Sunday, April 19, 2026
0 Shares

সাধু-31. কাম ৰসিকা

সাধু-31. কাম ৰসিকা

আগৰ দৰে এই বাৰাে ৰজা ভােজ বিফল হ’ল। তেওঁ সিংহাসনত উঠিব বিচাৰি ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে পুতলা ৰূপী কামৰসিকাই এটা নতুন কাহিনী লৈ উপস্থিত হ’ল। পুতলাটোই কাহিনীত ক’লে —

বিক্রমাদিত্য ৰজাৰ ৰাজত্ব কালত এদিন এজন দিগম্বৰ সন্নাসী আহি ৰজাৰ হাতত এটা ফল দি আশীর্বাদ দি ক'লে, হে ৰাজন, অহা আঘােন মাহৰ কৃষ্ণ চতুর্দশীত মহা শ্মশানত মই যজ্ঞ কৰিম। আপুনি মহা সত্ত্বশালী পুৰুষ সেয়ে মােৰ ইচ্ছা আপুনি মােৰ উত্তৰ সাধক হ'ব। সেই শ্মশানৰ কিছু আঁতৰত থকা এজোপা আঁহত গছত এটা বেতাল থাকে। আপুনি সাৱধানে তাক লৈ আহিব।

ৰজাই সন্মত হ’ল।

নির্দিষ্ট দিনত যজ্ঞ আৰম্ভ হ'ল। যজ্ঞৰ সকলাে বয়-বস্তু যথা সময়ত যজ্ঞস্থলীত উপস্থিত কৰােৱাৰ পিছত নির্দেশ দিয়া ধৰণে সেই গছজোপাৰ পৰা ৰজাই বেতালক কান্ধত তুলি লৈ আহিবলৈ ধৰিলে। এনেতে বাটত বেতালে ৰজাক ক'লে, হে মহাৰাজ, এটা কাহিনীৰে পথৰ ক্লান্তি দূৰ কৰা হওঁক।

সন্ন্যাসীয়ে দিয়া নির্দেশ অনুযায়ী ৰজাই কিন্তু মৌন হৈয়ে থাকিল। তাকে দেখি বেতালে কলে, হে মহাৰাজ, আপুনি মৌনতা ভংগৰ ভয়ত কাহিনী ক'ব খােজা নাই। ঠিক আছে ময়ে কওঁ, পিছে মােৰ কাহিনী শেষ হােৱাৰ পিছতাে যদি মৌন হৈ থাকে তেতিয়া কিন্তু আপােনাৰ মূৰটো ফাটি চিৰাচিত হৈ যাব। এই বুলি বেতালে ক’ব ধৰিলে, হিমালয়ৰ দক্ষিণ দিশত বিন্ধ্যৱতী নামৰ এখন সুন্দৰ নগৰ আছে। তাৰ ৰজাৰ নাম সুবিচাৰক আৰু তেওঁৰ পুতেকৰ নাম যয়সেন। এদিন যয়সেন চিকাৰ কৰিবলৈ গৈ এটা হৰিণ দেখি তাক অনুসৰণ কৰি কৰি গৈ গভীৰ অৰণ্য পালে। তাৰ পিছত নগৰলৈ ঘুৰি আহিব পৰা পথ এটা বিচাৰি উলিয়াই আহিব খােজোতে নৈ এখন আগত পৰিল। সেই নৈখনৰ পাৰতে থকা ব্রাহ্মণ এজনক যয়সেনে দেখিলে। যয়সেন ওচৰলৈ গৈ ক'লে, হে বিপ্র, মই বৰ তৃষ্ণাতুৰ, সামান্য সময়ৰ বাবে মােৰ ঘোঁৰাটো ধৰক মই মােৰ তৃষ্ণা দূৰ কৰোঁ।

ব্রাহ্মণে যয়সেনৰ কথাত ভেকাহি মাৰি উঠিল আৰু ঘোঁৰাটো ধৰিবলৈ ইচ্ছা নকৰিলে। ব্রাহ্মণৰ এনে আচৰণ ৰাজকুমাৰৰ ভাল নলগাত তেওঁৰ খং উঠিল।  ব্রাহ্মণে ৰাজকুমাৰৰ এনে আচৰণৰ বিৰুদ্ধে ৰজাৰ ওচৰত গােচৰ দিলে।

ৰজাই পুত্ৰৰ এনে অবিবেকী কাণ্ডক অপৰাধ গণ্য কৰি পুতেকক নির্বাসন দণ্ড দিলে।

তাকে দেখি মন্ত্ৰীয়ে ৰজাক ক'লে, হে মহাৰাজ ৰাজকুমাৰক এনে কঠোৰ শপত নিদিব। কাৰণ তেওঁ সুখত ডাঙৰ-দীঘল হৈছে।

ৰজাই ক'লে, ব্রাহ্মণক পূজা কৰা উচিত। কিন্তু যিখন হাতেৰে সি পূজা কৰিব লাগিছিল সেইখন হাতেৰে চাবুক মাৰিছে। গতিকে সেইখন হাত কটা হওঁক। লগে-লগে ৰজাই মন্ত্রীক পুতেকৰ হাতখন কাটিবলৈ নির্দেশ দিলে। মন্ত্ৰীয়ে ইচ্ছাপ্রকাশ নকৰাত ৰজাই কাটিবলৈ উদ্যত হ’ল। তাকে দেখি ব্রাহ্মণে কলে, হে ৰাজন, ৰাজকুমাৰ অজ্ঞ বাবেই তেনে কাম কৰিছে। মই আপােনাৰ বিচাৰত তুষ্ট হৈছোঁ। আপুনি তেওঁক ক্ষমা কৰি দিয়ক।

ৰজাই ব্রাহ্মণৰ কথা মতে পুতেকক ক্ষমা কৰি দিলে। লগে-লগে ব্রাহ্মনো নিজৰ ঠাইলৈ গ'ল।

কাহিনী শেষ কৰি বেতালে ক'লে, হে মহাৰাজ, ৰজা আৰু ব্ৰাহ্মণৰ মাজত আপােনাৰ মতে কোন শ্রেষ্ঠ?

বিক্রমাদিত্যই ক'লে, ৰজাই শ্রেষ্ঠ।

ৰজাৰ মৌন ভংগ হােৱাৰ লগে-লগে বেতাল পুনৰ আগৰ ঠাইলৈ গ’ল, ৰজায়ো পুনৰ গছজোপাৰ ওচৰলৈ গৈ বেতালক গছৰ পৰা নমাই কান্ধত উঠাই লৈ যজ্ঞ স্থলীলৈ আগবাঢ়িল। পুনৰ বেতালে এটি নতুন কাহিনী আৰম্ভ কৰিলে। এইদৰে বেতাল মুঠ পচিশটা কাহিনী কৈছিল। প্ৰতিটো কাহিনীৰ অন্তত বেতালে সােধা প্রশ্নৰ সঠিক উত্তৰ ৰজাই দিছিল। ৰজাৰ সুবুদ্ধিত বেতাল প্রসন্ন হৈছিল। তেতিয়া বেতালে ৰজাক কৈছিল, হে মহাৰাজ, সন্ন্যাসীয়ে আপােনাক বধ কৰিব বিচাৰিছে আৰু মই কাহিনী কৈ সময় অতিবাহিত কৰিছিলোঁ।

এয়া কেনেকৈ সম্ভৱঃ ৰজাই বেতালক প্রশ্ন কৰিলে। বেতালে ক'লে, আপুনি যজ্ঞ স্থলীত উপস্থিত হলেই আপুনি পৰাস্ত হ'ব। আপােনাক সেই সন্ন্যাসীয়ে আঁঠুলৈ যজ্ঞত সেৱা ল’ব দিব আৰু সুবিধা বুজি আপােনাৰ শিৰ কাটি আপােনাৰ মাংস যজ্ঞত হােম হিচাপে দি সন্ন্যাসীয়ে নিজৰ সিদ্ধি লাভ কৰি আপােনাৰ অধিকাৰ কাঢ়ি ল'ব।

ৰজাই সুধিলে, এতিয়া মই কি কৰা উচিত?

বেতালে ৰজাক সম্পূর্ণ কৌশল শিকাই দিয়া ধৰণে ৰজাই প্রয়ােগ কৰি সেই দুষ্ট সন্ন্যাসীক বধ কৰিলে আৰু অষ্টসিদ্ধি লাভ কৰি ধন্য হ’ল। বেতালৰ উপদেশ ৰক্ষাৰ পিছত বেতালে ৰজাক ক’লে, মই আপােনাৰ ওচৰত সুপ্রসন্ন হৈছোঁ। এতিয়া কি বৰ লাগে কওক।

ৰজাই ক'লে, যদি আপুনি সঁচাই মােৰ ওচৰত সন্তুষ্ট হৈছে তেতিয়া হ’লে কথা দিয়ক যে মই আহ্বান কৰিলেই আপুনি মােৰ ওচৰত আহিব।

সেয়ে হ’ব, এইবুলি কৈ বেতাল অদৃশ্য হৈ গ'ল। পিছত ৰজাও নিজৰ ৰাজধানীলৈ উভতিল।

এইবাৰ পুতলাই ৰজাভােজক ক'লে, “আপুনি যদি এই গৰাকী ৰজাৰ দৰে সাহসী, ধৈর্যশীল হ’ব পাৰিছে, তেন্তে সিংহাসনত বহক।

ৰজাই মৌন হৈ প্রস্থান কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment