Sunday, April 19, 2026
0 Shares

শিৱৰ বাহন

শিৱৰ বাহন

শিৱৰ বাহন

এইটো সেই সময়ৰ কথা যি সময়ছোৱাত ভগৱান শিৱৰ ঠাই দৰ্শন কৰাৰ বাবে কোনো বাহন নাছিল। তেওঁ খোজকাঢ়ি অৰণ্যৰ মাজেৰে যাত্ৰা কৰিব লগা হৈছিল। এনেতে এদিন মা পাৰ্বতীয়ে তেওঁক ক'লে, 'আপুনি পৃথিৱীৰ প্ৰভু, গোটেই পৃথিৱী আপোনাৰ দাস।' পদযাত্ৰাই আপোনাক শোভা দিয়ে জানো প্ৰভু?

শিৱৰ বাহন

শিৱই হাঁহি হাঁহি ক'লে, "দেৱী, মই হলো যোগী। বাহনৰ প্ৰয়োজনীয়তা ক'ত আছে বাৰু? ঋষিমুনি, সাধুবাবা সকলে বাহনৰ ব্যৱহাৰ কৰে জানো?'

পাৰ্বতীয়ে চকুপানী টুকি টুকি ক'লে, "যেতিয়া আপুনি শৰীৰত ছাই লগাই, জঁটাধাৰী হৈ কাঁইটীয়া পথত খালি ভৰীৰে খোজ কাঢ়ে তেতিয়া মই মনত বৰ কষ্ট পাওঁ।

শিৱই পাৰ্বতী মাক কাষত বহাই বাৰে বাৰে কথাবোৰ ধুনীয়াকৈ বুজালে যদিও তেওঁ তেওঁৰ কথাত অটল হৈ থাকিল। পাৰ্বতীয়ে কোনো সুবিধা অবিহনে অৰণ্যত বাস কৰাত একো আপত্তি নাই, কিন্তু শিৱৰ কাৰণে যাত্ৰাত সুবিধা হোৱাৰ বাবে যিকোনো প্ৰকাৰে বাহন এখন লাগে।

এতিয়া প্ৰভু বৰ চিন্তিত হৈ পৰিল। এতিয়া বাহন এখন ততাতিয়াকৈ কত পোৱা যায়? প্ৰভুই নাৰদ মুনিৰ দ্বাৰাই দেৱতাসকলক মাটি পঠিয়ালে। কথামতেই নাৰদ মুনিয়ে সকলো দেৱতাক তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিলে।

সকলো দেৱতা চিন্তাত পৰিল। তেওঁলোকে তেওঁলোকৰ বাহনবোৰকে শিৱই লৈ যাব বুলি সকলোৱে ভয় খালে। সকলোৱে কিবা নহয় কিবা অজুহাত দেখুৱাই নিজৰ নিজৰ ঘৰতে বহি থাকিল। ইপিনে পাৰ্বতীয়ে শিৱৰ কাৰণে বাহনৰ কথা ভাবি ভাবি দুখ কৰি আছিল। শিৱই দেখিলে যে কোনো দেৱতা উপস্থিত হোৱা নাই। ইয়াকে দেখি শিৱই খঙত এটা হুংকাৰ দিয়াৰ লগে লগে অৰণ্যৰ সকলো জীৱ-জন্তু আহি তেওঁৰ ওচৰত হাজিৰ হ'ল।

শিৱই সিহঁতক ক'লে, 'পাৰ্বতীয়ে বিচাৰে যে মোৰ এখন বাহন হওঁক যাতে মোৰ যাত্ৰা সুবিধাজনক হয়। কোৱা কোন হবা মোৰ বাহন?


সকলো জন্তু আনন্দত জপিয়াই উঠিল। সিহঁতৰ মাজৰ পৰা এটা সৰু শহাপহু আগবাঢ়ি আহি কলে- 'প্রভু, মই আপোনাৰ বাহন হব বিচাৰো, মোৰ গাটো কোমল,আপুনি যাত্ৰাত অকণমানো কষ্ট নাপায়। শহাপহুৰ কথা শুনি সকলোৱে হাঁহিলে আৰু তেতিয়া তাৰ মাজৰ পৰা সিংহ এটাই গৰ্জন কৰি কলে- ঐ শহাপহু, তই মই থাকোতে ইমান সাহস ক'ত পালি মোৰ আগত কথা কবলৈ? তাকে শুনি শহাপহুটোৱে ভয়ত পেপুৱা লাগি চুপচাপ এটা চুকত বহি গাজৰ খাব ধৰিলে।

শিৱৰ বাহন

সিংহটোৱে প্ৰভূক হাতজোৰ কৰি প্ৰণাম জনাই কলে- "প্ৰভু, মই অৰণ্যৰ ৰজা, কোনেও মোৰ মুখামুখি হ'ব নোৱাৰে। মোক আপোনাৰ বাহন বনাই লওক" সিংহৰ কথা শেষ নহওঁতে, হাতীয়ে মাজতে মাত দিলে- "মোৰ বাহিৰে প্ৰভুৰ বাহন আন কোনেও হব নোৱাৰে, মই গ্ৰীষ্মকালত মোৰ শুৰডালেৰে পানী ভৰাই প্ৰভুক গা ধুৱাই দিম।" সেই চেগতে বনৰীয়া গাহৰিও জানো মনে মনে থাকিব পাৰিব, সিও মুখ জোকাৰি ক'লে- প্ৰভু মোক বাহন বনাই লওক, মই লেতেৰা যদিও চাফ-চিকুণ হৈ থাকিব যত্ন কৰিম, এই বুলি কৈ সি গোটেই গাত বোকা সানিব ধৰিলে। সেই সময়তে কস্তুৰী হৰিনাটোৱে নাকত হাত ৰাখি ক'লে- ছিঃ ছিঃ ইমান দুৰ্গন্ধ....কেনেকুৱা গোন্ধাইছে তোৰ গাটো.. ইয়াৰ পৰা গুচি যা, প্ৰভু মোৰ পিঠিত উঠিব।

এইদৰে, সকলো জন্তুৱে নিজক বাহন বনাবৰ কাৰণে প্ৰভুৰ ওচৰত প্ৰস্তাৱ দিলে। শিৱই সকলোকে শান্ত কৰি ক'লে, 'কেইদিনমানৰ পিছত মই তোমালোকৰ পৰা এটা বস্তু বিচাৰিম, যিয়েই মোক সেই বস্তুটো আনি দিব পাৰিব,সেইটোৱেই মোৰ বাহন হ'ব।' '

নন্দী ষাঁড়টোও তাত থিয় হৈ কথাবোৰ শুনি আছিল। সেইদিনাৰ পৰা সি গোপনে শিৱ-পাৰ্বতীৰ কথা শুনিবলৈ আৰম্ভ কৰিলে।

ভোক আৰু তৃষ্ণা স্বত্তেও কেইবা ঘণ্টা ধৰি নন্দীয়ে লুকাই কথাবোৰ শুনি আছিল। এনেতে এদিন গম পালে যে শিৱই বৰষুণৰ বতৰত শুকান কাঠ বিচাৰিব। ইতিমধ্যে সি আগতীয়াকৈ সকলো প্ৰস্তুতি কৰি থৈছিল।

বৰষুণৰ বতৰ আহি পালে। লাহে লাহে গোটেই অৰণ্যখন পানীৰে ভৰি পৰিল। এনে পৰিস্থিতিত শিৱই শুকান কাঠ ক'ত পাম বুলি উপায়বিহীন হৈ জীৱ-জন্তুৰ পৰা অলপ শুকান কাঠ বিচাৰিলে। সকলো জন্তুৱে ইজনে সিজনৰ মুখলৈ চাবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই ষাঁড়টোৱে গৈ বহুতো শুকান কাঠৰ মুঠি লৈ আহিল।

নন্দীৰ কাৰ্য্য দেখি ভগৱান শিৱ বৰ আনন্দিত হ'ল। তেওঁ জানিছিল যে ষাঁড়টোৱে তেওঁৰ কথাবোৰ লুকাই শুনি আছিল। তথাপিও তেওঁ নন্দী ষাঁড়টোক তেওঁৰ বাহন হিচাপে বাছনি কৰিলে আৰু বাকী সকলো জীৱ-জন্তু তেওঁৰ আৰু মা পাৰ্বতীৰ বাবে জয় জয় উল্লাস ধ্বন্নিৰে নিজৰ নিজৰ ঠাইলৈ উভতি গ'ল।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment