Sunday, April 19, 2026
0 Shares

দিনৰ পোহৰত নেদেখা বস্তু

আকবৰ বাদছাহৰ দৰবাৰ চলি আছিল। দৰবাৰত সেইদিনা আকবৰে জানিব বিচাৰিলে – “দিনৰ পােহৰত কি বস্তু নেদেখি, এই কথা আপােনালোকৰ কোনােবাই কব পাৰিবনে? কওঁতাজনৰ উত্তৰ দৰবাৰৰ সকলােৱে শুদ্ধ বুলি মানি ললে, যিজনে উত্তৰ দিব তেওঁক মই শকত ইনাম দিম।”

উত্তৰ দিবলৈ কোনাে থিয় নহ’ল, সকলাে বহি থাকিল। এজনে ক'লে— “দিনৰ পােহৰত নেদেখা কোনাে বস্তুৱে নাই।”

তেনেসময়তে বীৰবলে থিয় হৈ ক'লে – “জাহাপনা, দিনৰ পােহৰত এন্ধাৰ দেখা নাযায়।” আকবৰ আৰু দৰবাৰৰ সকলােৱে বীৰবলৰ উত্তৰ শুদ্ধ বুলি মানি ললে। সঠিক উত্তৰ দিয়াৰ কাৰণে তেতিয়া বীৰবলে ইনাম পালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment