Sunday, April 19, 2026
0 Shares

যমডাকিনী চৰাইৰ জন্ম

বহু দিন পূর্বে এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল। তেওঁলােকে বৰ সুখেৰে জীৱন যাপন কৰিছিল। পাহাৰৰ হাবি বন পৰিষ্কাৰ কৰি বুঢ়া-বুঢ়ীয়ে যুটীয়া ভাৱে আৰু গাঁৱৰ অন্য মানুহৰ সহায়ত আৰা কাটি জুম ধানৰ খেতি কৰি পেট প্ৰৱৰ্তাইছিল। এনেকৈ গাঁৱৰ গঞাৰ সৈতে ৰং-ৰইচৰ মাজেদি জুম খেতি কৰাৰ প্ৰথা অদ্যাপিও মিকিৰ সমাজত আছে। এনেকৈ দুয়ােৰো সৰু সংসাৰ কতাে কেনিও চেক নলগাকৈ চলি গৈ আছে। কিন্তু সুখৰ মাজতো দুখ থাকে, মানুহৰ অন্তৰত অমৃতত গৰল থকাৰ দৰে। বুঢ়া-বুঢ়ীৰো অমৃতময় মধুৰ সংসাৰখনত গৰল-স্বৰূপে আছিল এটি সন্তানৰ অভাৱ। বুঢ়া-বুঢ়ীয়ে নানান বেজ লগায়াে কোনাে ফল নেপালে। এইদৰে বুঢ়া-বুঢ়ীয়ে প্রায় জীৱনৰ শেষ স্তৰত উপনীত হ’লহি।

কিছু দিনৰ পিচত তেওঁলােকৰ সংসাৰ খনৰ প্রতি হেম্আৰনামৰ চকু পৰিল। হেম্আৰনামে এজনী ছােৱালী বুঢ়ীৰ কোলাত উপহাৰ দিলে। তাকে পাই বুঢ়া-বুঢ়ীৰ আনন্দৰ সীমা নােহােৱা হ’ল। তেওঁলােকে তেওঁলােকৰ আলাসৰ লাৰু জীয়েকৰ নাম ৰাখিলে দলাপী। দলাপী দিনক দিনে ডাঙৰ হবলৈ ধৰিলে। যেতেকে বয়স বাঢ়িল তেতেকে দলাপীৰ ৰূপে গাঁৱৰ দহজনী ছােৱালীক ৰূপত চেৰ পেলালে। হেজাৰে হওক ভগৱানৰ দান। 

কিন্তু হৰিষত বিষাদ মিলিল। সেই গাঁৱত কেও কিছু নােহােৱা এজনী অতি হিংসাকুৰীয়া বুঢ়ী আছিল। জানিবা তাহানিৰ সেই কুঁজী বুঢ়ী মন্থৰাহে। তাই সংসাৰ ভঙা-পতা কামত বৰ পাকৈত আছিল। দলাপীহঁতৰ সুখৰ সংসাৰখনৰ আনন্দৰ জেউতি দেখি তাই দেই পুৰি মৰিব ধৰিলে, সেয়ে তাই তাইৰ অসৎ উপায় ভূতৰ আশ্রয় ললে। তাই বৰ ভূতুনী অর্থাৎ যাদুকৰী আছিল। 

তাই এদিন ছেগ চাই বুঢ়া-বুঢ়ী নােহােৱা অৱস্থাত দলাপীক নিজৰ ঘৰলৈ মাতি নি বৰ আদৰ চেনেহ কৰাৰ দৰে দেখুৱাই এচুঙা মদ উলিয়াই দিলে। দলাপীয়েও বুঢ়ীৰ মৰমত ভােল গৈ মদ খিনি খালে। মদ খােৱাৰ লগে লগে তাইৰ চকুৱে নতুন দৃষ্টি পালে। সেই দৃষ্টিৰদ্বাৰা মানুহৰ ভিতৰ ভাগ দেখা পােৱা হ'ল অর্থাৎ হাঁওফাও, কলিজা, নাৰী-ভুৰু আদি গােটেই দেখা পােৱা হ’ল। সেই মদৰ চুঙা আচলতে বুঢ়ীয়ে যাদু কৰিহে খাবলৈ দিছিল। তাৰ ফলতেই দলাপীৰ তেনে অৱস্থা হ’ল। তাই এই কথাষাৰ কিন্তু কাৰো আগত নকলে। 

কিন্তু এদিন বাপেকৰ লগত কাম-বন কৰি থাকোতে অকস্মাতে বাপেকৰ ভিতৰ অংশ দেখিলে। তেতিয়াই বাপেকৰ আগত ভুলক্রমে সেই কথাষাৰ কলে। দৈৱৰ দুর্বিপাকত সেই ভূতুনী বুঢ়ীয়েও কথাষাৰ শুনিলে। কথা বুলিলেই বতাহ। ইকাণ সিকাণ কৰি এই কথাষাৰ গােটেই মিকিৰ সমাজতে ৰাষ্ট্ৰ হৈ পৰিল। 

তেতিয়া কিয় আজিও মিকিৰ সমাজত তেনে ধৰণৰ মানুহক ভূত বা ভূতুনী বুলি সকলােৱে গণ্য কৰে। কাৰণ ভূত-ভূতুনীহে তেনে গুণৰ অধিকাৰী হব পাৰে। দলাপীৰ এনে কাৰ্যকলাপ দেখি গঞা ৰাইজ খঙত টিঙিৰি তুলা হ’ল। তাতে আৰু ভূতুনীৰ কথা। যাদু-ভূত বুলিলে মিকিৰসকলৰ পেটতে হাত-ভৰি লুকায়। 

এদিনাখন গােটেই মিকিৰসমাজে লগ লাগি দলাপী ভূতুনীৰ হাতৰপৰা নিষ্কৃতি পাবলৈ দিহা কৰি সেই উদ্দেশ্যেৰে এখন মেল পাতিলে। তাত দলাপীৰ মাক-বাপেক আৰু গাঁৱৰ বােৱাৰী-জীয়ৰীও উপস্থিত আছিল। 

তেতিয়া বাংঠায়ে বিচাৰ আৰম্ভ কৰিলে আৰু দলাপীয়ে তেনেকৈ দেখা পােৱাটো সঁচা হয়নে নহয় মাক বাপেক আৰু দলাপীক সুধিলে। মাক-বাপেকে সঁচা কথাকে কলে। কাৰণ মিকিৰসকলে জীৱটো গলেও মিছা কব নােৱাৰিছিল। যেতিয়া বাপেক-মাকৰ মুখৰপৰাই প্রমাণ হ’ল, তেতিয়া দলাপীক হাবিত মেলি দি আহিবলৈ সকলােৱে ৰায় দিলে। 

পিচত দলাপীয়ে নিজৰ কপালকে ধিয়াই হিয়া-মূৰ ভুকুৱাই কান্দি কান্দি গ'ল। সেই চাৰিজন মানুহে দলাপীক এটা ওখ শিলত তুলি দি তাতে এৰি গুচি আহিল। দলাপীয়ে তাতে কান্দি কাতি হেম্আৰনামক সুঁৱৰি সুঁৱৰি ৰাতিটো কটালে। পুৱতি নিশা হেম্আৰনামে তাইৰ দুখত দুখী হৈ তাইক বৰ দি এজনী চৰাইলৈ ৰূপান্তৰিত কৰিলে। যদিও তাই ভগৱানৰ কৃপাত চৰাইলৈ ৰূপান্তৰিত হ'ল, তথাপি মাক-বাপেকৰ কথা মনত পৰি এতিয়াও তাই ৰাতি নিজান বননি গহীন কৰি বিলাপৰ সুৰেৰে ‘অ-ঐ অ-ঐ' কৰি মাক-বাপেকক আৰু তাইৰ লগৰীয়াবােৰক মাতি ফুৰে। 

তাইক ভূতুনী বুলি সকলােৱে বিশ্বাস কৰিছিল, আৰু তায়েই যে হেম্আৰনামৰ কৃপাত চৰাই হ’ল সেই কথাও ৰাইজে বিশ্বাস কৰিলে, কাৰণ তাৰ আগতে তেনেকুৱা চৰাই নাছিল। সেই চৰাইজনীয়ে মাতিলেই গাঁৱত অমংগল হয় বুলি মিকিৰ সমাজে আজিও ভয় কৰে। আই অ’-ঐ’ মাত শুনিলে মিকিৰসকলে বিপদৰ আগজাননী বুলি ভাবে। এনেকৈয়ে পৃথিৱীত যম-ডাকিনী চৰাইৰ জন্ম হ’ল। আজিও আজলী মিকিৰ জীয়ৰীয়ে মনৰ বেজাৰত চিঞৰি ফুৰে গহীন বননি কঁপাই।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment