Sunday, April 19, 2026
0 Shares

আকবৰৰ সাঁথৰ

দৰবাৰৰ কাম শেষ হােৱাত এদিন আকবৰে আমােদ কৰিবলৈ দৰবাৰীসকলক ক'লে – “এতিয়া মই আপােনালােকক এটা সাঁথৰ সুধিম। যিজনে সঠিক উত্তৰ কব পাৰিব তেওঁকে ইনাম দিয়া হ’ব।”

আকবৰৰ কথাত দৰবাৰীসকলে আনন্দ বােধ কৰিলে। হাঁহি হাঁহি আটায়ে ক'লে– “সােধক জাহাপনা, আমি সাঁথৰৰ উত্তৰ উলিয়াই দিম।”

আকবৰে সাঁথৰটো ক'লে– “মই ইয়াতে আছোঁ। মই তাতে আছোঁ। সকলাে ঠাইতে আছে। সকলাে ঠাইলৈ যাব পাৰোঁ। অৱশ্যে একেলগে একে ঠাইতে নাথাকে। মােক কোনেও বাধা দিব নােৱাৰে। বান্ধি ৰাখিব নােৱাৰে। মােৰ অবাধ গতি। মই ঘূৰি ফুৰোঁ। মই মাটিৰ ওপৰত থাকে। গছৰ ওপৰতাে থাকে। আকৌ আকাশতাে থাকো। তথাপি মােক কোনেও দেখা নাপায়। আনহাতে মই নাথাকিলে কোনাে জীয়াই থাকিবও নােৱাৰে। চকু থাকিলেও মােক নেদেখে। কিন্তু চকুৰে নেদেখিলেও মােৰ অস্তিত্ব সকলােৱে অনুভৱ কৰিব পাৰে।” অলপ সময় ৰৈ আকবৰে পুনৰ ক'লে– “এয়াই হ’ল মােৰ সাঁথৰ। সাঁথৰৰ মই জন কোন?”

দৰবাৰৰ সকলাে নীৰৱ হৈ গ'ল। কোনেও সাঁথৰৰ উত্তৰ কব নােৱাৰিলে।

এনে সময়তে বীৰবল থিয় হৈ ক'লে– “জাহাপনা, সাঁথৰৰ মই’ জন বতাহ। উত্তৰটো সঠিক হ’লনে জাহাপনা।”

আকবৰে ক'লে– “বীৰবলে সঠিক উত্তৰ দিলে। সেইবাবে ইনাম বীৰবলেই পাব।”

ইমান সহজ উত্তৰ দিব নােৱাৰি অন্য লােকসকলে লাজ অনুভৱ কৰিলে। আকবৰে বীৰবলক ইনাম দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment