Sunday, April 19, 2026
0 Shares

আকবৰৰ প্ৰশ্ন

বাদছাহ আকবৰে সময় আৰু সুযােগ পালেই বীৰবলক কঠিন প্রশ্ন সুধি ব্যতিব্যস্ত কৰিব খােজে। কিন্তু প্রখৰ বুদ্ধিৰ বীৰবলে মুহূর্ততে সেই প্রশ্নৰ শুদ্ধ উত্তৰ দিয়ে। বাদছাহৰ কোনাে প্রশ্নই বীৰবলক সমস্যাত পেলাব নােৱাৰে। এদিন বাদছাহে সুধিলে– “বীৰবল, বালি আৰু চেনিৰ মিশ্ৰণ কি উপায়ে পৃথক কৰা সম্ভৱ?”

বীৰবলে হাঁহি হাঁহি উত্তৰ দিলে – “জাহাপনা, মজিয়াত মিশ্ৰণটো মেলি দি কিছুসময় অপেক্ষা কৰক। পৰুৱা আহি চেনিবােৰ খাই পেলাব। বালিখিনি পৃথক হৈ পৰিব।” উত্তৰ শুনি আকবৰ সন্তুষ্ট হ’ল।।

আন এদিন আকবৰে সুধিলে – “বীৰবল, কোৱাচোন কোন দুজন ওচৰ চুবুৰীয়াই ইজনে সিজনক দেখাৰ সৌভাগ্য নহয়?”

বীৰবলে তপৰাই উত্তৰ দিলে – “চকু দুটাই জাহাপনা। ইটোৱে সিটোক দেখা নাপায়।” আকবৰ মনে মনে থাকিবলৈ বাধ্য হ’ল।।

এইদৰে আওপকীয়া আৰু অবান্তৰ প্রশ্ন সুধিলেও বীৰবলে। উত্তৰ দিয়ে। তথাপি প্রশ্ন সুধি বীৰবলক শলঠেকত পেলাবলৈ আকবৰে যত্ন কৰে। বীৰবলক পৰাভূত কৰিব খুজি আন এদিন আকবৰে সুধিলে- “বীৰবল, সঁচা আৰু মিছাৰ মাজত দুৰত্ব কিমান?” বীৰবলে উত্তৰ দিলে – “চাৰি আঙুল জাহাপনা। কাণ আৰু চকুৰ দুৰত্বই সঁচা আৰু মিছাৰ দুৰত্ব। চকুৰে দেখাটো সঁচা, কিন্তু কাণেৰে শুনাতে সদায় সঁচা নহয়।”

বীৰবলৰ উত্তৰ শুনি আকবৰ সুখী হ'ল। বীৰবলক প্রশংসা কৰিলে, পুৰস্কাৰৰ দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment