Sunday, April 19, 2026
0 Shares

বীৰবলৰ মজুৰি

বাদছাহ আকবৰে এদিন আবেলি ফুলনিত ঘূৰি ফুৰি আছিল। জাকমককৈ ফুলি থকা বিভিন্ন ৰঙৰ ফুলবােৰৰ শােভা চাই থাকোতে হঠাৎ আকবৰৰ চকুত পৰিল ফুলনিৰ মাজত থকা দুই এডাল ঘাঁহবন। সেইবােৰ তেতিয়া তেওঁ উঘালিব ধৰিলে।

সেই সময়তে তাত আহি উপস্থিত হ’ল বীৰবল। বাদছাহক সন্মান জনাই বীৰবলেও ঘাঁহ-বন উঘালিলে আৰু লগতে দুয়াে আলােচনা কৰিলে ৰাজ্যৰ কথা।

কিছুসময় পিছত বেগম ফুলনিলৈ ওলাই আহিয়ে বীৰবলক দেখি খং উঠিল। বিশেষ কিবা কাৰণত কিছুদিনৰ পৰা বেগমৰ খং উঠি আছিল বীৰবলৰ ওপৰত। সেই খঙৰ পােতক তুলিবলৈ বেগমে ঘােপাকৈ বীৰবলক চালে। লগে লগে বীৰবলে বেগমক দেখি ৰাজকীয় সন্মান যাচিলে। বেগমে কিন্তু বীৰবলক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যেৰে ক'লে – “বীৰবল, বনুৱাৰ দৰে কাম কৰি আছা, মজুৰি বন্দোৱস্ত কৰি লৈছানে?”

বেগমৰ খং উঠা বুলি বীৰবলে বুজি পালে। বেগমক এসেকা দিবলৈ বীৰবলে শান্ত ভাষাত উত্তৰ দিলে– “মজুৰিৰ বিষয়ে বেগমে একো চিন্তা কৰিব নালাগে। মই বেছি মজুৰি নলওঁ।” তাৰপিছত বন, উভালি থকা আকবৰৰ ফালে আঙুলিয়াই আকৌ ক'লে- “সেইজন বনুৱাৰ মজুৰি যিমান, মােকো সিমানেই দিব। তাতকৈ এপইচাও বেছি নালাগে।”

বীৰবলৰ উত্তৰ শুনি লাজত ৰঙা পৰিল বেগম। বেগমৰ অৱস্থা দেখি বাদছাহে হাঁহিলে আৰু ক'লে– “বেগম, কথাত তুমি কিয় কোনেও বীৰবলক পৰাস্ত কৰিব নােৱাৰে। বেঁকা প্রশ্নৰ বেঁকা উত্তৰ দিয়াত বীৰবলৰ দ্বিতীয়জন কোনাে নাই।”

বেগমে তেতিয়াই সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment