Sunday, April 19, 2026
0 Shares

ধনী মানুহ আৰু চাৰিজন চাকৰ

এজন ধনী মানুহৰ ঘৰত চাৰিজন চাকৰ আছিল। সেই চাৰিজন চাকৰেই ধনী মানুহজনৰ ঘৰত পহৰা দি তেওঁৰ বিশাল সম্পত্তি ৰক্ষা কৰি থাকে। এদিন মানুহজনৰ ঘৰত কিছুমান মূল্যবান সম্পত্তি চুৰি হ’ল। মানুহজনে চাকৰ কেইজনক সন্দেহ কৰিলে। কিন্তু কোনাে এজন চাকৰেই চুৰি কৰাৰ কথা সৈ নাকাঢ়িলে। অথচ সিদিনা ঘৰত চাকৰ চাৰিজনৰ সৈতে মানুহজনহে আছিল। সেয়ে চাকৰ কেইজনেই চুৰ কৰাটো সত্য বুলি ভাবি মানুহজনে গৈ সম্রাট আকবৰৰ দৰবাৰত বিচাৰ দিলে।

আকবৰে বিচাৰৰ ভাৰ বীৰবলৰ ওপৰত দিলে। সকলাে কথা শুনি বীৰবলে চাকৰ কেইজনৰ ভিতৰত কোনে চুৰ কৰিছে তাক স্বীকাৰ কৰিবলৈ ক'লে। বীৰবলে ইয়াকো জনালে যে যদি স্বীকাৰ কৰে, তেন্তে তেওঁ শাস্তিৰ পৰিমাণ কমাই দিব। কিন্তু কোনােজন চাকৰেই স্বীকাৰ নকৰিলে।

তেতিয়া দৰবাৰত সকলােৰে পৰা অনুমতি লৈ বীৰবল কিছু সময়ৰ কাৰণে বাহিৰলৈ গ'ল। পুনৰ দৰবাৰলৈ অহাত বীৰবলৰ হাতত দেখা গ'ল চাৰিডাল সমান জোখৰ লাঠি। সেই লাঠি চাৰিডাল প্রত্যেকজন চাকৰক একোডালকৈ দি বীৰবলে ক'লে– “এই কেইডাল যাদুকৰী লাঠি। চাৰিওডালেই সমান জোখৰ। এতিয়া তােমালােকে লাঠি কেইডাল ৰাতি শােৱা বিচনাৰ গাৰুৰ তলত থৈ ৰাতিটো তাৰ ওপৰত শুই থাকি কাইলৈ দৰবাৰলৈ আহি লাঠি কেইডাল ফিৰাই দিব লাগিব। তােমালােকৰ ভিতৰত যিজনে চুৰ কৰিছা তেওঁৰ লাঠিডাল ৰাতিটোৰ ভিতৰতে দুই আঙুল বাঢ়িব। চুৰ নকৰা কেইজনৰ লাঠিৰ মাপ একে থাকিব।”

তাৰপিছত বীৰবলে চাকৰ আৰু মহাজন সকলোকে বিদায় দি সিদিনা দৰবাৰৰ অন্ত পেলালে।

লাঠি লৈ চাকৰ কেইজন ঘৰলৈ গ'ল।

চাকৰ চাৰিজনৰ ভিতৰত যিজনে চুৰ কৰিছিল সেইজনে ৰাতি বিচনাত শুই টোপনি যাব নােৱাৰিলে। তাৰ ভয় লাগিল। কাইলৈ যদি দৰবাৰৰ সকলােৱে তাৰ লাঠিডাল দীঘল হােৱা দেখে, তেনেহলে সাৰি যােৱাৰ উপায় নাথাকিব। শাস্তি লব লাগিব। ফাঁচীও হৈ যাব পাৰে। সেইদৰে ভাবি ভাবি ভয়ত সি লাঠিডাল দুই আঙুল চুটিকৈ কাটি পেলাই নিশ্চিন্ত মনেৰে শুই থাকিল।

পিছদিনা দৰবাৰ আৰম্ভ হােৱাৰ সময়ত চাৰিওজন চাকৰ লগত লৈ ধনী মানুহজন দৰবাৰত উপস্থিত হ’ল। বীৰবলে চাকৰ চাৰিজনৰ পৰা লাঠি চাৰিডাল হাতত লৈ দেখিলে এডাল লাঠি চুটি। বীৰবলে তেতিয়াই সেই চাকৰজনক দেখুৱাই ক'লে– “জাহাপনা, এইজনেই চোৰ।”

দৰবাৰৰ এজন লােকে লাঠি চুটি হােৱাজনক বীৰবলে চোৰ বুলি ধৰাৰ কাৰণ জানিব খুজিলে। কাৰণ যিজনৰ লাঠি দুই আঙুল দীঘল হ’ব সেইজনহে চোৰ হ’ব বুলি বীৰবলে ঘােষণা কৰিছিল। বীৰবলে তেতিয়া বুজাই ক'লে যে লাঠি কেইডাল যাদুকৰী লাঠি নহয়। লাঠি দীঘল হােৱাৰ ভয়ত কাটি পেলােৱা হৈছে।।

চাকৰজনে নিজৰ দোষ স্বীকাৰ কৰিলে। সম্রাটে তাক শাস্তি দিলে। বীৰবলৰ বুদ্ধিৰ সকলােৱে প্রশংসা কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment