Sunday, April 19, 2026
0 Shares

অসমৰ লোক-সংস্কৃতি

অসমৰ লোক-সংস্কৃতি

ভূমিকা: অসমৰ মূল আধাৰ হ’ল ইয়াৰ লোক সংস্কৃতি। ইংৰাজী ফ'কল'ৰ (Folklore) শব্দটোৰ পৰা লোক-সংস্কৃতি উদ্ভৱ হৈছে বুলি ধাৰণা কৰা হৈছে। কিয়নো ফ’কলৰৰ আক্ষৰিক অৰ্থ হ’ল লোক সমাজৰ জ্ঞান বা বিদ্যা। কোনো এটা জাতিৰ বা মানৱ গোষ্ঠীৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি শিক্ষা, আদর্শ, ভাষা-সাহিত্য, আচাৰ-নীতি, ৰুচি, জ্ঞান, শিক্ষা, প্রেম, কল্পনা, চিন্তা, অন্ধবিশ্বাস, পৰম্পৰা আদিৰে যি সামগ্রিক ৰূপ গঠন হয় তাকে লোক-সংস্কৃতি বোলে।

লোক-সংস্কৃতিৰ বৈশিষ্ট্য: অসমৰ গ্ৰাম্য সমাজখনেই অসমৰ লোক-সংস্কৃতিৰ প্ৰধান স্থল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ আচাৰ, ৰীতি-নীতিৰে ধৰ্মনিৰপেক্ষ যিখন সমাজ গঢ় লৈছে, তাৰ তুলনা পৃথিৱীৰ আন ক’তো পাবলৈ নাই। অসমৰ লোক-সংস্কৃতিক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়- লোক সাহিত্য বা মৌখিক সাহিত্য, ৰীতি-নীতি, লোক-জীৱন আৰু কলাসংস্কৃতি।

অসমীয়া জাতিৰ প্ৰাচীন সাহিত্যসমূহ লোক-জীৱনৰ আধাৰতে সৃষ্টি হৈছে। লোক-বিশ্বাস বুলি লোৱা কথাবোৰৰ পৰাই লোক-সাহিত্য, জন-সাহিত্যৰ সৃষ্টি হৈছে। মৌখিকভাৱে চলি অহা আইনাম, অপেচৰী সবাহৰ গীত, বনগীত, বিহু, বাৰমাহীৰ গীত আদিবোৰেই হ’ল লোক-সাহিত্যৰ অংশ। ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কমি অহা ফকৰা যোজনা, সাধুকথা, জটুৱা ঠাঁচ আদিবোৰো লোক সাহিত্যৰ সম্পদ। যাৰ পৰা সমৃদ্ধিশালী হৈছে আমাৰ লোক-সংস্কৃতি।

অসমীয়া সমাজ ধর্ম নিৰপেক্ষ সমাজ। এই সমাজত বড়ো, মিছিং, কছাৰী, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ মানুহে লগ হৈ গঢ়ি তুলিছে লোক-সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ। অসমত বিহু, আলি-আই-লৃগাং, ঈদ, পূজা, মহৰম আদি একে উছাহেৰে পতা হয়। মৃতকৰ সবাহ, খেতি চপোৱা উৎসৱ আদি আমাৰ লোক-সংস্কৃতিৰ অভিন্ন অংগ। আমাৰ সমাজত অনেক নিয়ম, ৰীতি-নীতি প্রচলিত। দেৱ-দেৱী, ভূত-প্ৰেত, দেৱতা, ওজা-বেজালি আদিৰ দৰে বিশ্বাসে আজিও সমাজত গুৰুত্ব লাভ কৰে।

অসমৰ লোক-জীৱন অতি সহজ-সৰল। পৰ্বত-ভৈয়াম, হিন্দু-মুছলমান, ধনী-দুখীয়া সকলো স্তৰৰ মানুহ একেলগে বাস কৰে ইয়াত। ঘৰ-দুৱাৰ, পিন্ধন-উৰণ, খেলা-ধূলা, লোকাচাৰ চাই ইটো জাতিৰ পৰা সিটোক পৃথক কৰা টান । আটাইৰে সন্মিলিত সংস্কৃতিৰ বান্ধোনত বাটকটীয়া হৈ আছে আমাৰ সংস্কৃতি। পূজা-পাতল, বাঁহ-বেতৰ সঁজুলি নিৰ্মাণ, পুৰণি খেল আদিত অসমৰ সকলোৱে সমূহীয়াভাৱে অংশ লয়। ভেদাভেদ পাহৰি শ শ বছৰ ধৰি অসমীয়া জাতি একে সংস্কৃতিৰে বান্ধ খাই আছে।

কলা-সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ লোক-সংস্কৃতিৰ প্ৰভূত অৰিহণা আছে। ওজাপালি, বিহু, জিকিৰ, পুতলা নাচ, দেওধনী নাচ, আইনাম, ভাওনা আদি বাৰেৰহনীয়া কলা-সংস্কৃতিৰে অসমৰ সংস্কৃতিৰ পথাৰ সমৃদ্ধ। বিভিন্ন সম্প্ৰদায়ৰ মাজত যি ভিন্ন ৰীতি-পৰম্পৰা আছে তাৰ আলমত গঢ়ি উঠিছে আমাৰ লোক-সংস্কৃতি। বিভিন্ন মানুহে বিভিন্ন প্রার্থনাৰ উপায়, আহাৰ, পোছাক পৰিধান আদি কৰে, কিন্তু যেতিয়া একগোট হৈ কোনো অনুষ্ঠানৰ অংশ লয়, তেতিয়া এই ভিন্নতা ধৰা নপৰে। এখন সমাজত একেখিনি নিয়ম-কানুনেই অৱলম্বন কৰা হয়।

সামৰণি: অসমৰ লোক-সংস্কৃতি ইয়াৰ পৰম্পৰাৰ ওপৰত গঢ়ি উঠিছে। অসমৰ মানুহৰ নিজা চিন্তাচৰ্চা, আচাৰ-ৰীতিয়ে সাৱলীল ৰূপত লোক-সংস্কৃতিক সমৃদ্ধিশালী কৰিছে। সেয়ে আজিৰ পৰা হাজাৰ বছৰৰ পাছতো বৰ্তি থাকিব আমাৰ এই সংস্কৃতি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment