Sunday, April 19, 2026
0 Shares

হাতী ভক্ষণকাৰী শিয়াল

এখন বনৰ মাজত এটা শিয়াল ঘূৰি ফুৰােতে এটা মৃত হাতী দেখি তাৰ মাংস খাবলৈ চেষ্টা কৰি শিয়ালটো ব্যর্থ হ’ল। কাৰণ শিয়ালৰ দাঁতেৰে হাতীৰ কঠিন আৰু ডাঠ ছালখন ফুটা কৰাত ব্যর্থ হ’ল। সি হাতীটো আগত লৈ বহি থাকোতে তাত কৰবাৰ পৰা সিংহ এটা আহি উপস্থিত হ’ল। শিয়ালে সিংহৰ শক্তি সামর্থ্যৰ কথা জানে বাবে তাক তাৰ পৰা খেদাৰ উপায় চিন্তিলে। তাৰ পিছত সি মাটিত মূৰটো লগাই সিংহক সেৱা জনাই ক'লে, “হে পশুৰাজ! ইমান সময়ে মই আপােনাৰ অপেক্ষাত আছে। ভাবিছোঁ মহাৰাজলৈ ৰাখি থােৱা এই খাদ্য তেওঁ নিজেই প্রথম গ্ৰহণ কৰি আমাক ধন্য কৰিব।” সিংহই শিয়াললৈ চাই ক'লে, “তােমাৰ মহানুভৱতাক ধন্যবাদ জনাইছোঁ, কিন্তু মই অন্যই বধ কৰা খাদ্য ভক্ষণ নকৰাে। এই খাদ্য তুমিয়ে খােৱা, মই যাওঁ। সিংহ যােৱাৰ পিছত তাত উপস্থিত হৈছিল এটা প্রকাণ্ড ঢেকীয়াপতীয়া বাঘ। এইবাৰ অন্য কৌশলেৰে বাঘকো খেদাৰ পৰিকল্পনা ল’লে শিয়ালে। বুধিয়ক শিয়ালটোৱে খুব কোমলভাৱে বাঘক মাত দিলে, “বাঘ ককাইদেউ! আপুনি মােৰ একে জাতিৰ নহ'লেও মই আপােনাক ভাল পাও বাবেই এটা কথা ক'ব বিচাৰিছোঁ। আপুনি জানি-বুজি কিয় বাৰু জ্বলা জুইত পুৰি মৰিম বুলি আহিছে। ইয়াত মই যিটো খাদ্য লৈ ৰখি আছাে, সেইটো আচলতে সিংহৰ খাদ্য। ইয়াত মােক ৰখিয়া পাতি তেওঁ নদীত গা ধুবলৈ গৈছে। সিংহটোৱে মােক কৈ গৈছে, যদি এইফালে বাঘ আহে তই মােক মনে মনে খবৰ দিবি। সি মােক বহুদিন আগতে এটা ডাঙৰ অপকাৰ কৰি থৈছে। শিয়ালৰ কথা শুনি বাঘে তাত এক ছেকেণ্ডো নৰ'ল। মই এতিয়া যাওহে বুলি কৈ উধাতু খাই দৌৰিলে। বাঘটো যােৱাৰ দিশে শিয়ালে চাই ভাবিলে, সি এতিয়া সম্পূর্ণ নিষ্কণ্টক। কিন্তু তাৰে ভাগ্য বেয়া। ক’ৰবাৰ পৰা আহি ওলালহি এটা নাহৰফুটুকী বাঘ। সি এইবাৰ তাকো খেদাৰ কুট বুদ্ধি ৰচনাত লাগিল। কিছুসময় চিন্তা কৰাৰ পিছত সি নাহৰফুটুকীক ক'লে, “হেৰা নাহৰফুটুকী, তুমি আহি ভালেই কৰিলা। সিংহ এটাই এই হাতীটো মাৰি মােক ৰখীয়া কৰি থৈ গা ধুবলৈ গৈছে। তুমি যদি বেয়া নােপােৱা অলপ সময় হাতীটো ৰখি দিয়া। সিংহৰ কথা শুনাৰ লগে লগে নাহৰফুটুকীয়ে ভয়তে উধাতু খাই দৌৰিলে। শিয়ালে নাহৰফুটুকীক পিছফালৰ পৰা বাৰে বাৰে ৰবলৈ অনুৰােধ কৰিলে আৰু তাক হাতীৰ মঙহৰ সােৱাদ লৈ যাবলৈও অনুৰােধ কৰিলে। শিয়ালৰ অনুৰােধ ৰক্ষা কৰিবলৈ নাহৰফুটুকী উভতি আহিল আৰু তাৰ ভােক নিবাৰণৰ বাবে হাতীৰ পেটত কামােৰ দিলে। ইয়াৰ পিছত সি কিছুসময় হাতীৰ মাংসৰ সােৱাদ ল’লে। তেতিয়া শিয়ালে দেখিলে যে সি এতিয়া আৰু বাধাহীনভাৱে হাতীৰ মাংস খাব পাৰিব। গতিকে সি নাহৰফুটুকীক খেদিবলৈ বুলি নাহৰফুটুকীক ক'লে যে পশুৰাজ একেবাৰে কাষ পাইছে। পশুৰাজৰ কথা শুনাৰ লগে লগে নাহৰফুটুকী আৰু তাত নৰ’ল। হাতীৰ মাংস খােৱাত শিয়ালক আৰু কোনে বাধা দিয়ে। শিয়াল এটা আহি থকা দেখি সি তাকো দূৰলৈ খেদি পঠিয়ালে। সম্পূর্ণ নিষ্কণ্টক হৈ শিয়ালে হাতীৰ মঙহ এমাহমানলৈ খালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment