Sunday, April 19, 2026
0 Shares

অন্ধবিশ্বাস

সমাজত বহুত অন্ধবিশ্বাস প্রচলিত হৈ থাকে। এবাৰ এজন মানুহক দেখিলেই সেইদিনটোত লঘােনে থাকিব লাগে বুলি এটা অন্ধবিশ্বাস চাৰিওফালে বিয়পি পৰিল। ফলত কোনাে মানুহেই মানুহজনক চাব নােখােজে। মানুহজনক দেখা নাপাবলৈ সকলােৱে ৰাতিপুৱা প্রার্থনা জনায়। আকবৰে কিন্তু এই কথা জনা নাছিল। এদিন প্রাতঃ ভ্ৰমণত যাওঁতে আকবৰে মানুহজনক দেখিলে। সেইদিনা নানা কামত ব্যস্ত থকাৰ কাৰণে আকবৰ লঘােনে থাকিব লগা হ'ল। তেনে অৱস্থা এটাৰ সমূখীন হ'ব লগীয়া হােৱা কাৰণে আকবৰে সভাসদ সকলৰ ওচৰত কথাটো ব্যক্ত কৰিলে। সভাসদসকলে কলে- “জাহাপনাই হয়তো আজি সেই অশুভ ব্যক্তিজনৰ মুখ দেখিছিল। সেইকাৰণে উপবাসে থাকিব লগা হ'ল।”

সভাসদসকলে আকবৰক সকলাে কথা বিবৰি কোৱাত আকবৰে লগে লগে মানুহজনক ৰাজ্যৰ পৰা বাহিৰ কৰি দিবলৈ নির্দেশ দিলে। সম্রাটৰ নির্দেশমতে মানুহজনেও দুখ মনেৰে ৰাজ্য এৰি যাবলৈ সাজু হ’ল।

তেতিয়া বীৰবলে ক'লে– “জাহাপনা, মানুহজনক দেখিলে লঘােনে থাকিব লগা হয়, কিন্তু এই মানুহজনে আজি আপােনাক দেখা কাৰণে দেশত্যাগ কৰিব লগা হ’ল। গতিকে কওকচোন প্রকৃত অশুভ ব্যক্তি কোন?”

আকবৰে যুক্তিটো গভীৰভাবে চিন্তা কৰি ভাবিলে, কথাটো হয়তাে মিছা নহয়। তেতিয়া বাদছাহে মানুহজনৰ ওপৰত জাৰি কৰা নির্দেশ উঠাই ললে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment