Sunday, April 19, 2026
0 Shares

হেজাৰ বুদ্ধি, শতবুদ্ধি আৰু একবুদ্ধি

এখন বিলত ভালেমান মাছ-কাছৰ লগতে কিছুমান বেং একেলগে মিলাপ্ৰীতিৰে বহু বছৰ ধৰি বসবাস কৰি আছিল। বিলটোত বসবাস কৰা মাছবােৰৰ মাজত দুটা মাছৰ নাম আছিল হেজাৰ বুদ্ধি আৰু শতবুদ্ধি। সিহঁত দুটাৰ যেনে নাম তেনে কামাে আছিল। সুখৰ কথা সেইখন বিলতে একবুদ্ধি নামৰ বেং এটায়ো তাৰ পৰিয়ালৰ সৈতে বসবাস কৰিছিল। এদিন ৰাতিপুৱা হেজাৰ বুদ্ধি, শতবুদ্ধি আৰু একবুদ্ধিয়ে ৰ’দ পুৱাই আছিল। এনেতে এদল মাছমৰীয়াই কৈ যােৱা শুনিলে যে সিহঁতে বিলখনৰ মাছবােৰ পিছদিনা জাল, পলৌ লৈ এফালৰ পৰা মাৰিব। মাছমৰীয়াহঁতৰ কথা শুনি একবুদ্ধিয়ে খুব ভয় খালে। সি লগে লগে হেজাৰ বুদ্ধি আৰু শতবুদ্ধিক ইয়াৰ পৰা ৰক্ষা পােৱাৰ উপায় চিন্তিবলৈ ক'লে। বেঙৰ কথা শুনি হেজাৰ বুদ্ধিয়ে খুব হাঁহিলে আৰু তাক মিছাতে চিন্তা কৰি মূৰটো নষ্ট নকৰিবলৈ পৰামর্শ দিলে। লগতে ইয়াকো ক'লে যে সিহঁত আহিম বুলি ক'লেও নাহিবও পাৰে আৰু আহিলেও বুদ্ধিৰে বিপদৰ পৰা হাত সাৰিব পৰা যাব বুলি ক'লে। শতবুদ্ধিয়েও হেজাৰ বুদ্ধিৰ কথাকে সমর্থন কৰিলে। শতবুদ্ধিয়ে এইকথাও ক'লে যে লােকৰ সামান্য কথাতে পিতৃ ভিঠা এৰি যােৱাটো কাপুৰুষৰ লক্ষণ। বেঙে কিন্তু মাছৰ কথাত মান্তি নহ’ল। সি তাৰ এটা বুদ্ধিৰে পৰিয়ালসহ সেইখন বিল ত্যাগ কৰি অন্য বিলত নিৰাপদে আশ্রয় ল'লে।

পিছদিনা মাছমৰীয়াহঁতে বিলখনৰ সকলাে মাছকে জাল, পলৌ মাৰি ধৰিলে। শতবুদ্ধি আৰু হেজাৰ বুদ্ধিক মাছমৰীয়াহঁতে ডাঙৰ মাছৰ শ্ৰেণীত বিভক্ত কৰি এটাক মূৰত তুলি ল'লে আৰু আনটোক এডাল ৰচিৰে বান্ধি ওলােমাই ল'লে। এই দৃশ্য সিখন বিলৰ পৰা একবুদ্ধিয়ে দেখি তাৰ ঘৈণীয়েক আৰু ল'ৰা-ছােৱালীহঁতক দেখুৱাই ক'লে, “চোৱা চোৱা” অহংকাৰী শতবুদ্ধি আৰু হেজাৰ বুদ্ধিৰ অৱস্থা।” একবুদ্ধিয়ে নিজৰ বিবেকেৰে কাম কৰি আহি থকা দিনবােৰ সুখে-শান্তিৰে পাৰ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment