Sunday, April 19, 2026
0 Shares

কলহৰ ভিতৰত কোমোৰা

আকবৰ বাদছাহৰ দৰবাৰত চতুৰ বীৰবলে অতি কঠিন সমস্যাৰ সমাধান কৰি নিজৰ বৌদ্ধিক প্রতিভা আৰু বিচক্ষণতাৰ পৰিচয় দিয়াৰ কথা ভাৰতৰ বাহিৰৰ ৰজা সকলৰ মাজতাে বিয়পি পৰিল। তেতিয়া এজন ৰজাই আকবৰলৈ চিঠি লিখি সুধিলে- “শুনিছাে, বীৰবলে হেনাে বহুত কথা জানে। কি কথা জানে আমিও জানিব খােজোঁ।”

বীৰবলক আকবৰে সেই চিঠি দেখুৱালে। তেতিয়া বীৰবলে ক'লে– “মই কি কথা জানো তাক দেখুৱাবলৈ মােক তিনি মাহ সময় লাগিব।”

তিনি মাহ সময় বীৰবলক দিয়া হ'ল। তিনি মাহৰ পিছত বীৰবলে এদিন এটা মাটিৰ কলহ আনি আকবৰৰ হাতত তুলি দিলে।

কলহতাে দেখি আকবৰ আচৰিত হ'ল। কলহটোৰ মুখখন সৰু। অথচ তাৰ ভিতৰভাগ সম্পূর্ণ আগুৰি তাত সুমাই থােৱা হৈছে এটা কোমােৰা। ইমান সৰু মুখখনেৰে ইমান ডাঙৰ কোমােৰাটো কেনেকৈ বীৰবলে ভৰালে সেইকথা ভাবি নাপালে বাদছাহে।

বীৰবলে ক'লে– “জাহাপনা, এই কলহটো আপুনি এতিয়া আপােনালৈ চিঠি লিখা ৰজাজনলৈ পঠিয়াই দিয়ক। কব যে এয়া ৰজাৰ কাৰণে বীৰবলৰ উপহাৰ।”

আকবৰে তেতিয়া এজন দুতৰ হাতত মাটিৰ কলহটো আৰু লগতে এখন চিঠি লিখি ৰজালৈ পঠিয়াই দিলে।

কলহৰ ভিতৰত ডাঙৰ কোমােৰাটো দেখি ৰজা অবাক হ’ল। কেনেকৈ বীৰবলে কলহৰ সৰু মুখখনেৰে ইমান ডাঙৰ কোমােৰাটো সুমালে? একোকে বুজিব নােৱাৰি ভাবি ভাবি ৰজাজন অস্থিৰ হৈ পৰিল। বাৰে বাৰে বীৰবলক প্রশংসা কৰিব ধৰিলে।

ইফালে আকবৰেও বীৰবলে এই কাম কেনেকৈ কৰিলে তাকে ভাবি একো উৱাদিহ নাপাই এদিন দৰবাৰত বীৰবলক গােপন ৰহস্য সদৰি কৰিবলৈ অনুৰােধ জনালে।

বীৰবলে হাঁহি হাঁহি উত্তৰ দিলে–– “জাহাপনা, ইমান ডাঙৰ কোমােৰাটো কলহৰ সৰু মুখখনেৰে ভৰাব নােৱাৰি। মই এটা কৌশল অৱলম্বন কৰিছিলাে। আপােনাৰ পৰা তিনিমাহ সময় লৈ সেইদিনা মােৰ তৰকাৰি বাগানত সােমাই এটা সৰু কোমােৰা দেখি এটা কলহ আনি কোমােৰাটো কলহটোত ভৰাই দিলাে। কলহৰ ভিতৰত কোমােৰাটো ডাঙৰ হ’বলৈ ধৰিলে। তিনি মাহৰ পিছত দেখা গ'ল যে কলহৰ ভিতৰত কোমোৰাটো ডাঙৰ হৈ গােটেই কলহটো আগুৰি পেলালে। তেতিয়াই কোমােৰাটো কাটি কলহটোৰ সৈতে আপােনাক দিলোঁ। প্ৰকৃততে মই যিটো কাম কৰিলোঁ, সেইটো অতি সহজ কাম।

বাদছাহে বীৰবলৰ প্রশংসা কৰিব ধৰিলে আৰু বাদছাহৰ মানমর্যদা বঢ়োৱা কাৰণে বীৰবলক উপহাৰ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment