Sunday, April 19, 2026
0 Shares

সৎসাহস

সাহ চৰিত্ৰ গঠনত বৰ দৰকাৰ৷ কিন্তু সৎ সাহহে (moral courage)৷ আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে৷ এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্তৃত্ব হয়৷ সমুখত উপস্থিত হোৱা বিপদ এই সাহৰ আগত কোঁচ খাই যায়৷ যদি সেই বিপদ একেকুৱা হয় যে সি দুৰ্নিবাৰ, অদম্য, তথাপি এই সৎসাহসে আমাক বীৰৰ নিচিনাকৈ সেই বিপদৰ সমুখ হৈ তাৰ আক্ৰমণ সহ্য কৰিবলৈ শিকাব৷ যি বিপদৰ কোনো প্ৰতিকাৰ নাই তাক বুকু পাতি নিৰ্ভয়ে সহ্য কৰাটোও সাহৰেহে কাম৷ মানুহৰ জীৱনত বিপদ আহিয়েই থাকে, সেইদেখি সাহক জীৱনৰ এৰিব নোৱাৰা লগৰীয়া কৰি ল’ব লাগে৷ বিপদ যেনেকুৱাই হওক সি আহি আগত পৰিলে, থিৰ হৈ মুখত মিচিকিয়া হাঁহিৰে তাৰ সমুখ হ’ব লাগে৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories