Sunday, April 19, 2026
0 Shares

কাউৰীৰ সংখ্যা

প্রাতঃ ভ্ৰমণত আকবৰে সদায় বীৰবলক লগত লৈ যায়। এদিনাখন ফুৰি থাকোতে কাউৰীৰ কা কা চিঞৰ শুনি আকবৰৰ মনত এটা প্রশ্নৰ উদয় হ’ল। সিদিনা দৰবাৰত বহি আকবৰে সকলােকে প্রশ্নটো সুধিলে – “আমাৰ দিল্লী চহৰত কিমান কাউৰী আছে? সঠিক উত্তৰ দিওঁতাজনক ইনাম দিয়া হ'ব।”

বাদছাহৰ প্রশ্ন শুনি সকলাে অবাক হ’ল। ইজনে সিজনৰ মুখলৈ চাব ধৰিলে। কি উত্তৰ দিব ভাবি নাপাই সকলাে মনে মনে থাকিল।

বীৰবলে তেতিয়া তপৰাই ক'লে – “জাহাপনা, পঞ্চাশ হাজাৰ ন শ নিৰান্নবৈটা কাউৰী আছে।”

আকবৰে ক'লে – “যদি গণি চাই ইয়াতকৈ বেছি বা কম পােৱা যায় তেতিয়া ?”

বীৰবলে লগে লগে উত্তৰ দিলে – “যদি বেছি পােৱা যায়। তেন্তে কিছুমান কাউৰী নিশ্চয় এই চহৰত থকা নিজৰ নিজৰ সম্বন্ধীয়ৰ ঘৰত ফুৰিবলৈ আহিছে। যদি কম পােৱা যায় তেন্তে এই চহৰৰ কাউৰী নিঃসন্দেহে বেলেগ চহৰৰ নিজৰ সম্বন্ধীয়ৰ ঘৰত ফুৰিবলৈ গৈছে।”

উত্তৰ শুনি সকলাে দৰবাৰীৰ লগতে আকবৰেও হাঁহিলে। সকলােৱে বীৰবলৰ বুদ্ধিক প্রশংসা কৰিলে। আকবৰে সন্তুষ্ট হৈ বীৰবলক ইনাম দিলে।।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment