পথৰ দুয়ােফালৰ মানুহবােৰে ভয়তে দৌৰিব ধৰিলে। হাতীৰ গচকত দুই এজন মানুহাে মৰিল। ঠিক সেই সময়তে ঘৰলৈ উভটিছিল বীৰবল। হাতী বীৰবলৰ ফালে খেদি আহিল। ভয় নকৰি বীৰবলে পথত শুই থকা এটা কুকুৰৰ পাছ ঠেং দুখনত ধৰি কুকুৰটোক হাতীৰ শুৰডালত পৰাকৈ দলি মাৰি দিলে। ভয়ত কুকুৰটোৱে হাতীৰ শুৰডালত কামুৰি দিলে। কামােৰ সহ্য কৰিব নােৱাৰি হাতী থমকি ৰ'ল। সেই সুযােগতে বীৰবলে দৌৰি ওচৰৰ এটা পকী ঘৰত সােমাই দুৱাৰ বন্ধ কৰি দিলে।

ইফালে হাতী পগলা হােৱাৰ খবৰ বাদছাহে পালে আৰু হাতীশালৰ মাউতবােৰক তেতিয়াই হাতীটো ধৰিবলৈ আদেশ দিলে। হাতী ধৰা পৰিল।

বীৰবলৰ সাহসৰ কথাও শুনিলে আকবৰে। পগলা হাতীটোৰ শুৰত কুকুৰটোৱে নাকামােৰা হলে সিদিনা হাতীয়ে বহুতকে মাৰি পেলালেহেঁতেন। কুকুৰটোক দলি মাৰি দি বীৰবলে নিজে বাচি আনকো বচালে। বিপদৰ সময়ত ভয় নকৰি পগলা হাতীটোৰ গতি বন্ধ কৰা কাৰণে বাদছাহে বীৰবলৰ শলাগ ললে। সকলাে প্ৰজাই বীৰবলক বাহ-বাহ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment