Sunday, April 19, 2026
0 Shares

জ্ঞানী পণ্ডিত

এবাৰ নিজকে অতি গুণী-জ্ঞানী বুলি ভাবি গৌৰৱ কৰা এজন পণ্ডিতে আকবৰৰ দৰবাৰত উপস্থিত হৈ ক'লে– “জাহাপনা, মই বিভিন্ন ৰাজ্যত বহুত পণ্ডিতক তর্ক যুদ্ধত হৰুৱাই এইবােৰ সােণৰ। মুদ্রা অর্জন কৰিছাে। এতিয়া মই আপােনাৰ ৰাজসভাত থকা পণ্ডিতসকলৰ লগত তর্ক কৰিব খােজো। মই তিনিটা প্রশ্ন কৰিম। যদি কোনােবাই উত্তৰ দিব পাৰে তেন্তে তেওঁক এইবােৰ মােহৰ মই দিম। যদিহে উত্তৰ দিব নােৱাৰে তেতিয়া জাহাপনাই মােক সােণৰ মােহৰ দিব লাগিব।”

বাদছাহে পণ্ডিতজনৰ প্ৰস্তাৱ আৰু স্বৰ্ত মানি ললে। আত্মগৌৰৱত গৌৰৱান্বিত পণ্ডিতজনে তেতিয়া প্রথম প্রশ্নটো কৰিলে– “এদিন নিশা সপােনত মই এগৰাকী নাৰী দেখিছিলাে। তাই কোন জানিব বিচৰাত কলে যে তাইৰ নাম, হেনাে বুদ্ধি। তাই ক’ত থাকে জানিব বিচৰাত কলে যে তাই হেনাে মগজুত থাকে। এতিয়া কওকচোন কাৰ মগজুৰ পৰা বুদ্ধি ওলাই যায়।”

বীৰবলে উত্তৰ দিলে– “যিজনে দিনে ৰাতিয়ে সপােনৰ কথা ভাবে, তেওঁৰ মগজুৰ পৰাই বুদ্ধি আঁতৰি যায়।”

নির্ভুল উত্তৰ শুনি পণ্ডিতজন আচৰিত হ’ল। এইবাৰ দ্বিতীয় প্রশ্নটো সুধিলে– “আন এদিন সপােনত অন্য এগৰাকী নাৰী দেখিলাে। তাইৰ নাম হেনাে শক্তি। বাহু আৰু শৰীৰত থাকে। এতিয়া কওকচোন কাৰ বাহু আৰু শৰীৰৰ পৰা শক্তি নাইকীয়া হয়।”

বীৰবলে উত্তৰ দিলে — “মানুহ যেতিয়া বুঢ়া হয় তেতিয়াই বাহু আৰু শৰীৰৰ পৰা শক্তি নাইকীয়া হয়।”

শুদ্ধ উত্তৰ শুনি পণ্ডিতৰ মুখ শুকাই গল। এইবাৰ শেষ আশাৰে তৃতীয় প্রশ্নটো কৰিলে– “অন্য এদিন সপােনত অন্য এজনী নাৰী দেখিলাে। তাইৰ নাম সাহস বুলি কলে। মানুহৰ হৃদয়ত হেনো তাইৰ স্থান। এতিয়া কওঁকচোন হৃদয়ৰ পৰা সাহস কেতিয়া নাইকীয়া হয়?”

বীৰবলে তৎক্ষণাত উত্তৰ দিলে– “মানুহ যেতিয়া কাপুৰুষ হয়, তেতিয়াই হৃদয়ৰ সাহস নাইকীয়া হয়।”

সঠিক উত্তৰ শুনি পণ্ডিত লাজত ৰঙা পৰিল। বীৰবলৰ ওচৰত পৰাজয় বৰণ কৰি সােণৰ মুদ্ৰা কেইটা দি দিলে। বীৰবলে কিন্তু পণ্ডিতজনক সেইবােৰ ঘূৰাই দিলে। পণ্ডিতজনে তেতিয়া নিজকে জ্ঞানী বুলি ভবা অভ্যাসটো বাদ দিব বুলি প্রতিজ্ঞা কৰি বীৰবলক প্রশংসা কৰি বিদায় ললে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment