Sunday, April 19, 2026
0 Shares

ষষ্ঠ অধিবেশন

বিষয়—কিমাশ্চাৰ্য্যমতঃ পৰং

 এদিন গধূলি ফুৰিবলৈ যাওঁতে এডাল আহঁত গছত আৰি দিয়া এখন জাননী দেখা পালোঁ৷ জাননীত বৰ বৰ আখৰেৰে “কেন্দ্ৰসভাৰ অধিবেশন” লিখা আছিল বুলি ওচৰ চাপি গৈ পঢ়ি চালত জানিব পাৰিলোঁ যে কাতি মাহৰ এদিনৰ দিনা কেন্দ্ৰ সভা বহিব, আৰু তাত ওপৰত লিখা বিষয়ে শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচাৰ্য্য, বিদ্যানিধি বি বা, বি বি, বি মা, ত চ, ডাঙ্গৰীয়াই বক্ততা দিব৷ বিদ্যানিধি ডাঙ্গৰীয়াৰ নাম বহুত দিনৰ পৰা শুনিছোঁ, কিন্তু মানুহ জনক হলে দেখা নাছিলোঁ৷ ৷ তেখেতে কেন্দ্ৰসভাত বক্তৃতা দিব বুলি শুনি বৰ ৰং পালোঁ৷ সভাৰ দিনা আন কাম পাচ কৰি ভাল এডখৰি ঠাই লৈ বহিবৰ নিমিত্তে দুই নৌ বাজেোঁতেই, সভালৈ গৈছিলোঁ, কিন্তু গৈ দেখোঁ যে আমাতকৈও আগেয়ে অনেক মানুহ আহি সভা ঘৰ ভৰি আছে৷ সভাপতিও আহিছে, আৰু আসনত বহি ওচৰত বহা সভ্যবিলাকৰে সৈতে আলাপ কৰি আছে৷ বিদ্যানিধি ডাঙ্গৰীয়া তেতিয়ালৈকে অহা নাছিল৷ আমি দুখনমান তামোল খাবৰ পৰ বহি থকাৰ পিচত তেখেত ওলালহি৷ তেখেত সভা ঘৰ সোমোৱা মাত্ৰেই সভাৰ সভ্যমণ্ডলীয়ে চাপৰি বজাই থিয় হল; আৰু সভাপতি ডাঙ্গৰীয়াই উঠি গৈ তেখেতক আদৰি আনি আসনত বহুৱালে৷ বিদ্যানিধিৰ বয়স আমাৰ অনুমানত তিনি কুৰিৰো ওপৰহে হব, কিন্তু মানুহজন হলে ডাঠে আছে৷ সুন্দৰ থুলন্তৰ পুৰুষ, চুলি এগছ দুগছ মাথোঁন পকিছে, দাঁত এটিও সৰা নাই, মুখ পৰিষ্কাৰ, ডাৰি গোঁফ খুৰুৱা৷ কপালত ৰঙ্গাচন্দনৰ ৰেঘা৷ গাত চোলা নাই, উত্তৰী চেলেংখন মাথোঁন, লগুণত গঁড় খড়গৰ আঙ্গঠি৷ 

 বিদ্যানিধি ডাঙ্গৰীয়াই আসনত বহি সভা ঘৰটিৰ চাৰিউ ফালে চকু ফুৰাই চালে৷ তাৰ পাচত কেন্দ্ৰসভা স্থাপয়িতা ডাঙ্গৰীয়া কেইজনৰ উৎসাহ বহুদৰ্শিতা আৰু দেশহিতৈষিতাৰ প্ৰশংসা কৰিলে৷ এই দৰে আলাপ অভ্যৰ্থনা হৈ যোৱাৰ পাচত, সভাপতি ডাঙ্গৰীয়া তেখেতৰ নিয়োজিত আসনৰ ওচৰলৈ গৈ থিয় হ’ল, আৰু সোঁহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে — ডাঙ্গৰীয়া সকল, আজি আমাৰ পৰম ভাগ্য; আজি অসম দেশৰ খ্যাতনামা পণ্ডিত প্ৰবৰ শ্ৰীযুত উগ্ৰদেৱ শৰ্ম্মা ভট্টাচায্য বিদ্যানিধি ডাঙ্গৰীয়া স্বয়ং সভাত উপস্থিত৷ ( চাপৰি ) তেখেতৰ আগমনত কেন্দ্ৰসভা পবিত্ৰ হল, ( চাপৰি ) আৰু আশা কৰোঁ যে ইয়াৰ পৰা কেন্দ্ৰসভাৰ নায়ক বিলাকৰ উৎসাহ ভবিষ্যতলৈ বৃদ্ধি হব৷ বিদ্যানিধি ডাঙ্গৰীয়াক অসমৰ সকলোৱে জানে, তথাপি নিয়ম ৰক্ষাৰ নিমিত্তে ডাঙ্গৰীয়াৰ বিষয়ে দুই আষাৰ মান চিনাকি বচন কবলৈ আগ বাঢ়িলোঁ৷ 

 ডাঙ্গৰীয়াসকল! বিদ্যানিধি অসমদেশৰ অমূল্য কহিনুৰ, এখেৰ তুল্য পণ্ডিত আমাৰ দেশত আগেয়ে ওলোৱা নাই৷ এখেত সংস্কৃত ভাষাৰ মাক বাপেক বুলি কলেও বঢ়াই কোৱা নহয়৷ এখেত পাণিনি, মুগ্ধবোধ, কলাপ আদি ব্যাকৰণত যেনে অতুল্য, বেদ শাস্ত্ৰতো তেনে অতুল্য৷ এখেৰ ব্যাকৰণ বোধ দেখি আচৰিত মানি মহাৰাষ্ট্ৰ দেশৰ বাল মনোহৰজি তিলক মহাশয়ে বৰ উচ্চ দৰুৰ শলাগণিপত্ৰ দিছে৷ বেদৰ বিচাৰত সন্তুষ্ট হৈ মাদ্ৰাজৰ ভাই মেঘবৰ্ণ ৰাও, অযোধ্যাৰ শ্ৰীশ্ৰীপ্ৰেমজি পেটেৰিয়া কাশীৰ শ্ৰীশ্ৰীহৰলাল ডণ্ডক নৈয়ায়িক আৰু বঙ্গদেশৰ শ্ৰীচণ্ডী- প্ৰসাদ শাস্ত্ৰী মহাশয়কে আদি কৰি অনেক প্ৰসিদ্ধ পণ্ডিত সকলে বিস্ময় মানি শলাগণি পত্ৰ দিছে৷ ( চাপৰি ) এখেতৰ পিতৃদেৱো এজন সংস্কৃতজ্ঞ পণ্ডিত আছিল, আৰু তত ঘৰতে টোল পাতি চুবুৰীয়া লৰাক সংস্কৃত পঢ়াইছিল৷ ৱিদ্যানিধিৰ সংস্কৃত বিদ্যাৰ পাতনি এই টোলতে হয়৷ পাচত কোচবিহাৰ নদীয়া আৰু কাশী আদি ঠাইলৈ গৈ তত নানা শাস্ত্ৰ শিক্ষা কৰি পাৰ্গতালি লাভ কৰে, আৰু বিদ্যাবাগীশ, বিদ্যাবিনোদ, বেদান্ত বাগীশ, বিদ্যাসাগৰ, তৰ্কচঞ্চু আদি বহুত ডাঙ্গৰ ডাঙ্গৰ খ্যাতি প্ৰাপ্ত হয়৷ এখেতৰ মুখৰ পৰা অলপ উপদেশ বচন শুনিবলৈ আমাৰ বহুত দিনৰ পৰা হাবিয়াস আছিল৷ ( চাপৰি ) সেই দেখি বিদ্যানিধি ডাঙৰীয়াক কেন্দ্ৰসভাৰ পৰা পত্ৰ পঠিয়াই নিমন্ত্ৰণ কৰি অনা হৈছে৷ তত প্ৰথমে আহিব নোৱাৰিব বুলি উত্তৰ দিছিল, পাচে দ্বিতীয় পত্ৰৰ অনুৰোধত আজি কৃপা কৰি উপস্থিত হৈছে৷ এতিয়া ডাঙ্গৰীয়াই এই সভাত এটি বক্তৃতা দি সমাগত সভ্যমণ্ডলীৰ হাবিয়াস পূৰণ কৰক ( চাপৰি ) আৰু কেন্দ্ৰসভাৰ সভ্য সকলক ভবিষ্যতলৈ উৎসাহিত কৰক৷ (চাপৰি)

 সভাপতি ডাঙ্গৰীয়া বহিলত বিদ্যানিধি, ডাঙ্গৰীয়া আসন এৰি থিয় হল, আৰু হাত দুখনি উত্তৰীৰ তলত বুকুৰ ওচৰত থুপুৰিয়াই লৈ কিছুমান পৰ চকু মুদি আছিল, ওঁং, তৎ, সৎ শব্দ ফুটাই উচ্চাৰণ কৰি চকু মেলিলে, হাত দুখন তললৈ এৰি দিলে, আৰু সভাপতিৰ ফাললৈ মুখ কৰি গভীৰ সুৰত গম্ভীৰ ভাবে মাত লগালেঃ—ভো ভো মহৎ মৰ্য্যাদাবিশিষ্ট ভদ্ৰবংশতিলক ডাঙ্গৰীয়া বৃন্দ! এই (নিজৰ গালৈ টোৱাঁই ) অভাজনক আজি আপোনা সকলে যিৰূপ অভ্যৰ্থনা কৰিছে, অভাজন তদ্ৰুপ অভ্যৰ্থনাৰ যথাৰ্থ যোগ্যপাত্ৰ নহয়৷ ই কেৱল আপোনালোকৰ মহৎ হৃদয়ৰ চিনাকি৷ এই আদৰ অভ্যৰ্থনাৰ ঋণ পৰিশোধ কৰিবলৈ যে মই কোনোবা কালত সমৰ্থবান্ হম, এনে আশা মোৰ হৃদয়ত স্থাপন কৰিব নোৱাৰো৷ মোৰ প্ৰতি ঈদৃশ সম্মান প্ৰদৰ্শন কৰি আপনালোকে কেৱল মোক ঋণপাপৰ চিৰবন্ধনত পেলালে৷ আপোনালোকে নিজগুণে সেই বন্ধন মোচন কৰিব, এই মোৰ ঐকান্তিক আশা৷ ( চাপৰি আৰু সজ সজ শব্দ ) ডাঙ্গৰীয়া বৃন্দ! সভাপতিৰ পাতনি বক্তৃতাত প্ৰকাশ যে আপোনালোকে মোৰ মুখৰ পৰা উপদেশ বচন শুনিবলৈ হাবিয়াস কৰি মোক নিমন্ত্ৰি আনিছে৷ ( চাপৰি ) কিন্তু এই অভাজন যে এই বিজ্ঞমণ্ডলীক উপদেশ দিবৰ পাত্ৰ মোৰ এনে বিশ্বাস নাই, তথাপি আপোনালোকৰ অনুৰোধ ৰক্ষাৰ নিমিত্তে দুই আষাৰ মান কবলৈ অগ্ৰসৰ হলোঁ৷ 

 মোৰ বক্তৃতাৰ বিষয় কিমাশ্চৰ্য্যমতঃপৰং৷ এই বচন আষাৰ অৱশ্য মহাভাৰতৰ, সেই দেখি আপোনালোকে মহাভাৰতৰ কথা কম বুলি ভাবিব পাৰে৷ কিন্তু মই মহাভাৰতৰ কথা কবলৈ ওলোৱা নাই৷ মানুহৰ নিত্য নৈমিত্তিক কৰ্ম্মকাব্যৰ ভিতৰতো অনেক আচৰিত কথা আছে৷ তাৰে এটাহে আপোনালোকৰ আগত নিবেদন কৰিম৷ ডাঙ্গৰীয়া সকল! যালৈ আমাৰ বৰ মৰম তাক আমি ছকুৰি বছৰ বা তদুৰ্দ্ধকাল জীয়াই থাকিবলৈ আশীৰ্ব্বাদ কৰোঁ৷ ছকুৰি বছৰ পৰমায়ু হওক, এই আশীৰ্ব্বাদ সকলোৱে আশীৰ্ব্বাদৰ শ্ৰেষ্ঠ বুলি বিবেচনা কৰে৷ এই আশী ৰ্ব্বাদত মানুহ বৰ সন্তুষ্ট হয়৷ ৷ কিন্তু এই দৰে আশীৰ্ব্বাদ কৰিলে মৰম কৰাই হয় নে খিয়াল কৰাই হয়, মই ঠাৱৰাব পৰা নাই৷ মুঠ কথাত, ছকুৰি বছৰ জীয়াই থাক বুলি আশীৰ্ব্বাদ নকৰি যদি এই দৰে কোৱা যায়, “তুমি তিনি মূৰীয়া হোৱা, তুমি লাখুটিত ভিৰ নিদিয়াকৈ উঠিব নোৱাৰা হোৱা, তোমাৰ দাঁত এটিও নাইকিয়া হওক; ( চাপৰি আৰু হাঁহি ) তোমাৰ গোটে ইটো গা সোতোৰা পৰক, ” তেনেহলে কেইজন মানুহ সন্তুষ্ট হব? মোৰ বিবেচনাত এনেকুৱা আশীৰ্ব্বাদত মানুহ সন্তুষ্ট হওক ছাৰি, সি আশীৰ্ব্বাদ দাতাৰ দাঁত বা শিৰ বা উভয়কে নভঙ্গাকৈ ( চাপৰি ) এৰি নিদিয়ে৷ অথচ গলিত নখদন্ত আৰু বলিত শৰীৰ কেৱল ছকুৰি বছৰ পৰমায়ুৰ ফল মাত্ৰ৷ ইয়াক শুনিলে মানুহৰ ক্ৰোধ হয় কিয়? মানুহে দীৰ্ঘায়ুস বাঞ্ছা কৰে, কিন্তু তাৰ ফলৰ কথা শুনিলে ক্ৰোধত বাউল হয়৷ ই বৰ আচ- ৰিত কথা৷ কিমাশ্চৰ্য্যমতঃপৰং৷ (চাপৰি আৰু আনন্দৰ কোৰ্হাল)

সভা আকৌ নিজম পৰিল৷ বিদ্যানিধি ডাঙ্গৰীয়াই সভ্য- সকলৰ ফালে মুখ কৰি আকৌ আৰম্ভ কৰিলে৷ সভাসদ ডাঙ্গৰীয়া সকল! দীৰ্ঘ জীৱনৰ অভিলাষ মনুষ্য মাত্ৰৰেই আছে, কিন্তু এই অভিলাষ যে সকলো মনুষ্যৰ পক্ষে সঙ্গত এনে বোধ নহয়৷ একেইতো দীৰ্ঘজীৱন দুখৰ স্ৰোত৷ ( চাপৰি ) বেচি দিন জীয়াই থাকিলে সাংসাৰিক জীয়াতুৰ ডাঙ্গৰ ভাগ লবলগীয়া হয় আৰু তাৰ ওপৰঞ্চিও জৰাজনিত যাতনা পুঞ্জৰ হাতত পৰিব লাগে৷ দীৰ্ঘ জীৱনৰ ইমান কষ্ট, তদপি মানুহ দীৰ্ঘ জীৱনৰ লালসী৷ কিয়? উত্তৰ এই যে আয়ুস দীঘল হলে সংসাৰত সৰহ কাম কৰিব পাৰি৷ এই উত্তৰ অনেকে নামানিব পাৰে৷ সিবিলাকে কব পাৰে যে দীৰ্ঘজীৱন অভিলাষ কৰাৰ এই কাৰণ নহয়৷ জীৱনৰ প্ৰতি মানুহৰ বৰ মৰম আৰু মৰণলৈ মানুহৰ বৰ ভয়, সেই দেখি মানুহে বহুত দিন জীয়াই থাকিবলৈ বাঞ্ছা কৰে৷ অথবা ইয়াকো কব পাৰে যে সংসাৰত যাতনা থাকিলেও উপভোগৰ সামগ্ৰীও বহুত আছে৷ মানুহে সেই বোৰৰ ভোগ এৰি যাব নোখোজে৷ সেই দেখি দীৰ্ঘায়ুস হবলৈ বাঞ্ছা কৰে৷ ( চাপৰি ) হয়, দীৰ্ঘজীৱনলৈ অভিলাষ কৰাৰ ইও এটা কাৰণ হব পাৰে, কিন্তু এই কাৰণত কোনো যুক্তি নাই ( সজ সজ শব্দ ) ই কেৱল অজ্ঞানীৰ অযুগুত কামনা; এই হেতুত কেও তোমাক দীৰ্ঘায়ুস দিবলৈ সন্মত নহয়৷ তুমি এই হেতু দেখুৱাই “ঈশ্বৰৰ আদালত”ত দীৰ্ঘায়ুস দাবি কৰিব নোৱাৰা৷ ( চাপৰি ) আকৌ কেৱল অজ্ঞানীয়ে হে যে দীৰ্ঘায়ুস বাঞ্ছে এনেও নহয় বৰ বৰ জ্ঞানী মানুহেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰে৷ জ্ঞানী শ্ৰেষ্ঠ ঋষি মুনি সকলেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিছিল৷ পিচে, এওঁ লোকেও মৰণৰ ভয়ত বা ভোগৰ লোভত এনে বাঞ্ছা কৰি- ছিলনে? কেতিয়াও নহয়৷ এওঁলোকে ভোগ কৰক ছাৰি ভোগশূন্য বনস্থলিত বাস কৰিছিল ( চাপৰি ) মৰণৰ ভয় কৰক ছাৰি মৃত্যুৰাজ যমকো ইতিকিং কৰিছিল৷ এওঁলোকে দীৰ্ঘ- জীৱন বাঞ্ছা কৰাৰ হেতু এই যে সৰহ দিন জীয়াই থাকিলে সংসাৰত সৰহ কাম কৰিব পাৰিব৷ অনেক মুনিয়ে যোগৰ বলত দীৰ্ঘজীবী হৈ দীৰ্ঘ চিন্তা, দীৰ্ঘ ধ্যান কৰি সংসাৰৰ তত্ত্ব আবিষ্কাৰ কৰিছিল, আৰু সেই বিষয়ে অনেক শাস্ত্ৰ লিখি থৈ গৈছে৷ আচল কথা, যি কৰ্ম্মী মানুহ সি দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিলে ৰজে৷ কিন্তু যি নিষ্কৰ্মা, কেৱল ভক্ষণৰ মুখমাত্ৰ, সি তেনে বাঞ্চা কৰিলে হাস্যাস্পদ হয়৷ (সজ সজ শব্দ ) অৰণ্যৰ ইকৰাই দীৰ্ঘজীৱন বাঞ্ছা কৰিলে কোনে ভাল বুলিব? বৰং বৃদ্ধ ইকৰা দূৰীভুত হৈ ন গজালিক ঠাই দিয়াহে উচিত, কাৰণ তেনে হলে ইকৰা বংশৰ উন্নতি হয়৷ নিষ্কৰ্মা মানুহো ইকৰাৰ নিচিনা৷ সিহঁতেও যথা সময়ত আঁতৰ হৈ কামিলা মানুহলৈ ঠাই কৰা উচিত কিন্তু উদ্ভিদ ৰাজ্যত ইকৰাৰ জীৱন যেনে, আম কঠালৰ জীৱন তেনে নহয়৷ ৷ আম কঠালৰ পক্ষে দীৰ্ঘ জীৱন বাঞ্ছনীয়, কাৰণ সিহঁত দীৰ্ঘায়ুস হলে সংসাৰত সৰহ কাম কৰিব পাৰে অৰ্থাৎ সৰহ ফল যোগাব পাৰে৷ ( চাপৰি ) সেই দৰে যদি মানুহো সংসাৰ- ক্ষেত্ৰত আম কঠাল হব পাৰে ( চাপৰি ) তেনেহলে তাৰ জীবন দীৰ্ঘ হোৱা বাঞ্ছনীয়৷ মুঠ কথা, যাৰপৰা সংসাৰে কোনো বিনিময় নাপায় বা পোৱা শেষ হৈছে, তেনে মানুহৰ সংসাৰত থাকিবলৈ কোনো অধিকাৰ নাই৷ ( সজ সজ শব্দ ) কিন্তু, ডাঙ্গৰীয়া সকল! যাৰ থাকিবলৈ অধিকাৰ নাই, তাৰহে থাকিবলৈ হেঁপাহ ডাঙ্গৰ৷ ( চাপৰি ) যি কেবল সংসাৰৰ বোজা মাত্ৰ, যি নিজৰ বা আনৰ উপকাৰৰ অৰ্থে এটি কামো কৰা নাই, বা কৰিব নোৱাৰে, তাৰহে সংসাৰত থাকিবলৈ হেঁপাহ ডাঙৰ৷ সি দীৰ্ঘায়ুস লভিবলৈ তেত্ৰিশ কোটি দেৱতা গোটাই পূজা কৰে ( চাপৰি ) গুৰু, পুৰুহিত, ভকত, মহন্ত, সকলোৰে আশীৰ্বাদ লয়৷ সি এবাৰ ভাবি নাচায় যে তাৰ জীৱন মৰণ সংসাৰৰ পক্ষে একে কথা৷ আৰু নিজৰ পক্ষেও জীৱনটো তাৰ এটা আহুকাল মাথোঁন৷ সি দিন কটাবলৈ উপাই নাপাই লোকৰ পদূলি শুঙ্গি ফুৰে আৰু টোটক লগাই ফুৰে ( চাপৰি ) দিন নাযায়, ৰাতি নুপুৱায় বুলি সদাই ওজৰ কৰে৷ অথচ সিয়েহে আকৌ দীঘল জীৱনৰ লালসী৷ দিন নাযায় বুলি দেও পাৰি ফুৰা মানুহে জীৱনটো ঢুকাই বুলি ভাবি পাৰ নাপায়৷ ই বৰ আচৰিত কথা৷ কিমাশ্চৰ্য্যমতঃপৰং৷ ( চাপৰি আৰু আনন্দৰ কোৰ্হাল )

 বক্তৃতা শেষ কৰি বিদ্যানিধি ডাঙ্গৰীয়াই আসন গ্ৰহণ কৰিলত সভাপতি ডাঙ্গৰীয়া থিয় হল, আৰু মানুহৰ হায় মাৰি- বলৈ অলপ পৰ ৰৈ আছিল৷ যেতিয়া সভা আকৌ নিজম পৰিল, সভাপতি ডাঙ্গৰীয়াই সোঁহাত মূৰৰ ওপৰলৈ তুলি সভাৰ ই মূৰৰ পৰা সি মূৰলৈ শুনাকৈ পঞ্চমত মাত লগালে --সভ্য ডাঙ্গৰীয়া সকল! কেন্দ্ৰসভা স্থাপিত হবৰ পৰা ইয়াত সৰু বৰ অনেক বক্তৃতা হৈছে, কিন্তু বিদ্যানিধি ডাঙ্গৰীয়ািৰ বক্তৃতাৰ নিচিনা সাৰুৱা বক্তৃতা এটিও হোৱা নাছিল৷ ( চাপৰি ) বিদ্যানিধিৰ বক্তৃতাৰ প্ৰত্যেক ফাঁকি, প্ৰত্যেক শব্দ, প্ৰত্যেক আখৰ তত্ত্ব জ্ঞানেৰে পৰিপূৰ্ণ৷ এই বক্তৃতাৰ পৰা সভাৰ অনেক সভাৰ জ্ঞান নেত্ৰ মেল খাব৷ প্ৰকৃত পক্ষে যি লোকে নিজৰ বা নিজ পৰিয়ালৰ উন্নতিৰ নিমিত্তে চেষ্টা নকৰে, বা সমাজৰ হিতৰ বা সমাজৰ উন্নতিৰ নিমিত্তে কৰ্ম্ম নকৰে, তাৰ জীৱন ইকৰা জীৱনৰ নিচিনা অসাৰ, সেই জীৱনত সংসাৰৰ সকাম নাই৷ এতেকে সেই জীৱন থকা নথকা সমান৷ যি দীৰ্ঘ ভাৱনৰ লালসী সি আগে সংসাৰ ক্ষেত্ৰৰ আম কঠাল হবলৈ চেষ্টা কৰা যুগুত৷ নিষ্কৰ্মা মানুহে যথাৰ্থ পক্ষে সময় কটাবৰ উপাই নাপায়, দিন নাযায়, ৰাতি নুপুৱাই বুলি সিহঁতে সদায় ওজৰ কৰে৷ এনেকুৱা মানুহে যে দীৰ্ঘায়ুস হবলৈ বাঞ্চা কৰে, ই বাস্তৱতে বৰ আচৰিত কথা৷ এতিয়া আৰু গধূলি হ’ল, আমি পূজ্যপাদ বিদ্যানিধি ডাঙ্গৰীয়াক তেখেতৰ জ্ঞানগৰ্ভ অমূল্য বক্ততাৰ বাবে শত সহস্ৰ ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰিলোঁ৷ ( চাপৰি )

 সভা ভাগিলত সভাৰ বহুত ডাঙ্গৰীয়াই বিদ্যানিধি ডাঙ্গৰীয়াৰ পদ ছুই প্ৰণাম কৰিলে আৰু মাজে মাজে এই দৰে কেন্দ্ৰসভাত দুই এটা বক্তৃতা দিবলৈ খাটনি লগালে৷ বিদ্যানিধি ডাঙ্গৰীয়াই হাঁহি মুখেৰে সকলোকে সমাদৰ কৰি সভাপতি ডাঙ্গৰীয়াৰ লগত ওলাই গল৷ আমি সকলোৰে পাচত সভাঘৰৰ পৰা ওলালোঁ, ওলায়েই সভাঘৰৰ ওচৰত থকা কঁঠাল জোপা দেখি বিদ্যানিধিৰ কথা আষাৰ আকৌ মনত পৰিল, আৰু মনত ধিক্কাৰ লাগিল৷ আমি এই কঁঠাল গছ ডালতকৈও নীচ৷ হাঁয়! হাঁয়! কেতিয়ানো আমি সংসাৰ ক্ষেত্ৰৰ আম কঁঠাল হম! 

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment