Sunday, April 19, 2026
0 Shares

দুখীয়া গায়ক আৰু তেওঁৰ পুৰস্কাৰ

এদিন এজন দুখীয়া গায়ক পুৰস্কাৰৰ আশাত আকবৰৰ দৰবাৰলৈ আহিল। আকবৰে গান বাজনা ভাল পাইছিল। দুখীয়া গায়কজনক আকবৰে গান গাবলৈ অনুমতি দিলে। গায়কজনেও গান গালে। গান শুনি আকবৰ মােহিত হ'ল আৰু গায়কজনক নগদ টকা পুৰস্কাৰ নিদি দিলে এটা নােদোকা হাতী। গায়কজনে সােণৰ মােহৰ পাবলৈহে আশা কৰিছিল। পালে এটা হাতী। দুখীয়া গায়কে গান গাই উপার্জন কৰা ধনেৰে নিজকে পােহপাল দিব নােৱাৰে, হাতীক খুৱাব কেনেকৈ? কিন্তু সম্রাটৰ উপহাৰ নােলােৱাকৈ থাকিবও নােৱাৰি। উপায়হীন হৈ হাতীটো লৈ গায়ক ঘৰলৈ গ'ল।

কিছুদিন হাতীক পােহপাল কৰােতেই দুখীয়া গায়কৰ সকলাে টকা-পইচা শেষ হ’ল। তাৰপিছত দুই-চাৰিজনৰ পৰা ধন ধাৰে লােৱাৰ ফলত ধাৰৰ পৰিমাণে বাঢ়িল। দুখীয়াই হাতী পােহাতাে জানাে সহজ কথা? খুব বিপদত পৰিল দুখীয়া গায়ক।

অৱশেষত একো উপায় বিচাৰি নাপাই দুখীয়া গায়কজন বীৰবলৰ ওচৰ পালেগৈ আৰু তাৰ দুখৰ কথা বীৰবলক জনালে। গায়কজনৰ কথা মনােযােগেৰে শুনি বীৰবলে এটা বুদ্ধি শিকাই দিলে। গায়কজনেও সেইমতেই কাম কৰিব বুলি বীৰবলক কৈ ঘৰলৈ গ’ল।

ঘৰত উপস্থিত হৈয়ে গায়কজনে এটা জয়ঢোল হাতীটোৰ ডিঙিত আঁৰি দিলে আৰু জয়ঢােলৰ ভিতৰত ভৰাই দিলে কিছুমান শিলগুটি। সেইদিনাৰ পৰা দুদিন হাতীটোক একো খাবলৈ নিদি তৃতীয়দিনা এৰি দিলে। হাতী পথেৰে যাব ধৰিলে আৰু ভোকত যিমানে মূৰ দুপিয়াই খােজকাঢ়ে সিমানে জয়ঢােল আপােনা-আপুনি বাজিবলৈ ধৰিলে। ভােকত পগলা হাতীটো যিমানে যায় সিমানে শব্দ হয় আৰু সেই শব্দত ভয় খাই ৰাস্তাৰ দুকাষৰ মানুহবােৰ পলাবলৈ ধৰিলে।

হাতীৰ ভয়ত মানুহবােৰে গৈ আকবৰৰ দৰবাৰত উপস্থিত হৈ গােচৰ দিলে। খঙত আকবৰে তৎক্ষণাত হাতী আৰু হাতীৰ গৰাকীক ধৰি আনি দৰবাৰত হাজিৰ কৰিবলৈ হুকুম দিলে।

আদেশ অনুযায়ী মুহূর্ততে হাতী আৰু গৰাকীক আনি দৰবাৰত হাজিৰ কৰা হ'ল। আকবৰে হাতী আৰু গৰাকীক চিনি পালে। হাতীটো গায়কক উপহাৰ হিচাপে দিয়াৰ কথাও মনত পৰিল। আকবৰে সুধিলে -- “তুমি হাতীৰ ডিঙিত জয়ঢােল বান্ধি - এইদৰে ৰাজপথত এৰি দিছা কিয়?” গায়কজনে উত্তৰ দিলে – “আপুনি মােৰ গান শুনি সন্তুষ্ট হৈ এই হাতীটো মােক উপহাৰ দিছিল। মই এজন দুখীয়া গায়ক। গান গাই যিখিনি উপার্জন কৰো তাৰে নিজকে খাবলৈ নাটে। তেনে অৱস্থাত হাতীৰ খােৰাক জোগাও কেনেকৈ? সেইকাৰণে হাতীক গানবাজনা শিকাই ডিঙিত জয়ঢােল বান্ধি পথত এৰি দিছাে। জয়ঢােল বজাই হাতীয়ে নিজৰ খােৰাকি নিজেই উপার্জন কৰাৰ ব্যৱস্থা কৰি দিছে। ইয়াৰ বাহিৰে মােৰ অন্য উপায় নাছিল। আমি দুখীয়া মানুহবােৰে হাতী পােহাে কেনেকৈ?” আকবৰে নিজৰ ভুল বুজিব পাৰিলে। দুখীয়া গায়কজনক হাতীটো উপহাৰ দিয়া উচিত হােৱা নাছিল।

হাতীটো আকবৰে ঘূৰাই লৈ হাতীশাললৈ পঠিয়াই দিলে আৰু গায়কজনক দিলে বহুতাে হাজাৰ সােণৰ মােহৰ। দুখীয়া গায়কজনৰ দুখ নাইকীয়া হ’ল বীৰবলৰ বুদ্ধিৰ বলত।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment