Sunday, April 19, 2026
0 Shares

ৰজা আৰু বান্দৰৰ সাধু

কোনাে এখন ৰাজ্যত এজন মূৰ্খ আৰু বিলাসী ৰজাই ৰাজত্ব কৰিছিল। এইজন ৰজাৰ শােৱনী কোঠাৰ কিছু আঁতৰত এখন উদ্যান আছিল। ৰজাই আজৰি সময়ত সেই উদ্যানৰ ফুল-ফলবােৰৰ ৰূপ-লাৱণ্য উপভােগ কৰি সময়বােৰ পাৰ কৰিছিল। এইজন ৰজাৰ অন্য এটা চখ আছিল, তেওঁ বিভিন্ন প্রজাতিৰ জীৱ-জন্তু প্রতিপালন কৰি আনন্দ লভিছিল। তেওঁৰ অতি প্রিয় প্রাণীবিধ আছিল বান্দৰ। সেই কাৰণে তেওঁ এটা বান্দৰাে পুহিছিল। ৰজাৰ প্রিয় এই বান্দৰটোৱে ৰজাৰ সংগ নেৰিছিল। য’তে যায় ত’তেই সি ৰজাৰ লগত থাকিছিল। এদিন দুপৰীয়াৰ সময়ত ৰজাই ভাত-পানী খাই এটুকুৰা নিৰল ঠাইত বিছনাৰ ব্যৱস্থা কৰি বিশ্রাম লৈ আছিল। সেই ঠাইতে তেওঁৰ পােহনীয়া বান্দৰটোও আছিল। ৰজাই বান্দৰটোক বিচি থাকিবলৈ দি কৈছিল যাতে সাধাৰণ মাখি এটাইও ৰজাক আমনি নকৰে। ইয়াৰ পিছত ৰজাই টোপনিত লালকাল দিলে। ঠিক তেনেকুৱা সময়তে ক'ৰবাৰ পৰা উৰি আহি মাখি এটা ৰজাৰ দেহত পৰিল। বান্দৰটোৱে মাখিটোক বাৰে বাৰে খেদে, পুনৰ আহি ৰজাৰ গাত পৰে। শেষত বান্দৰটোৰ খং উঠিল। সি এখন তৰােৱাল লৈ মাখিটোৰ বাবে ৰৈ থাকিল। সেইবাৰ মাখিটোই উৰি গৈ ৰজাৰ ডিঙিত পৰিল। বান্দৰটোৱে মাখিটোক একেবাৰে শেষ কৰি দিয়াৰ ইচ্ছাৰে সর্বশক্তি প্রয়ােগ কৰি তৰােৱাল খনেৰে ঘাপ দিলে। পৰিণামত ৰজাৰ ডিঙি দুছেউ হ’ল। লগে লগে ৰজাৰ মৃত্যু হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment