Sunday, April 19, 2026
0 Shares

চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই

চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই

চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই

এয়া বহু দিনৰ আগৰ কথা। এবাৰ চীনৰ এজন ৰজাই তেওঁৰ পুত্ৰক এজন ভাল শাসক বনোৱাৰ উদ্দেশ্যৰে এজন প্ৰসিদ্ধ মাষ্টাৰৰ ওচৰলৈ পঠিয়াইছিল।

তেওঁৰ লগত কেইদিনমান ৰখাৰ পিছত, মাষ্টাৰজনে যুৱৰাজক এবছৰৰ বাবে অৰণ্যত অকলে থাকিবলৈ পঠিয়াই দিলে।

যেতিয়া যুৱৰাজ ঘূৰি আহিল, তেতিয়া মাষ্টৰে সুধিলে, “কোৱা, হাবিত কি শুনিলা?”

“মই হাবিত কুলিৰ কু কু মাত, নদীৰ কুলু কুলু শব্দ, গছৰ পাতবোৰৰ শব্দ, মৌ-মাখিৰ গুঞ্জন, কীট-পতংগৰ বিভিন্ন শব্দ আৰু বতাহৰ শব্দ শুনিলো...।” এনেদৰে তেওঁ হাবিত শুনা শব্দবোৰৰ কথা মাষ্টাৰৰ আগত বৰ্ণনা কৰি গ’ল।

যেতিয়া যুৱৰাজে নিজৰ কথা শেষ কৰিলে তেতিয়া মাষ্টৰে ক’লে, “আচ্ছা, এতিয়া তুমি আকৌ এবাৰ অৰণ্যলৈ যোৱা আৰু তুমি কিছুমান নতুন মাত শুনাৰ চেষ্টা কৰা আৰু সেয়া নুশুনালৈকে ঘূৰি নাহিবা।”

চীনৰ সাধু

চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই

এবছৰ হাবিত কটোৱাৰ পাছত যুৱৰাজে নিজৰ ৰাজ্যলৈ ঘূৰি আহিব বিচাৰিছিল, কিন্তু মাষ্টৰৰ কথাবোৰ এৰাই চলিবও নোৱাৰে, সেইবাবে মন নহ’লেও তেওঁ অৰণ্যৰ ফালে আকৌ আগবাঢ়ি গ’ল।

কেইবাদিনো পাৰ হৈ গ’ল কিন্তু যুৱৰাজে কোনো নতুন মাত শুনা নাপালে। তেওঁ বিচলিত হ’ল। তেওঁ সিদ্ধান্ত ল’লে যে এতিয়া তেওঁ প্ৰতিটো মাতেই খুব মনোযোগেৰে শুনিব!

তাৰ পিছত এদিন ৰাতিপুৱা তেওঁ কিছুমান অজ্ঞাত শব্দ সৰু সৰুকৈ শুনিবলৈ ধৰিলে। এই ঘটনাৰ কেইদিনমান পিছত, তেওঁ মাষ্টাৰৰ ওচৰলৈ ঘূৰি আহি ক’লে “প্ৰথমতে আগৰ শব্দৰ দৰেই শব্দ শুনিছিলো, কিন্তু এদিন যেতিয়া মই অতি মনোযোগেৰে শুনিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই আগতে কেতিয়াও নুশুনা শব্দবোৰো শুনিবলৈ ধৰিলোঁ...। মই ফুলৰ কলি ফুলি থকাৰ শব্দ শুনিবলৈ ধৰিলোঁ, মই পৃথিৱীত পৰা সূৰ্যৰ ৰশ্মি, পখিলাৰ গান, আৰু ঘাঁহৰ দ্বাৰা ৰাতিপুৱাৰ নিয়ৰ পান কৰাৰ শব্দও শুনিবলৈ আৰম্ভ কৰিলোঁ।”

চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই

এই কথা শুনি মাষ্টাৰে সুখী হৈ হাঁহি হাঁহি ক’লে, “নুশুনা কথা শুনিবলৈ সক্ষম হোৱাটো এজন ভাল ৰজাৰ লক্ষণ। কিয়নো যেতিয়া এজন শাসকে তেওঁৰ লোকসকলৰ হৃদয়ৰ কথা শুনি, তেওঁলোকৰ লগত কথা নপতাকৈ তেওঁলোকৰ অনুভূতি বুজি পায়, তেওঁৰ লোকসকলৰ অকথিত অভিযোগবোৰ শুনিব পাৰে, কেৱল তেওঁহে তেওঁৰ প্ৰজাসকলৰ বিশ্বাস জিকিব পাৰে, কিবা ভুল হ’লে বুজিব পাৰে আৰু তেওঁৰ নাগৰিকসকলৰ প্ৰকৃত প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।”

বন্ধুসকল, আমি যদি আমাৰ ক্ষেত্ৰখনৰ নেতা হ’ব বিচাৰো, তেন্তে আমিও নোকোৱা কথাবোৰ শুনিবলৈ শিকিব লাগিব। অৰ্থাৎ সেই যুৱৰাজৰ দৰে আমি আমাৰ কামবোৰ পৰম সজাগতাৰে কৰিব লাগিব আৰু আমাৰ লগত কাম কৰা সকলৰ প্ৰয়োজন আৰু অনুভূতিৰ যত্ন লোৱা উচিত হ’ব, তেতিয়াহে আমি নিজকে এজন প্ৰকৃত নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম।

(আশা কৰোঁ আপুনি  "চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই" সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “চীনৰ সাধু-সেইটো শুনা যিটো কোৱা হোৱা নাই” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment