Sunday, April 19, 2026
0 Shares

চুটি ৰেখা

দৰবাৰৰ কামকাজ শেষ হােৱাৰ পিছত আকবৰৰ এদিন ধেমালি কৰিবলৈ মন গ'ল। মজিয়াত চক মাটিৰে এডাল সৰলৰেখা টানি আকবৰে ক'লে – “এই ৰেখাডাল যিজনে স্পর্শ নকৰাকৈ চুটি কৰি দিব পাৰিব, তেওঁকে মই পুৰস্কাৰ দিম।” প্রশ্ন শুনি দৰবাৰৰ সকলাে মৌন হৈ ৰ’ল। এজন দৰাবাৰীয়ে ক'লে– “ৰেখাডালৰ অকণমান মচি দিলেহে চুটি হ’ব। তাৰ বাহিৰে ৰেখাডাল চুটি কৰাৰ কোনাে উপায় নাই।”

আকবৰে ক'লে– “নাই, তেনেকৈ চুটি কৰাৰ কথা মই কোৱা নাই। ৰেখাড়াল স্পর্শ নকৰাকৈ চুটি কৰিব লাগিব।”

বীৰবলে তেতিয়া নিজ আসনৰ পৰা উঠি আহি আকবৰৰ হাতৰ পৰা চক টুকুৰা লৈ সম্রাটে অকা ৰেখাডালতকৈ দীঘল ৰেখা এডাল সমান্তৰালকৈ আকি ক'লে– “জাহাপনা, আপােনাৰ ৰেখাডাল হ’লনে?

সম্রাটে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্রশংসা নকৰাকৈ থাকিব নােৱাৰিলে আৰু বীৰবলক পুৰস্কাৰ দি সন্মান জনালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment