Sunday, April 19, 2026
0 Shares

আকবৰ আৰু দুখীয়া গায়কৰ পাৰ্থক্য

দৌলত নামেৰে এজন গায়ক আছিল। সি আছিল অন্ধ। কপালত আছিল এটা কটা দাগ। তাৰ ঘৰ নাই, নাই কোনাে পৰিয়াল। পথৰ কাষৰ এডাল বিৰাট বট গছৰ তলত থাকে। গছৰ তলত বহি দিনত আপােন মনে গান গায়। বাটৰুৱাই দৌলতৰ গান শুনি সুখী হৈ দুই চাৰি পইচা দলিয়াই দি থৈ যায়। সেই পইচাৰে যি পায় তাকে কিনি আনি খায়। এইদৰেই পাৰ হৈ গৈছিল দৌলতৰ দিনবােৰ।

এদিন আকবৰ আৰু বীৰবল সেই বাটেদি গৈ থাকোতে দৌলতৰ গান শুনিলে। গান শুনি আকবৰ মােহিত হ’ল। তাৰপিছত দৌলতৰ ফালে আঙুলিয়াই বাদছাহে সুধিলে– “বীৰবল, সেই গায়কজন আৰু মােৰ মাজত তফাত কিমান?”

বীৰবলে ক'লে– “বহুত তফাত আছে জাহাপনা। গায়কজনৰ নাম দৌলত, কিন্তু তাৰ কোনাে দৌলত নাই। আপােনাৰ নাম দৌলত নহয়, কিন্তু আপােনাৰ দৌলত বহুত। গায়কৰ থকা ঘৰ নাই, আপােনাৰ আছে। গায়কৰ কপালত কটা দাগ, অর্থাৎ ফটা কপাল। আপােনাৰ কপাল ভাল আৰু সেই কপালৰ জোৰতে আপুনি ৰাজসুখ খাইছে। আৰু বহুত তফাত আছে।”

“আৰু আছে? কি আছে?”

বীৰবলে কলে– “গায়কৰ চকু আছে, কিন্তু অন্ধ হােৱা বাবে একো নেদেখে। আপােনাৰ চকু আছে, সকলাে দেখে। পিছে চকু নাথাকিলে কি হ’ল, গায়কে দুখীৰ দুখ বুজে। আপুনি চকু থাকিও দুখীৰ দুখ নেদেখে, নুবুজে। গান গাই গায়কে মানুহক সুখী কৰে।

গায়কৰ জীৱনত কিন্তু সুখ নাই, আছে কেবল দুখ। সেয়ে সুখী মানুহ বাদছাহৰ সৈতে দুখী মানুহ গায়কৰ তফাতৰ অন্ত নাই।”

আকবৰ বীৰবলৰ কথা শুনি মনে মনে থাকিল। পিছদিনা ৰাজহাউলীৰ ওচৰৰে এটা ঘৰৰ এটা কোঠাত গায়কক গােটেই জীৱনৰ কাৰণে থাকিবলৈ দিলে আৰু খাদ্যৰ যােগান ধৰিলে ৰাজকোষৰ পৰা।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment