Sunday, April 19, 2026
0 Shares

আকবৰৰ দাঢ়িৰ সংখ্যা

এদিন বীৰবলক সম্রাট আকবৰে সুধিলে– “বীৰবল তােমাৰ পৰিবাৰৰ হাতত কেইডাল চুৰী আছে কোৱাচোন। সঠিককৈ কব পাৰিলেহে পুৰস্কাৰ পাবা।”

সমস্যাত পৰা যেন দেখুৱাই বীৰবলে উত্তৰ দিলে- “কেনেকৈ কম জাহাপনা, মই তেওঁৰ হাতৰ চুৰী কোনােদিনে গণি চোৱা নাই।”

আকবৰে ভাবিলে বীৰবল এইবাৰহে জব্দ হ’ল। সেয়ে হাঁহি হাঁহি ক'লে– “কিয়? তুমি জানাে তােমাৰ পৰিবাৰক সদায় নেদেখা। সদায় দেখি থকা মানুহজনীৰ হাতত কেইডাল চুৰী আছে ক'ব নােৱাৰানে?”

এইবাৰ বীৰবলে হাঁহি হাঁহি উত্তৰ দিলে– “সদায় দেখি থাকিলেই কোৱা সম্ভৱনে জাহাপনা? যদি সম্ভৱ তেনেহ'লে আপােনাৰ দাঢ়িত কেইডাল দাঢ়ি আছে ক'ব পাৰিবনে? আপুনি সদায়ে আপােনাৰ দাঢ়িত হাত বুলাই থাকে। সেয়ে নিশ্চয় কব পাৰিব।”

আকবৰ বিমােৰত পৰি ক'লে– “নাই, ক'ব নােৱাৰিম।”

“তেন্তে এই ঘৰটোলৈ সদায় উঠা নমা কৰা চিৰিটোত কেইটা চিৰি আছে কওঁকচোন। আপুনিতাে সদায় এই চিৰিৰেই উঠা নমা। কৰে।”

এইবাৰৰ আকবৰে হতাশ হৈ ক'লে – “নাই, মই কোনােদিনে চিৰি গণি চোৱা নাই।”

“জাহাপনা, ময়াে আপােনাৰ দৰে কোনােদিন মােৰ স্ত্ৰীৰ হাতৰ চুৰী গণি চোৱা নাই। চুৰী ভাঙে, আকৌ নতুন চুৰী কিনি তেওঁ পিন্ধে। এই চুৰীৰ হিচাব মই ৰখা নাই। সম্ভৱ মােৰ স্ত্ৰীয়েও নগণাকৈ কব নােৱাৰিব।”

আকবৰে বুজিলে বীৰবলক কথাত হৰুৱা সহজ কথা নহয়। সেয়ে নিজেই হাৰ মানিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment