Sunday, April 19, 2026
0 Shares

প্রিয় সাহিত্যিক

প্রিয় সাহিত্যিক

ভূমিকা: সাহিত্য জীৱনৰ দাপোণ স্বৰূপ।সাহিত্যিকে তেওঁৰ লেখাৰ মাজেদি সমাজ জীৱনক ফুটাই তুলিবলৈ যত্ন কৰে। কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ সকলোৱে চেষ্টা কৰে সাহিত্যৰ যোগেদি সমাজত জ্ঞানৰ পোহৰ বিলাবলৈ। সত্য আৰু সুন্দৰৰ সাধক সাহিত্যিকসকল সেয়েহে মোৰ নমস্য। এই নমস্য ব্যক্তিসকলৰ মাজৰে এগৰাকী ব্যক্তি মোৰ অতি প্রিয়। সেইগৰাকী হ'ল কবি নলিনীবালা দেবী।

জন্ম আৰু জীৱন সংঘাত: আধ্যাত্মিকতাৰ কবি নলিনীবালা দেৱীৰ জন্ম হৈছিল বৰপেটাত ১৮৯৮ চনৰ মাৰ্চ মাহত। তেওঁ অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনৰ সভানেত্ৰী আৰু প্ৰথম মহিলা কবি সভানেত্ৰী আছিল। দেউতাক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীৱন ব্ৰতৰ প্ৰভাৱৰ ফলত তেওঁ ভাৰতীয় সংস্কৃতি আৰু দেশ প্রেমৰ প্রেৰণাবে উদ্বুদ্ধ হৈছিল। পিতৃৰ আদৰ্শেৰে কবিৰ কোমল হাদয়ত স্বদেশৰ প্ৰেমে গভীৰভাৱে ৰেখাপাত কৰিছিল। তেওঁ ভাৰতীয় আধ্যাত্মিকতাত গভীৰ বিশ্বাসী আছিল। জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী এই ভাৱ প্রবলতাৰেই তেওঁৰ হৃদয় পৰিপূৰ্ণ হৈ আছিল। সেয়ে জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা ভালপোৱাৰ যি নির্দশন নলিনীবালা দেৱীৰ বাক্যত পোৱা যায় সি অতি বিৰল। তেওঁৰ ছন্দৰ ভূমিকাই কবিতাৰ মন্দাকিনী ধাৰা অসমীয়া কবিতাত প্ৰাচুৰ্যৰে বোৱাই আনি এটা নতুন সুৰৰ সংযোজনা কৰি তুলিছিল।

অকাল বৈধৱ্য আৰু মর্মন্তুদ বেদনাত জৰ্জৰিত হৈ শেষত পুত্ৰকো হেৰুৱাই পিতৃগৃহত আশ্ৰয় লৈ অসীম আঘাতত ক্লান্ত কবিগৰাকী একমাত্র পিতৃৰ সান্ত্বনাবাণীৰ আশিস লৈ কাব্যজগতত মনোনিবেশ কৰি সমাজ সেৱাকেই ব্ৰত হিচাপে গ্ৰহণ কৰে।

সাহিত্য কৃতি: ১৯২৮ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘সন্ধিয়াৰ সুৰ' প্ৰকাশ পায়। অন্যান্য ৰচনাসমূহ হল 'সপোনৰ সুৰ', 'স্থতিতীৰ্থ', 'পৰশমণি', 'যুগদেৱতা', 'জাগৃতি', 'অলকানন্দা', বিশ্বদ্বীপ। এইবোৰ কাব্যগ্রন্থেৰে তেওঁ অসমীয়া কাব্য জগতক মহীয়ান কৰি থৈ গৈছে। ১৯৪৬ চনত কলিকতা বিশ্ববিদ্যালয় আৰু ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে 'সন্ধিয়াৰ সুৰ' কাব্য গ্ৰন্থখন অসমীয়া ভাষাৰ পাঠ্য হিচাপে মনোনীত কৰে। ইয়াৰ উপৰি 'কৰ্মবীৰৰ জীৱন সোঁৱৰণ', 'চৰ্দাৰ বল্লভ ভাই পেটেল', 'মীৰাবাই' (নাটক), 'মেঘদূত', 'সুৰভি, ৰূপৰেখা, ‘এৰি অহা দিনবোৰ', 'পুৱতি পোহৰৰ কপনি’ আদি তেওঁৰ ৰচিত গ্রন্থ। 'অলকানন্দা' কাব্য গ্রন্থখনিৰ বাবে তেখেতে ১৯৬৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। ইয়াৰ আগতে তেওঁক অসম চৰকাৰে ১৯৪৭ চনত সাহিত্যিক পেঞ্চন আগবঢ়ায়। নগাঁৱত বহা অসম প্রাদেশিক মহিলা সমিতিৰ সভানেত্ৰীৰ পদো অলংকৃত কৰিছিল। ১৯৫০ চনত তেওঁ সদৌ অসম পাৰিজাত কানন নামৰ এটি শিও অনুষ্ঠান গঢ়ি তুলিছিল। পাছলৈ এই অনুষ্ঠান ‘মইনা পাৰিজাত’ নামে জনাজাত হয়। তাৰ পাছত তেওঁ আন্তর্জাতিক শিশু কল্যাণ সমিতিৰ অসম শাখাৰ সভানেত্ৰী হৈছিল।

১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশতিতম অধিৱেশনত তেখেতক সভানেত্ৰীৰ পদ অৰ্পণ কৰা হয় আৰু প্ৰথম মহিলা সভাপতিৰূপে তেওঁ বিভূষিত হয়। ১৯৫৫ চনৰ ১৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় কবি সন্মিলনলৈ নিমন্ত্ৰিত হৈ প্ৰশংসাৰ পাত্ৰী হয়। নিৰৱচ্ছিন্নভাৱে সাহিত্য সাধনাত ব্ৰতী হৈ থকা এইগৰাকী কবিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিতা কৰে। এই গৰাকী কাব্যপ্ৰাণ মহিয়সী নাৰীৰ পৰলোকলৈ গমন হয় ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত।

সামৰণি: কবি নলিনীবালা দেৱীৰ কবিতাত প্ৰাণৱন্ত হৈ আছে আধ্যাত্মিকতা আৰু অতিন্দ্রীয় ভাবৰ তন্ময়তা। জীৱনৰ বিচিত্ৰতা আৰু ইয়াৰ অন্তৰালত লুকাই থকা চিৰ সুন্দৰৰ আকুলতা কবিৰ কামনা। সুন্দৰৰ আৰধনাক অনন্ত জ্যোতিৰে উদ্ভাষিত কৰি, প্ৰজ্বলিত কৰি জীৱনক এক বিশেষ মোহনীয়তাৰে পম খেদি অন্তৰত সন্ধান পাবলৈ কবি উদ্বাউল। সেই সুৰ কবিৰ 'সন্ধিয়াৰ সুৰ’ গ্ৰন্থত বাজি থকা দেখিবলৈ পাওঁ। তাৰ উপৰি জন্মভূমিৰ প্রতি গভীৰ ভালপোৱা তেওঁৰ দেশাত্মবোধৰ নিদৰ্শন।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment