Sunday, April 19, 2026
0 Shares

আটাইতকৈ ডাঙৰ

বাদছাহ আকবৰ আৰু বীৰবল এদিন সান্ধ্য ভ্ৰমণত ব্যস্ত আছিল। সেই সময়তে আকবৰে বীৰবলক প্রশ্ন কৰিলে– “পৃথিৱীত বাৰু আটাইতকৈ ডাঙৰ কোন?”

বীৰবলে লগে লগে বুজি পালে যে বাদছাহে নিজৰ প্রশংসা শুনিব খুজিছে। আকবৰেই সকলােতকৈ ডাঙৰ বুলি কোৱাটো বিচাৰিছে। বীৰবলে তেতিয়া বাদছাহক চুঙা চাই সােপা দিবলৈ ক'লে – “জাহাপনা, পৃথিৱীত আটাইতকৈ ডাঙৰ হ’ল শিশু।” উত্তৰ শুনি আকবৰ সন্তুষ্ট নহ’ল। শিশু কেনেকৈ ডাঙৰ তাৰ প্রমাণ দিবলৈ ক'লে। তেতিয়া প্রমাণ দিবলৈ বীৰবলে কেইদিনমান সময় খুজিলে। বীৰবলৰ অনুৰােধ আকবৰে মানি ললে।।

কেইদিনমান পিছত বীৰবলে তেওঁৰ এজন বন্ধুৰ ডেৰ বছৰীয়া ল’ৰাটোক লৈ দৰবাৰত উপস্থিত হ’ল। লৰাটো দেখিবলৈ বৰ নােদোকা আৰু মৰম লগা আছিল। কিন্তু সি আছিল দুষ্ট প্রকৃতিৰ।

সৰু লৰাটো দেখি আকবৰৰ বৰ মৰম লাগিল। বাদছাহে তাক কোলাত লৈ মৰম কৰিবলৈ ধৰিলে। কোলাত উঠি সি জপিয়াবলৈ ধৰিলে। আকবৰৰ ৰাজপােচাক চুই চালে। তাৰ স্বাভাৱিক চঞ্চলতাৰে এবাৰ ল'ৰাটোৱে আকবৰৰ দীঘল গোঁফকোচা হাতেৰে ধৰি টানিবলৈ ধৰিলে। আকবৰে বৰ দুখ পালে। কোলাৰ পৰা তাক নমাই দি আকবৰে বীৰবলক ক'লে- “এই বাঘৰ আগতেল খােৱা ল'ৰাটোক ইয়ালৈ কিয় আনিছিলা বীৰবল। এতিয়াই ইয়াক পঠিয়াই দিয়া।”

বীৰবলে বিনীতভাৱে উত্তৰ দিলে – “জাহাপনা, পৃথিৱীত আপুনিয়ে সকলােতকৈ ডাঙৰ। কিন্তু এই মুহূৰ্তত আপােনাতকৈ ডাঙৰ এই শিশুটো। নহলেনাে সি আপােনাক গোঁফত ধৰিবলৈ সাহস কৰেনে? মই মােৰ কথাৰ প্রমাণ দিলাে জাহাপনা।”

বীৰবলৰ উত্তৰ শুনি আকবৰ নিৰুত্তৰ হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment