Sunday, April 19, 2026
0 Shares

এজনী কপৌৰ সাধু-কাৰ্বি সাধু

এজনী কপৌৰ সাধু-কাৰ্বি সাধু

এজনী কপৌৰ সাধু

অতি পুৰণি কালত এক গভীৰ অৰণ্যত এহাল কপৌ চৰায়ে বাহ সাজি আছিল। সেই হাবিতেই সিহঁতৰ সন্তান-সন্ততিবােৰ ডাঙৰ-দীঘল হৈছিল আৰু সকলােৱে সুখেৰে কাল কটাইছিল।

কপৌৰ সাধু

এদিনাখন এটা হেপাই কপৌহালৰ বাহ দেখা পালে। কপৌহাল নথকা অৱস্থাত সি বাহত উঠি পােৱালিবােৰ খাই পেলালে। বাৰে বাৰে কপৌহালৰ পােৱালি হয়, বাৰে বাৰে সি খায়। তাকে দেখি মাইকী কপৌজনীয়ে মতা কপৌটোক ক'লে,-“আমাৰ এই ঠাইডােখৰ নিৰাপদ নহয়। পােনাহঁতক ডাঙৰ-দীঘল কৰিব নােৱৰাত পৰিলোঁ। সেই মহাপাপী হেপাৰ অত্যাচাৰ আৰু সহ্য নহয়।” কপৌজনীৰ কথাত কপৌটোৱে সমর্থন কৰিলে আৰু দুয়াে আন এখন অৰণ্যত বসতি কৰিলেগৈ।

আন এদিনাখন এই কপৌহালে এৰি থৈ অহা অৰণ্যৰ ফালে আহাৰ বিচাৰি গ'ল। মতা কপৌটোৱে মাটিত পৰি থকা সৰিয়হৰ গুটিবােৰ বুটলি থাকোঁতে, সেই হেপাটোৱে চকু পচাৰতে তাক ধৰি পেলালে। মাইকী কপৌজনীয়ে নিৰুপায় হৈ চকুলাে টুকি নিজ বাহৰ ফালে উৰা মাৰিলে।

কপৌজনীয়ে মনৰ দুখত অকলে অকলে দিন নিয়াবলৈ ধৰিলে। এইদৰে তললৈ মূৰ কৰি দুখ কৰি থাকোঁতে এদিন সেই লুভীয়া হেপাটোক তাই দেখা পালে। হেপাটোক দেখা পাই তাই ভাবিলে- “লােভেই পাপ, পাপেই মৃত্যু বুলি কথা এষাৰ আছে। ইয়াৰ প্ৰমাণকে চাও।”

কপৌৰ সাধু

এই বুলি ভাবি তাইৰ বাহৰ পৰা পােৱালি দুটা অন্য ঠাইলৈ লৈ গ'ল। হেপাটোক দেখাই তাইৰ বাহলৈ ফৰিং অনাৰ ছলেৰে কিছুমান কাইট আনি ধুনীয়াকৈ বাহত সজাই থলে। ফৰিং আদি অনা দেখি হেপাটোৱে ভাবিলে নিশ্চয় কপৌজনীৰ পােৱালি খাব পৰা হৈছে। ইয়াকে ভাবি সি লাহে লাহে গছজোপাত উঠিল আৰু একে জাঁপে কপৌ বাহত জঁপিয়াই পৰিল।

খালী হৈ থকা বাহটোত কাঁইট ভৰি আছিল। সেই কাঁইটে হেপাৰ চকু দুটা ফুটাই দিয়াত সি তেজেৰে লুতুৰি-পুতুৰি হ’ল। কপৌজনীয়ে অন্য গছৰ পৰা হেপাৰ দশা চাই আনন্দমনেৰে ৰুণ দিবলৈ ধৰিলে।

(আশা কৰোঁ আপুনি  “এজনী কপৌৰ সাধু” টো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “এজনী কপৌৰ সাধু” টো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment