Sunday, April 19, 2026
0 Shares

বন সংৰক্ষণ

বন সংৰক্ষণ

ভূমিকা: এটা সময়ত পৃথিৱীৰ পৰিবেশ সমস্ত প্ৰাণীজগতৰ বাবে অতি স্বাস্থ্যকৰ আছিল। খাদ্য, পানী আৰু বায়ুৰ প্ৰচুৰতাৰ ফলত প্রাণীজগতৰ বাবে পৰিবেশ অনুকূল আছিল। দ্রুত জনসংখ্যাৰ বৃদ্ধিৰ ফলত খাদ্য আৰু বাসস্থানৰ চাহিদাও বৃদ্ধি পাবলৈ ধৰে। যি অৰণ্যত এটা সময়ত শীতল ছাঁ পৰিছিল, ঋষি-মুনিসকলে তপস্যা কৰিছিল, যি বনভূমিত আমাৰ ঐতিহ্যই জন্ম লাভ কৰিছিল সেই অৰণ্য এতিয়া মানুহে মৰুভূমিত পৰিণত কৰিছে। মানুহে অপৰূপা প্ৰকৃতিক কাটি-মাৰি নিঃশেষ কৰি পেলালে। মৰুভূমি সৃষ্টি কৰি মাটিৰ উৰ্বৰতা নষ্ট কৰি পেলালে। মানুহে নিজৰ স্বাৰ্থৰ বাবে পৃথিৱীৰ পৰাই নিঃশেষ কৰি আনিছে গছ-গছনি। ভৱিষ্যত বিপদাপন্ন কৰি তুলিছে।

গছগছনি সংৰক্ষণৰ প্রয়োজন আছে: পৃথিৱীত গছগছনি নাথাকিলে মানুহৰো অস্তিত্ব নাথাকিব। ইয়াত ফল, ফুল, উদ্ভিদ, তেল, বনজ সম্পদ, জৈৱিক সাৰ, নিত্যব্যৱহাৰ্য সামগ্রী, আনকি শ্বাস-প্রশ্বাস পর্যন্ত মানুহ প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। মানুহ আৰু প্ৰকৃতিৰ এই বিচিত্ৰ বান্ধোনক অস্বীকাৰ কৰাৰ কোনো উপায় নাই। পৰিৱেশ প্ৰদূষণে মানহৰ জীৱনক ক্ষতিগ্রস্ত কৰে। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত বায়ু প্ৰদূষণো বহু পৰিমাণে বৃদ্ধি পাইছে। কল-কাৰখানা, শিল্প-উদ্যোগ বিভিন্ন প্রকাৰৰ যান-বাহনৰ ধোঁৱাইও পৰিবেশ প্রদূষণত সহায় কৰে। এইবোৰৰ পৰা নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইড, নাইট্রেট এছিড আদিয়ে প্রতিদিনে প্রতিপলে আমাৰ ক্ষতি কৰিছে। পানী, আকাশ, বায়ু, মাটি সকলো প্রদূষিত হৈছে। তাৰবাবেই বৃক্ষৰোপণ, অৰণ্য-প্রসাৰ আমাৰ বাবে অতি জৰুৰী হৈ পৰিছে।

অৰণ্য সংৰক্ষণ: গছ-গছনি আবিহনে এই পৃথিৱীত জীৱকুলৰ বসতি সম্ভৱ নহয়। পৰিবেশক প্ৰদূষণমুক্ত কৰাৰ বাবে ১৯৭২ চনৰ পৰা ৫ জুন তাৰিখটো ৰাষ্ট্ৰসংঘই পৰিবেশ দিৱসৰূপে ঘোষণা কৰিছে। পৃথিৱীৰ প্ৰতিখন দেশৰ অৰণ্য সংৰক্ষণৰ প্রয়োজন আছে। মানুহৰ লোভ-লালসাৰ চিকাৰ হৈ ধ্বংসমুখী হোৱা গছ-গছনিৰ সুৰক্ষাৰ বাবে দেশে দেশে গঢ় লৈছে বন সুৰক্ষা আঁচনিয়ে। বন সংৰক্ষণৰ বাবে কঠোৰ আইনো প্রণয়ন কৰা হৈছে। পৃথিৱীৰ প্রাকৃতিক ভাৰসাম্য নষ্ট হোৱা বাবে পশু-পক্ষীৰ জীৱনো বিপন্ন হৈ পৰিছে। ভাৰতৰ এনেবোৰ বিপন্ন জীৱৰ সংৰক্ষণ বনাঞ্চলসমূহত কৰা হৈছে। নতুনকৈ গছগছনি ৰোৱাৰ ফলত পৃথিৱীত অৰণ্যৰ বৃদ্ধিও হব বুলি আশা কৰা হৈছে।

ভাৰতৰ বনাঞ্চল সংৰক্ষণ: ভাৰতৰ বন সংৰক্ষণ আৰু বনাঞ্চল সৃষ্টিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে গুৰুত্ব আৰোপ কৰিছে। ডেৰাদুনত স্থাপিত হৈছে ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট। সমগ্ৰ ভাৰতত সম্প্রতি ১৪ খন অভয়াৰণ্য, ৫৯ খন ৰাষ্ট্ৰীয় উদ্যান, ১৫ টা ব্যাঘ্র প্রকল্প গঢ়ি তোলা হৈছে। পক্ষী সংৰক্ষণৰ বাবেও যাবতীয় ব্যৱস্থা হাতত লোৱা দেখা গৈছে। ভাৰতত পলমকৈ হ’লেও পশু আৰু অৰণ্য সংৰক্ষণৰ সচেতনতা পৰিলক্ষিত হৈছে। আনকি গাঁও পঞ্চায়তসমূহৰ যোগেদিও বনাঞ্চল সংৰক্ষণৰ ব্যৱস্থা কৰিছে চৰকাৰে। যদিও চৰকাৰী বা বেচৰকাৰী উদ্যোগত বৃক্ষৰোপণ হৈছে, তথাপি প্রয়োজনমতে অৰণ্য বাঢ়ি অহা নাই। কিয়নো ইয়াৰপ্রতিপালনো কৰিব লাগিব। গছৰ পৰিচর্যা, ৰক্ষণাবেক্ষণ ব্যৱস্থাও দীর্ঘকালৰ বাবে ললেহে প্ৰকৃততে গছক বচাব পৰা যাব। অৰণ্যৰ অবাধ ধ্বংস ৰোধ, গছ-গছনি কটা আইন নিষিদ্ধ, নতুনকৈ গছগছনি ৰোৱাটো বাধ্যতামূলক, হাবি-বনৰ যথোপযুক্ত পৰিচর্যা, অপণৈত গছ যেন কোনো কাৰণত কটা নহয় তাৰ প্ৰতি কঠোৰ ব্যৱস্থা হাতত ল’ব লাগিব। তেতিয়াহে প্রকৃতাৰ্থত গছ-গছনি সংৰক্ষণ কৰা হ'ব।

সামৰণি: গছ-গছনি নহ’লে যে ধৰাত প্রাণ-ধাৰণ অসম্ভৱ সেইকথা এতিয়া আৰু বুজিবলৈ কাৰো বাকী নাই। তথাপি মানুহৰ মাজত এনে সচেতনতা পৰিলক্ষিত নহয় যে গছ গছনিৰ প্রতি যত্নবান হয় মানুহ। বৰং মানুহে কাটি-পুৰি ছাই কৰে বৃহৎ একোটা বনাঞ্চল। আধুনিক পৃথিৱীৰ চাহিদা পূৰাবলৈ গৈ অৰণ্যক ঠেলি দিছে ধ্বংসৰ মুখলৈ। শীঘ্ৰে ইয়াৰ বাবে ব্যৱস্থা ন’ললে বিপদত পৰিব মানুহ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment