Sunday, April 19, 2026
0 Shares

আকবৰৰ পৰশমনি

বাদছাহ আকবৰে পৰশমনি পােৱা বুলি এবাৰ দিল্লীত প্রচাৰ হ’ল। ক্রমে ক্রমে সেই গুজব চাৰিওফালে বিয়পি পৰিল। অৱশেষত এই বাতৰি ভাৰতৰ বাহিৰতো প্ৰচাৰ হ’ল। ফলত কেইবাখনাে দেশৰ ৰজা আৰু ৰজাৰ প্রতিনিধিয়ে পৰশমনি চাবলৈ আহি দিল্লীত উপস্থিত হ’ল। আকবৰে সকলােকে ৰাজকীয় সন্মান যাচি ৰাজধানীত ৰাখিলে। কেইদিনমান পিছৰ এটা দিনত আকবৰে পৰশমনি দেখুৱাম বুলি সকলােকে দৰবাৰত আসন গ্রহণ কৰালে।

দৰবাৰত আকবৰে ৰাজকীয় আলহীসকলৰ লগত নানান কথা পাতিবলৈ ধৰিলে, কিন্তু পৰশমনিৰ প্ৰসঙ্গটো নুলিয়ালে। সকলাে অধৈর্য হৈ পৰিল আৰু ক'লে – “জাহাপনা, আপুনি এতিয়া আমাক পৰশমনি দেখুৱাওক।”

আকবৰে ক'লে– “নিশ্চয়, অলপ অপেক্ষা কৰক মই লৈ আহিছোঁ।”

এইবুলি আকবৰ ভিতৰলৈ সােমাই গ'ল আৰু বীৰবলক হাতত ধৰি সকলােৰে সমুখত উপস্থিত কৰালে। সকলাে অবাক হ’ল আৰু সুধিলে – “পৰশমনি ক'ত?”

আকবৰে তেতিয়া পৰম তৃপ্তিৰে ক'লে– “এইটোৱেই মােৰ পৰশমনি। আপােনালােকে চাব খুজিছে চাওঁক। মােৰ এই পৰশমনিৰ নাম বীৰবল। এওঁৰ ৰস ভৰা কথাৰ তুলনা নাই। বুদ্ধিত এওক কোনেও বলে নােৱাৰে। সকলাে হাৰ মানিবলৈ বাধ্য।”

তেতিয়াহে সকলােৱে কথাটো বুজি পালে। বীৰবলৰ নাম শুনিছিল, আজিহে দেখিলে। সকলােৱে বীৰবলক চেলাম জনালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment