Sunday, April 19, 2026
0 Shares

বৰদৈচিলাৰ উপাখ্যান

চতৰ বিহু চাপি অহাত বৰদৈচিলাৰ কথা মনত পৰিল৷ বৰদৈচিলাক নিচিনা লোক নাই৷ যাৰ আম কঠালৰ বা তামোল পাণৰ বাৰি আছে, সিয়েই বৰদৈচিলাৰ মহিমা, বৰ- দৈচিলাৰ প্ৰতাপ ভালকৈ জানে৷ এক মুনিহে আওকালি নোপোৱা শালৰ খুটাৰে ঘৰ সাজিবলৈ যাৰ শক্তি নাই, সিয়ো বৰদৈচিলাৰ ক্ষমতাৰ গম পায়৷ এওঁ গুৰিত পক্ষীবৰ জটায়ুৰ জীয়াৰী৷ সীতাক ৰাৱণে হৰি নিয়া কালত তেওঁক ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ জটায়ুৱে তাৰে সৈতে তয়াময়া ৰণ পাতিছিল৷ সেই ৰণত জটায়ু প্ৰাণ এৰি বৈকুণ্ঠগামী হয়৷ তেওঁৰ দুটি আমাডিমা পুত্ৰ আছিল৷ এটি উড়নীয়া নৌহওঁতেই ঢুকায় ভায়েকটি কথমপি আনৰ আপডালত বৰ হৈ জটায়ুৰ বংশ উজ্জ্বল কৰিছিল৷ এওঁৰ ঔৰষত দুটি পুত্ৰ সন্তান জন্মে৷ পুত্ৰ দুটিৰ ভিতৰত এটিক তক্ষকে ভক্ষণ কৰে৷ বাকী পুত্ৰটি ডাঙ্গৰ দীঘল হৈ বাপেকৰ নিচিনা পক্ষী সমাজৰ ভিতৰত এজন লেখৰ পক্ষী হয়৷ এওঁৰ সন্তানৰ ভিতৰত এজনী ছোৱালী মাথোঁ৷ ঘৰখনৰ ভিতৰত একেজনী ছোৱালী, সেই দেখি তাই মাক বাপেকৰ মনত আলাসৰ লাৰু আছিল৷ তাইক উলিয়াই দূৰৈত বিয়া দিবলৈ মাকৰ মত নাছিল, বাপেকে অনেকৰূপে বঢ়াই বুজাইও সন্মত কৰাব নোৱাৰিলে৷ এই নিমিত্তে ধঞ্জয় নামেৰে এটি ল’ৰা চপাই ৰাখে৷ জী জোঁৱাইৰ মুখ চাই কিছুমান দিনৰ পাচত বুঢ়া বুঢ়ীয়ে ইহলোক এৰি গল৷ তেতিয়া এওঁলোক উভয়ে সেই ঘৰকে ৰাখি ঢাকি মহাসুখে কাল বঞ্চিছিল, কিন্তু তেওঁলোকৰ সন্তান সন্ততি নোহোৱাত ধঞ্জয় বৰ চিন্তিত আছিল, আৰু সন্তানৰ নিমিত্তে নানা দেব দেৰীক পূজা অৰ্চনা কৰিছিল৷ তথাপি বহুত দিনলৈকে তেওঁ সন্তানৰ মুখ দেখা নাছিল৷ এওঁলোকৰ ঘৰ আছিল মৈনাক গিৰিত৷ এদিন নাৰদ ঋষি যজ্ঞলৈ সমিধ বিচাৰি মৈনাকলৈ যোৱাত ধঞ্জয়ে লগ পায়, আৰু তেওঁৰ সন্তান কেনেকৈ হব তাৰে উপাই সোধে৷ নাৰদে শিৱপূজা কৰিবলৈ বুদ্ধি দিয়ে৷ নাৰদৰ বুদ্ধি৷ ধৰি দুয়ো গিৰীয়েক ঘৈণীয়েকে শুদ্ধ চিত্তে এটি শিবপূজা কৰে৷ সেই পূজাৰ গুণত ধঞ্জয়ৰ ঘৈণীয়েকৰ গাত গৰ্ভ লক্ষণ দেখা দিয়ে৷ পাচত একুৰি এমাহ উকলি গলত তেওঁ এটি কণী প্ৰসৱ কৰে৷ কণী ভূমিষ্ঠ হোৱা মাত্ৰেই পৃথিবীত তোলপাৰ লাগি গল৷ পাঁচৰাৰ ভইঁকপ হ’ল, আৰু দুৰ্ঘোৰ ধুমুহা হবলৈ ধৰিলে৷ ইফালে কণীৰ ভৰত মৈনাক বহিগৈ সাগৰৰ তল হ’ল৷ কণীটি কেৱল দেখা পোৱা হৈ থাকিল৷ এই ঘটনাত তেওঁলোক দুয়ো বিস্ময় আৰু বিবুদ্ধি হল৷ দুয়ো গোটখাই কণীটি সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ বহুত যত্ব, বহুত পুৰুষাৰ্থ কৰিলে তথাপি কণী লৰাবই নোৱাৰিলে৷ অৱশেষত আন একো উপায় নাপাই, আৰু অবাবত কাল নষ্ট নকৰি, ধঞ্জয় শীঘ্ৰে ইন্দ্ৰৰ তালৈ যাত্ৰা কৰিলে৷ তাত গৈ নিজৰ আপালি আটাইখিনি নিবেদি কলে যে, এবাৰ ঐৰাৱত গৈ মোৰ কণীটি পানীৰ পৰা নুতুলিলে আৰু আন উপায় নাই, তাহানি জটায়ুৰ লগত ইন্দ্ৰৰ বৰ মিত্ৰভাৱ আছিল, সেই কথা সুমৰি ইন্দ্ৰই ঐৰাৱতক যাবলৈ আদেশ কৰিলে৷ ঐৰাৱতে গৰাকীৰ আদেশ পাই, মহ৷ আস্ফোট কৰি, ধঞ্জয়ৰ লগত মৈনাকলৈ গল৷ বাটত যাওঁতে ঐৰাৱতে সুধিলে যে কণীত লগাবলৈ ভাল ফয় আছেনে নাই৷ ধঞ্জয়ে ফয় নাই বুলি কলত, ঐৰাৱতে তেওঁক বাসুকীৰ তালৈ পাচিলে, আৰু কলে যে তুমি বাসুকীক মই মতা বুলি মাতি আনাগৈ৷ ধঞ্জয় গৈ বাসুকীৰ আগত ঐৰাৱতৰ বাতৰি কোৱাত তেওঁ তৎক্ষণাৎ ওলাল, আৰু বেগাইজম আহি ঐৰাৱতৰ লগ ধৰিলে৷ ৷ পাচত এটাই কেউজনে গৈ মৈনাক পালে৷ তাত বাসুকীয়ে নেজেৰে কণীটি মেৰাই ধৰি, মুখৰ ফালেৰে ঐৰাৱতৰ ডিঙিত মেৰ দিলে৷ ঐৰাৱতে কথমপি বহুত বল দি কণীটি টানি আনি সাগৰৰ পাৰত তুলিলে৷ তেতিয়া ধঞ্জয়ে কলে যে ইয়াত আৰু কণী থবৰ ঠাই নাই, একেবাৰে ৰৈৱতক গিৰিলৈ লৈ বলা, আমি তাতেহে বাহ লম৷ এই কথাত ঐৰাৱত আৰু বাসুকীয়ে কণী টানি নি ৰৈৱতক গিৰিত তুলি দি আহিল৷ এইদৰে ধঞ্জয়ৰ কণী উদ্ধাৰ হল কিন্তু মৈনাক আজিলৈকে সাগৰৰ তলতে থাকিল৷ আন আন পুৰাণ লিখক সকলে মৈনাক সাগৰসৎ হোৱাৰ অন্য কাহিনী কয়৷ কিন্তু তাক আমি বিশ্বাস নকৰোঁ৷ এই কাহিনী আমি বৰদৈচিলাৰ আপোন মুখৰ পৰা শুনিছো৷ কাৰবাৰ ইয়াত সন্দেহ হলে, তেওঁৰ যদি সাহ আছে, বৰদৈচিলা যাওঁতে আ আহোঁতে ঘৰৰ বাজ ওলাই সুধি চাব পাৰে৷ 

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment