Sunday, April 19, 2026
0 Shares

আকাশত তৰাৰ সংখ্যা

বাদছাহ আকবৰৰ দৰবাৰৰ ওচৰতে আছিল এখন বাগান। সেই বাগানত ফুল আৰু ফলৰ গছৰ উপৰিও আছিল নানা ৰকমৰ গছ। মুকলি আকাশৰ তলত গছ-গছনিৰ ছাঁত সেইদিনা বহিছিল দৰবাৰ। দৰবাৰ চলি থাকোতে ৰাতি হ'ল। সেইদিনা আছিল ফৰকাল আকাশ। জোন আৰু তৰাৰ পােহৰত বাগান পােহৰ হৈ পৰিল।

সেই সময়তে আকাশৰ ফালে চাই আকবৰৰ মনত এটা প্রশ্ন উদয় হ’ল। সভাসদসকলক সেই প্রশ্নটোকে সুধিলে– “আকাশত কিমান তৰা আছে, কোনােবাই কব পাৰিবনে? সঠিক উত্তৰ লাগে। কম বা বেছি ক'লে নহ'ব।”

তেতিয়া প্রায় সকলােৱে আকাশৰ ফালে চাই তৰা গণিব ধৰিলে। কিন্তু আকাশৰ তৰা গণি কোনেও শেষ কৰিব নােৱাৰিলে। আকাশৰ তৰা গণি জানাে শেষ কৰিব পাৰি? এজনে ক'লে– আকাশৰ তৰা গণি শেষ কৰিব নােৱাৰি। অগণন তৰা।”

বীৰবলে সেই সময়ত মাটিৰ ফালে চাই আছিল। লাহেকৈ ক'লে – “মই কব পাৰিম বাদছাহ।”

সকলাে বীৰবলৰ কথা শুনি আচৰিত হ'ল। আকবৰে ক'লে– “বীৰবল, ধেমালি নকৰিবা।”

বীৰবলে ক'লে – “মই ধেমালি কৰা নাই বাদছাহ। সঁচাকৈ কব পাৰিম কিমান তৰা আছে।”

“তেন্তে কোৱাচোন। আগতে গণি লােৱা।”

“গণনা কৰা শেষ হৈছে বাদছাহ।”

“তেন্তে কোৱা।”

বীৰবলে এডাল তেতেলি গছৰ ফালে আঙুলিয়াই ক'লে– “বাদছাহ, সেই তেতেলি গছডালত যিমান পাত আছে, আকাশত তাতকৈ এক হাজাৰ সাতটা তৰা বেছি আছে।”

আকবৰে আচৰিত হৈ ক'লে – “তােমাৰ গণনা যে নির্ভুল, সেইকথাৰ প্রমাণ হ’ব কেনেকৈ ?”

বীৰবলে উত্তৰ দিলে — “মই ভুল উত্তৰ দিয়া নাই। বাদছাহে তেতেলি গছজোপাৰ পাত কিমান আছে, আগে গণনা কৰিলেই সঠিক উত্তৰটো পাব।” সকলাে নীৰব হৈ ৰ'ল।

আকবৰে ভাবিলে, তেতেলি গছৰ পাত গণনা কৰি শেষ কৰিব নােৱাৰি। কোনেও গণনা কৰিব নােৱাৰে। সেইদৰে আকাশৰ তৰাও কোনেও গণনা কৰি শেষ কৰিব নােৱাৰে। বীৰবলে সকলােকে বুৰ্বক বনাইছে। আকবৰে বীৰবলৰ বুদ্ধিৰ প্রশংসা কৰি পুৰস্কাৰ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment