Sunday, April 19, 2026
0 Shares

ফেঁচাৰ সাধু (উখুক মান ফান)

অতি পুৰণি কালৰ কথা। এখন ডাঙৰ হাবিত বহুত চৰাই আৰু জন্তুৱে একেলগে বাস কৰিছিল। এটা ফেঁচাই বান্দৰ এটাৰ সৈতে বন্ধু পাতিছিল। এদিন সেই ফেঁচাটোৱে তাৰ বন্ধু বান্দৰক মৌ বাহ এটাৰপৰা জুই আনিবলৈ পঠালে। বান্দৰটোৱে জুই আনিবলৈ বুলি মৌৰ বাহত হাত দিওঁতেই তাক মৌৱে কামুৰি সাং কৰিলে। বিষত তত নেপাই বান্দৰটোৱে খুব কান্দিবলৈ ধৰিলে। ওচৰৰে গছ এজোপাত উঠি কেৰ্কেটুৱা এটাই গুটি খাই আছিল। বান্দৰক কন্দা দেখি কেৰ্কেটুৱাই গছৰ গুটি এটা বান্দৰৰ গালৈ দলি মাৰি পঠিয়ালে। গুটিটো বান্দৰৰ গাত নেলাগি মাটিত শুই থকা সাপ এটাৰ মুৰত পৰিল। গুটিটো মূৰত পৰাত সাপটোৱে দুখ পাই সেই ঠাইৰপৰা আঁতৰি গৈ এটা গাঁতৰ ওচৰ পালেগৈ। সেই গাঁতটোৰ ওচৰতে বনৰীয়া গাহৰি এটা আছিল। সাপটোক দেখি গাহৰিটোৱে ভয় খাই লৰ মাৰিলে। লৰ মাৰোঁতে বাটতে এজোপা কলগছ পাই গাহৰিটোৱে খঙতে দাতেৰে খুচি কলজোপা মাটিত বগৰাই পেলালে। কলগছ জোপাতে এটা বাদুলিয়ে কল খাই আছিল। কলগছজোপা পৰি যােৱাত বাদুলীটো ভয়ত উৰি গৈ নৈৰ পাৰত কাণ কোবাই থকা হাতী এটাৰ কাণত সােমাল। হাতীটোৱে কি সােমাল বুলি ভয় খাই লৰ মাৰিলে। হাতীটো লৰি যাওঁতে তাৰ ভৰিত লাগি ডাঙৰ শিল এটা পাহাৰৰপৰা খহি গৈ বাগৰি বাগৰি নৈখনত পৰিল গৈ। নৈৰ পানী যুৱলিত বুচিয়া নামৰ সৰু চৰাই এটাই মাছ খাবলৈ বুলি জোপ লৈ আছিল। শিলটো বাগৰি গৈ চৰাইটোৰ ঠেং এখন ভাঙিলেগৈ। ভগা ঠেং খনৰেই উৰি গৈ চৰাইটো ওচৰৰে আন এটা শিলৰ ওপৰত বহিলগৈ। ঠেংখন ভগাত খং উঠাত চৰাইটোৱে শিলটোৰ ওচৰতে ৰৈ থকা মিছা মাছ এটাৰ মুৰতে শৌচ কৰি দিলে। চৰাইটোৰ এনে অপকর্ম দেখি মিছা মাছটোৰ বৰ খং উঠিল। 

সেই ঠাইতে ভাই-ককাই এহালে পানীত মাছ ধৰিবৰ কাৰণে শিলেৰে এটা বান্ধ দি আছিল। মিছা মাছটোৱে খঙত বান্ধটো ভাঙি দিলে। ককাই ভাই হালে তেতিয়া মিছা মাছটোক সুধিলে—“আমি ইমান কষ্ট কৰি দিয়া বান্ধটো কিয় ভাঙিলি? মাছটোৱে কলে—মােৰ মুৰত চৰাইটোৱে শৌচ কৰি দিয়াত খঙতে ভাঙি দিলো। তেতিয়া ককাই ভাই দুয়ােটাই চৰাইটোৱে কিয় শৌচ কৰি দিলে সুধিলে। চৰাইটোৱেও সেইদৰে শিলটোৱে তাৰ ঠেং ভঙাৰ কথা কলে। এইদৰে শিল, হাতী, বাদুলি, গাহৰি আদি সকলােকে সুধি সুধি ককাই ভাই দুটাই আৰু বাকী সকলাে জন্তু গৈ ফেঁচাটোৰ ওচৰ পালেগৈ। ফেঁচাটোৱে জুই আনিবলৈ পঠোৱাৰ কাৰণেই সকলাে অঘটন ঘটিবলৈ পালে বুলি ফেঁচাৰ ওপৰত দোষাৰােপ কৰিলে আৰু সকলােৱে ফেঁচাৰ মুৰত কোবাবলৈ ধৰিলে। মাৰোঁতে মাৰোতে ফেঁচাৰ গাটো সৰু হৈ গ'ল আৰু মূৰটো ডাঙৰ হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment