Sunday, April 19, 2026
0 Shares

আকবৰ আৰু ভজা মাছ

এদিন আকবৰে বীৰবলক ৰাজপ্রসাদলৈ ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্রণ জনালে। অৱশ্যে সেইদিনাই নহয়, বীৰবলক প্রায়ে আকবৰে নিজৰ লগত খাবলৈ নিমন্ত্রণ কৰে।

সেইদিনাৰ খাদ্য তালিকাত বিশেষ খাদ্য আছিল ভজা মাছ। আকবৰ আৰু বীৰবল দুয়াে খাবলৈ বহিল। আকবৰে আনন্দমনে বৰ তৃপ্তিৰে ভজা মাছ খাবলৈ ধৰিলে। বীৰবলে ভজা মাছ খােৱাই নাই। তেতিয়া ভজা মাছৰ টুকুৰা মুখত ভৰাই আকবৰে ক'লে – “বীৰবল, মাছ ভাজা খাই খুব ভাল লাগে। ভজা মাছৰ তুলনা নাই। মােৰ মতে সকলাে খাদ্যৰ ভিতৰত ভজা মাছেই উত্তম খাদ্য। এহ্ তুমি দেখােন ভজা মাছ খােৱাই নাই। তুমি তেনেহলে ভজা মাছ ভাল নােপােৱা।”

বীৰবলে তেতিয়াই ভজা মাছ চোবাই চোবাই ক'লে– “নাই, নাই মাছ ভজা ময়াে ভাল পাওঁ। আপুনি কোৱা কথাও সত্য। ভজা মাছ খাই খুব ভাল লাগে। ভজা মাছ অতি উত্তম খাদ্য আৰু শৰীৰৰ বাবে অতি উপযােগী।”

এই ঘটনাৰ প্ৰায় এমাহৰ পিছত আন এদিন আকৌ বীৰবলক আকবৰে খাবলৈ নিমন্ত্রণ জনালে। সিদিনা ৰান্ধিছিল মাছৰ তৰকাৰী! জোলৰ মাছ খাই খাই আকবৰে ক'লে– “বীৰবল, মাছ ভাজি খােৱা বেয়া। ভজা মাছ খাই একেবাৰে ভাল নালাগে। তদুপৰি ভজা মাছ খালে হজম নহয়। পেটৰ অসুখ হয়। তােমাৰ মত কি?”

বীৰবলে তপৰাই উত্তৰ দিলে — “মই আপােনাৰ মতত একমত। ভজা মাছ খাই ভাল নালাগে। শৰীৰৰ কাৰণেও অপকাৰী। খাদ্যৰ ভিতৰত ভজা মাছেই অতি নিকৃষ্ট খাদ্য। ভজা মাছ সেইকাৰণে একেবাৰে নােখােৱাই ভাল।”

আকবৰে তেতিয়া চকু পকাই সুধিলে– “বীৰবল, তুমি মই যি কওঁ তাতে হয়ভৰ দিয়া কিয়? তােমাৰ কোনাে নিজা মত নাইনে? এমাহ আগতে মই কোৱা কাৰণেই তুমিও কৈছিলা ভজা মাছ ভাল খাদ্য। আজি মই কোৱা কাৰণেই কৈছা ভজা মাছ বেয়া খাদ্য। মােৰ মতকে কিয় সমর্থন কৰা?”

বীৰবলে উত্তৰ দিলে – “জাহাপনা, ভজা মাছ মােৰ গৰাকী নহয়। গৰাকী আপুনি। মই আপােনাৰহে অনুগত। ভজা মাছ ভাল নে বেয়া তাৰ বিচাৰ কৰা মােৰ কাম নহয়। ভজা মাছৰ জুতি বিচৰাও মােৰ কাম নহয়। মােৰ উদ্দেশ্য হ’ল আপােনাক খুচী কৰা। আপােনাৰ কথা হয় হুজুৰ বুলি কোৱা। আৰু সেই কামকে মই কৰিছাে। কোনটো উচিত, কোনটো অনুচিত তাক বিচাৰ কৰি চোৱা মােৰ কাম নহয়। আপুনি যি কব, সেয়াই মােৰ বাবে সত্য, উচিত। অনুচিত, অসত্য হলেও মই কিয় আপত্তি কৰিম? তদুপৰি আপুনি যি ভাল পায় আমি বেয়া পালেও তাকেই ভাল পাব লাগিব।”

বীৰবলৰ কথা শুনি আকবৰ মনে মনে থাকিবলৈ বাধ্য হ’ল। কথাত বীৰবলক বলে নােৱাৰি। সেইবাবে কথা বঢ়াই থাকি লাভ কি?

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment