Sunday, April 19, 2026
0 Shares

সাধু-32. উন্মাদিনী

সাধু-32. উন্মাদিনী

বত্রিশতম দিনৰ দিনা পুনৰ যেতিয়া ৰজা সিংহাসন আৰহন কৰিম বুলি প্রথমটো খােজ পেলালে তেতিয়া লগে-লগে উন্মােদিনী নামৰ পুতলাটো জীৱন্ত হৈ উঠিল। এই গৰাকী আছিল সিংহাসনৰ শেষৰ গৰাকী পূতলা। এই পুতলাটোৱে ৰজাক ক'লে, হে মহাৰাজ, এই সিংহাসনৰ বাবে একমাত্র যােগ্য ৰজা বিক্রমাদিত্য। তেওঁৰ যিমানবােৰ গুণ আছে সিমানবােৰ কৈ শেষ কৰিব নােৱাৰি। তেওঁৰ দৰে যদি আপােনাৰাে উদাৰতা, মহানুভৱতা, বদান্যতা, পৰােপকাৰ আদি গুণ আছে, তেন্তে সিংহাসনত বহক।

ৰজা মৌন হৈ ৰ'ল।

এইবাৰ একেলগ হৈ অন্যান্য পুতলাকেইটাইও ক’বলৈ ধৰিলে, হে ৰাজন, পিছে আপুনিও সামান্য নহয়। আপােনালােক দুয়াে নৰনাৰায়ণৰ অৱতাৰ। আপােনাৰ চৰিত্ৰৰ দৰে উজ্জ্বল চৰিত্ৰৰ ৰজা বর্তমান পৃথিৱীত নাই। আপােনাৰ অনুগ্রহতে আজি আমাৰ বত্রিশ পুতলাৰ পাপ তথা অভিশাপ ক্ষয় হ’ল। ভােজ ৰজাই বৰ আগ্ৰহেৰে সুধিলে, কি সেই শাপ কোৱাচোন।

তেন্তে শুনক মহাৰাজ, আমি বত্রিশ গৰাকী পুতলা আচলতে কোনাে মানৱ কন্যা নহওঁ। আমি গন্ধর্ব কন্যা হে। আমি গন্ধর্ব ৰজাৰ জীয়ৰী। দেৱৰাজ ইন্দ্রই আমাৰ মাজৰ বৰজনীক বিয়া কৰাব বিচাৰি প্ৰস্তাৱ দি ব্যর্থ হয়। কাৰণ দেৱতা আৰু গন্ধৰ্বৰ মিলন অসম্ভৱ। তাতেই তেওঁ ক্রোধান্বিত হৈ আমাক পুতলা হৈ থাকিবলৈ অভিশাপ দিয়ে। লগতে তেওঁ এই বুলিও কয় যে আমি এখন বিখ্যাত ৰাজ সিংহাসনত পুতলাৰূপে জিলিকি থাকিম, সময় আহিলে কোনােবা বিখ্যাত ৰজাৰ সংস্পৰ্শত আমি পুনৰ শাপমুক্ত হৈ পিতৃৰ গৃহলৈ উভতি যাব পাৰিম, যিটো আজি হ’ল।

ইয়াৰ পিছত পুতলাৰূপী গন্ধর্ব কন্যা সকল শাপমুক্ত হৈ ৰজা ভােজ পৰা বিদায় লৈ দিব্য দেহ ধাৰণ কৰি স্বৰ্গলৈ উভতিল। তাৰ পিছত ৰজা ভােজে সেই সিংহাসনৰ ওপৰত মন্দিৰ এটা নির্মাণ কৰি তাৰ মাজত বেদীত অষ্টদল পদ্মৰ ওপৰত উমা মহেশ্বৰৰ মূর্তি প্রতিষ্ঠা কৰি নিতৌ পূজা কৰিবলৈ আৰম্ভ কৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment