Sunday, April 19, 2026
0 Shares

আকবৰ আৰু সাধু

আকবৰৰ দৰবাৰ চলি থকা অৱস্থাত দাৰৰক্ষীয়ে আহি খবৰ দিলে– “দৰবাৰৰ প্ৰৱেশ পথত এজন সাধু বহি আছে। সাধুই কথা নকয়। কি বিচাৰে, কাৰ লগত দেখা কৰিব খােজে – একো নকয়।”

তেতিয়াই আকবৰ দৰবাৰৰ প্ৰৱেশ পথলৈ গ'ল। আকবৰে দেখিলে, সাধুৰ মূৰত বগা চুলিৰ আঁটা, মুখত দীঘল বগা দাঢ়ি। গাত গেৰুৱা পােচাক। সাধুক প্রণাম জনাই আকবৰে ক'লে – “মুনিবৰ | এইটো মােৰ ঘৰ। আপুনি প্রৱেশ পথত বহি আছে কিয়? ভিতৰলৈ আহক।” সাধুই হাঁহি হাঁহি ক'লে – “মােৰ ঘৰ? আপুনি আজি আছে, কাইলৈ নাথাকে। আপুনি বােধহয় নাজানে, এই ঘৰ — এই দুনীয়া হ’ল চৰাইখানা। ইয়ালৈ মানুহ আহে আৰু যায়। আপােনাৰ আগতে এই ঘৰত আপােনাৰ পিতৃ আছিল। এতিয়া আপুনি আছে। আপােনাৰ মৃত্যুৰ পিছত এই ঘৰত থাকিব আপােনাৰ পুত্ৰ। তাৰপিছত আকৌ পুত্ৰৰ পুত্র। আপুনি বাদছাহ হ’ব পাৰে, এই ঘৰত, মানে এই দুনীয়াত থাকিব কেইদিন? সেইবাবে, ‘মােৰ ঘৰ বুলি কৈছে কিয়?” সাধুই উচিত কথাকে কোৱা বুলি আকবৰে বুজি পালে। সেইবাবে আকবৰে সাধুৰ ওচৰত ক্ষমা খুজিলে।

তেতিয়া সাধুই পকা চুলিৰ জঁটা আৰু দাঢ়ি খুলি পেলালে। সকলাে অবাক হ’ল। সাধুজন অন্য কোনাে নহয় – স্বয়ং বীৰবল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment