Sunday, April 19, 2026
0 Shares

ধঁপাত নোখোৱা গাধ

সম্রাট আকবৰে প্রাতঃভ্রমণত যাওতে সদায় বীৰবলক লগত লৈ যায়। গৈ থাকোতে বাটত আকবৰে বীৰবলক নানান প্রশ্ন সােধে। সকলাে প্রশ্নৰে উত্তৰ বীৰবলে দিয়ে। আকবৰৰ কোনাে প্রশ্নই বীৰবলক সমস্যাত পেলাব নােৱাৰে। সকলাে প্ৰশ্নৰ উত্তৰে আকবৰক সন্তুষ্ট কৰে। ঠিক সেইদৰে বীৰবলেও সম্রাটৰ পৰা কেতিয়াবা প্রশ্নৰ উত্তৰ বিচাৰে। আকবৰে বীৰবলক শলঠেকত পেলাবলৈহে উত্তৰ দিয়ে।

এদিনৰ কথা। প্রাতঃভ্রমণত গৈ থাকোতে বীৰবলে ঘপহকৈ আকবৰক সুধিলে - “জাহাপনা, সূর্যটো পশ্চিমফালে নোলাই সদায় পূব ফালে ওলাই কিয়?”

সম্রাট আকবৰে উত্তৰ দিলে – “সেই কথাটো মােক সােধাতকৈ মূৰ্খ এটাকে সুধিবা। সিহে উপযুক্ত উত্তৰ দিব পাৰিব।”

বীৰবলে লগে লগে গহীনাই ক'লে– “হয় জাহাপনা, সেইকাৰণেহে এই প্রশ্নটো আপােনাক সুধিছাে।”

আন এদিনৰ কথা।

বীৰবলে ধপাত খায়, আকবৰে নাখায়। প্রাতঃভ্রমণত গৈ থাকোতে এখন ধপাতৰ বাৰীত এটা গাধ চৰি থকা দুয়াে দেখিবলৈ পালে। গাধটোৱে ধপাতৰ বাৰীত থকা কেবল ঘাঁহবােৰহে খাই আছিল। তাকে দেখি আকবৰে বীৰবলক লাজ দিবলৈকে ক’লে — “চোৱা বীৰবল, গাধইও ধপাত নাখায়।”

বীৰবলে লগে লগেই ক'লে - “হয় জাহাপনা, কেবল গাধইহে ধপাত নাখায়।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment