Sunday, April 19, 2026
0 Shares

বীৰবল আৰু চোৰ

ৰান্ধনিঘৰত এদিন ৰাতি বীৰবলে ভাত খােৱাৰ আগতে মজিয়াত দেখিলে এটা বৃশ্চিক। ৰাতি তাক মাৰিবলৈ কোনাে যত্ন নকৰি বীৰবলে এটা ডাঙৰ পিতলৰ বাতিৰে বৃশ্চিকটো ঢাকি দিলে। বৃশ্চিকটো পিতলৰ বাতিটোৰ ভিতৰত আবদ্ধ হৈ থাকিল। তাৰপিছত বীৰবল আৰু তেওঁৰ পত্নীয়ে ভাত খাই শােৱনি ঘৰত শুই থাকিল।

বহুত ৰাতিলৈ বীৰবলৰ চকুত টোপনি অহা নাছিল। এটা সময়ত বীৰবলে গম পালে, ৰান্ধনি ঘৰত চোৰ সােমাইছে। চোৰৰ হাতত অস্ত্ৰ থাকিব পাৰে বুলি বীৰবলে ভয় খাই কোনাে হুলস্থূল নকৰি ওচৰতে শুই থকা ঘৈণীয়েকক গাত হাত দি জগালে। ঘৈণীয়েকে সাৰ পােৱাত ইংগিতেৰে ৰান্ধনি ঘৰত চোৰ সােমােৱা কথাটো বুজালে আৰু ঘৈণীয়েকক কাণে কাণে ইতিমধ্যে ঠিৰাং কৰা বুদ্ধিটো শিকাই দিলে।

তাৰপিছত বীৰবলে চিঞৰি ঘৈণীয়েকক সুধিলে– “হেৰা, তােমাৰ হীৰাৰ আঙঠিটো ক'ত ৰাখিছা। সাবধানে থৈছানে?” ঘৈণীয়েকেও চিঞৰি উত্তৰ দিলে – “হীৰাৰ আঙঠিটো? সেইটো ৰান্ধনিঘৰৰ মজিয়াত পিতলৰ বাটিটোৰে ঢাকোন মাৰি থৈছিলাে। আনিবলৈ পাহৰিলাে। এতিয়া থাকক দিয়া। ৰাতিপুৱা ভালকৈ থৈ দিম।”

ঘৈণীয়েকৰ কথা শুনি চোৰটোৱে মনে মনে হাঁহিলে আৰু পিতলৰ বাটিটোৰ ভিতৰৰ পৰা আঙঠিটো আনিবলৈ তাত হাত সুমুৱাই দিয়াৰ লগে লগে বৃশ্চিকে তাৰ হাতত দংশন কৰিলে। ‘মৰিলাে ঔ’ বুলি চিঞৰি চোৰ মজিয়াত বাগৰি পৰিল। বীৰবল ওলাই আহিল আৰু চিঞৰি চিঞৰি ওচৰ চুবুৰীয়াক জগালে। সকলাে আহি চোৰক বান্ধি পেলালে। পিছদিনা চোৰক তুলি দিয়া হ’ল কটোৱালৰ হাতত।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment