Sunday, April 19, 2026
0 Shares

বীৰবলৰ সময়ৰ মূল্য

এদিন আকবৰে বীৰবলক ক'লে– “মই যােৱা দিনবােৰৰ ভিতৰত বেছিভাগ দিনতে তােমাক কিবা নহয় কিবা দিছোঁ। আজি মই সেই সকলােবােৰ ফিৰাই পাব বিচাৰোঁ। তুমি মােক সকলােবােৰ ঘূৰাই দিব পাৰিবানে?”

বীৰবলে ক'লে– “পাৰিম জাহাপনা, এতিয়াই সকলাে ঘূৰাই দিব পাৰিম। কিন্তু —?”

“কিন্তু কি?” – আকবৰে সুধিলে।

বীৰবলে গহীনাই উত্তৰ দিলে— “মই বহুদিন ধৰি আপােনাৰ দৰবাৰত কাম কৰিছোঁ। আপােনাৰ দৰবাৰত চাকৰি কৰা মােৰ সকলােবােৰ সময় যদি আপুনি মােক ঘূৰাই দিব পাৰে, ময়াে আপুনি দিয়া সকলাে বস্তু ঘূৰাই দিব পাৰিম।”

আকবৰ মনে মনে থকাৰ বাহিৰে কোনাে উপায় নাথাকিল। তদুপৰি বীৰবলৰ তেনে উত্তৰত সন্তুষ্ট হৈ পুৰস্কাৰ দিবলৈহে বাধ্য হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment