Sunday, April 19, 2026
0 Shares

কাজী আৰু পাজি

দিল্লীৰ কাজীজনে এইদৰে হােজা মানুহক ঠগােৱাৰ কাৰণে বীৰবলে কাজীক দেখিব নােৱাৰা হ'ল। বীৰবলে কাজীজনক কামৰ পৰা আঁতৰাবলৈ এটা বুদ্ধি কৰিলে।

কাজীজনৰ ঘৰত এটা লগুৱা আছিল। সি আছিল খুব চতুৰ। কিন্তু সি অসৎ নাছিল। কাজীৰ ঘৰত দিনৰাতি কাম কৰিছিল। তথাপি তাক কাজীয়ে পেট ভৰাই খাবলৈ আহাৰ আৰু পিন্ধিবলৈ কাপােৰ-কানি দিয়া নাছিল। কাজীয়ে তাক মাতিছিল পাজি বুলি। সেইবাবে অন্য মানুহবােৰেও তাক পাজি বুলিয়ে মাতিছিল।

কাজীৰ ওচৰলৈ সুবিচাৰ আশা কৰি অহা মানুহবােৰৰ উচিত বিচাৰৰ কাজীয়ে কৰা নাছিল। দোষীৰ পৰা টকা-পইচা লৈ দোষীক ৰেহাই দিছিল আৰু নির্দোষী লােকক শাস্তি দিছিল। এইজন কাজীক কাজী পদৰ পৰা আঁতৰাবলৈ সেই কাৰণে বীৰবলে সুবিধা বিচাৰি আছিল। বীৰবলে প্রজাৰ প্রতি অন্যায় কৰা লােকসকলক মুঠেই ভাল নাপাইছিল। সেইবাবেই কাজিক এসেক দিবলৈ চেলু চাই আছিল বীৰবলে।

কিছুদিন পিছত এদিন দৰবাৰত বীৰবলে আকবৰক ক'লে– “জাহাপনা, কাজীসকলে বহুত কথা জানে। সেয়ে কাজীৰ পৰা তিনিটা প্রশ্নৰ উত্তৰ মই জানিব বিচাৰোঁ।”

আকবৰে ক'লে– “কি, কি প্রশ্ন ?”

বীৰবলে উত্তৰ দিলে – “খােদা ক'ত থাকে? কি খায় ? আৰু কি কৰি থাকে?”

“অতি উত্তম। কাজীক দৰবাৰলৈ মাতি অনা হওঁক।”- আকবৰে সমাধান দিলে।

কাজীক দৰবাৰলৈ মাতি অনা হ'ল।

আকবৰে কাজীক ক'লে – “তুমি তিনিটা প্রশ্নৰ উত্তৰ দিব লাগিব। সঠিক উত্তৰ দিব পাৰিলে ইনাম পাবা। কিন্তু ভুল উত্তৰ দিলে শাস্তি পাবা। প্রশ্ন কেইটা হ’ল – খােদা ক’ত থাকে, খােদাই কি খায় আৰু খােদাই কি কৰে?” প্রশ্নকেইটাৰ উত্তৰ কাজীয়ে তেতিয়াই দিব নােৱাৰি তিনিদিনৰ সময় বিচাৰিলে। তিনিদিনৰ সময় দিয়া হ'ল।

কাজী ঘৰলৈ আহি সঠিক উত্তৰ কি হ’ব পাৰে তাক চিন্তা কৰিবলৈ ধৰিলে। কিন্তু সঠিক উত্তৰ বিচাৰি নাপাই বিচনাত শুই শুই ভাবিব ধৰিলে। দিন ৰাতি ভাবি কাজী আহাৰ নােখােৱা হ'ল। এদিন গ'ল। দুদিন গ’ল। কাজী সঠিক উত্তৰ বিচাৰি নাপাই কেবল বিচনাতে থাকিল। আহাৰ নিদ্রা ত্যাগ কৰিলে। সঠিক উত্তৰ দিব নােৱাৰিলে শাস্তি হ’ব। ভয়ত কাজীৰ মুখৰ মাত নােহােৱা হ'ল।

তেনেসময়তে কাজীৰ লগুৱা পাজিয়ে কাজীৰ পৰা জানিব বিচাৰিলে – “আপুনি দিন ৰাতি বিচনাত পৰি থাকি কি ভাবি থাকে? এইকেইদিন আপুনি একোকে খােৱা নাই, কথাটো কি?” কাজীয়ে তেতিয়া সকলাে ঘটনা বিবৰি ক'লে। সকলাে শুনি পাজিয়ে হাঁহি ক'লে- “প্রশ্ন কেইটাৰ উত্তৰ একেবাৰে সহজ। ইমান ভাবিবলৈ কি আছে?” আপুনি মােৰ ওপৰত সকলাে এৰি দিয়ক। অহাকালি মই আপােনাৰ সৈতে দৰবাৰলৈ যাম আৰু বাদছাহক উত্তৰ দিম। আপুনি দৰবাৰত মই যি শিকাই দিম তাকে কব। আপােনাৰ এতিয়া ভয়ৰ কোনাে কাৰণ নাই। কোনাে চিন্তা কৰাৰ প্ৰয়ােজন নাই। এইকেইদিন একোকে খােৱা নাই। এতিয়া পেট ভৰাই খাই শুই থাকক। কাইলৈ ৰাতিপুৱা দৰবাৰত যাব লাগিব।”

পিছদিনা কাজী আৰু পাজি নির্দিষ্ট সময়ত দৰবাৰত হাজিৰ হ’ল। আকবৰে কাজীক প্রশ্ন কেইটাৰ উত্তৰ দিবলৈ ক'লে। কাজীয়ে তেতিয়া উত্তৰ দিলে – “জাহাপনা, প্রশ্নকেইটাৰ উত্তৰ ইমান সহজ যে মই কি কম, মােৰ লগুৱা পাজিয়েই উত্তৰ দিব।” আকবৰে খঙেৰে ক'লে – “ঠিক আছে পাজিয়ে উত্তৰ দিয়ক।”

পাজিয়ে ক'লে – খােদা ক’ত থাকে? — ইয়াৰ উত্তৰ হ'ল। খােদা সৎ মানুহৰ সৎ কথাত থাকে।”

আকবৰ আনন্দিত হৈ ক'লে– “অতি উত্তম উত্তৰ।”

“দ্বিতীয় প্রশ্ন, খােদাই কি খায়? – ইয়াৰ উত্তৰ হ’ল, খােদাই মানুহৰ অহংকাৰ খায়।” — পাজিৰ উত্তৰ।

“অতি উত্তম উত্তৰ। মই উত্তৰ শুনি সুখী হৈছাে।” – আকবৰে অতি আনন্দিত হৈ ক'লে। | “মই দুটা প্রশ্নৰ উত্তৰ দিলাে। সঠিক উত্তৰেই দিলাে। যদি মই তৃতীয় প্রশ্নটোৰ উত্তৰ সঠিককৈ দিব পাৰে, তেন্তে জাহাপনাই কি ইনাম দিব তাক জানিব বিচাৰাে।” – পাজিয়ে সুধিলে।

বীৰবলে তেতিয়া ক'লে – “তােমাক বাদছাহে কাজী পাতিব।”

আকবৰে বীৰবলৰ কথাত সন্মতি জনাই ক'লে – “ঠিক আছে”।

সেয়ে হ’ব। তৃতীয় প্রশ্নৰ উত্তৰ সঠিককৈ দিব পাৰিলে কাজীক কাজীৰ পদৰ পৰা আঁতৰাই তােমাক কাজী পাতিম। উত্তৰ দিয়া।”

পাজিয়ে ক'লে – “জাহাপনা, আপুনি নেদেখিলেনে খােদাই কি কৰে? খােদাই কাজীক কাজী ভাঙি পাজিক কাজী পাতে। খােদাই সকলাে সময়তে সুবিচাৰ কৰে। খােদাৰ বিচাৰত ভুল নহয়। খােদাক কোনেও ফাঁকি দিবও নােৱাৰে। চকুৰ সমুখতেই আপােনালােকে দেখিলে যে দীন দুখীয়াৰ মালিক খােদাই পাজিক কি কৰি দিলে।”

উত্তৰ শুনি আকবৰ অতিশয় আনন্দিত হ’ল। দৰবাৰৰ সকলােৱে পাজিৰ গুণগান গালে। কথা দিয়া অনুযায়ী আকবৰে পাজিক কাজীৰ পদ দিলে আৰু কাজীক কাজীৰ পদৰ পৰা আঁতৰালে।

এই সকলাে ঘটনাৰ অৰত আছিল বীৰবল। পাজিক বীৰবলেই উত্তৰ শিকাই দিছিল। কৌশলেৰে বীৰবলে পাজিক কাজী কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment